আইজাক নিউটন
ছাৰ আইজাক নিউটন (২৫ ডিচেম্বৰ ১৬৪২ – ২০ মাৰ্চ ১৭২৬/২৭[টোকা 1]) আছিল এগৰাকী ইংৰাজ বহুবিশাৰদ ( polymath), আৰু তেখেত এগৰাকী গণিতজ্ঞ, পদাৰ্থবিদ, জ্যোতিৰ্বিজ্ঞানী, অপৰসায়নবিদ (alchemist), ধৰ্মতাত্ত্বিক, আৰু লেখক হিচাপে অৱদান আগবঢ়াই গৈছে। তেখেতৰ জীৱদ্দশাত তেওঁক প্ৰকৃতি দাৰ্শনিক (natural philosopher) বুলি অভিহিত কৰা হৈছিল।[8] নিউটন আছিল বৈজ্ঞানিক বিপ্লৱ (Scientific Revolution) আৰু আলোকিত যুগৰ (Age of Enlightenment) এক অন্যতম হোতা।[9] নিউটনৰদ্বাৰা ৰচিত ‘প্ৰিন্সিপিয়া’ ( Philosophiæ Naturalis Principia Mathematica (Mathematical Principles of Natural Philosophy)), ১৬৮৭ চনত প্ৰথম প্ৰকাশিত, নামৰ গ্ৰন্থখনিয়ে পদাৰ্থবিজ্ঞান প্ৰথম একীকৰণ সমাধা কৰিছিল, (মহাকৰ্ষণ আৰু জ্যোতিৰ্বিজ্ঞানৰ একীকৰণ, যাক পদাৰ্থবিজ্ঞানৰ প্ৰথম মহৎ একীকৰণ (first great unification in physics) বোলা হয়), লগতে ধ্ৰূপদী বলবিদ্যা-ৰ প্ৰতিষ্ঠা কৰিছিল।[10][11] নিউটনে আলোকবিজ্ঞান-লৈ মহত্ত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ লগতে জাৰ্মান গণিতজ্ঞ লেইবনিজ্-ৰ সৈতে কলন গণিত-ৰ প্ৰতিষ্ঠাপনা কৰিছিল। অৱশ্যে নিউটনে কলন গণিতৰ প্ৰয়োগ লেইবনিজ্-তকৈ কেইবা বছৰৰ আগতেই কৰিছিল।[12][13] নিউটনে বৈজ্ঞানিক পদ্ধতি (scientific method)-লৈ গুৰত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ লগতে ইয়াৰ সংস্কাৰ সাধন কৰিছিল। আধুনিক বিজ্ঞানৰ অগ্ৰগতিত নিউটনৰ ভূমিকা সৰ্বোতপ্ৰভাৱী বুলি ধৰা হয়।[14][15][16][17][18] প্ৰিন্সিপিয়া গ্ৰন্থত নিউটনে গতি-ৰ সূত্ৰ আৰু মহাকৰ্ষণ-ৰ সূত্ৰৰ প্ৰণয়ন কৰে। আপেক্ষিকতাবাদৰ সূত্ৰ-ৰ প্ৰণয়নৰ আগলৈ প্ৰায় চাৰিটা শতিকা জুৰি নিউটনৰ গতি আৰু মহাকৰ্ষণ-ৰ সূত্ৰসমূহ আছিল আটাইতকৈ প্ৰভাৱী বৈজ্ঞানিক দৃষ্টিকোণ। নিউটনে মহাকৰ্ষণৰ গাণিতীক বিশ্লেষণৰদ্বাৰা কেপলাৰৰ গ্ৰহ-ৰ গতিৰ সূত্ৰ, জোৱাৰ-ভাটা, ধূমকেতুৰ গতিপথ, বিষুৱ সময়-ৰ (equinox) ক্ৰমাগত ধীৰ ৰূপান্তৰ (precession) গণনা কৰি উলিওৱাৰ লগতে সৌৰজগতৰ সূৰ্য্যকেন্দ্ৰিক ধাৰণাৰ প্ৰতি থকা সন্দেহ নস্যাৎ কৰে।[19] নিউটনে ‘দুই কায়াৰ সমস্যা’ (two body problem) সমাধান কৰে, আনহাতে ‘তিনি কায়াৰ সমস্যা’ (three body problem) প্ৰৱৰ্তন কৰে। [20] নিউটনেই দেখূৱায় যে ভূ-ভাগৰ গতি আৰু গ্ৰহ-নক্ষত্ৰৰ গতি একেই সূত্ৰৰে বন্ধা। পৃথিৱীৰ গোলকৰ স্বৰূপ সুমথিৰা-ৰ দৰে (মাজখিনি ওফোন্দা, oblate spheroid) বুলি নিউটনেই প্ৰথমে ধাৰণা কৰিছিল। ম’পেৰটিয়াছ, লা কণ্ডামিন আৰু অন্যান্য্ই ভূ-গোলকৰ জোখমাখৰ জৰিয়তে নিউটনৰ পৃথিৱীৰ আকাৰ-ৰ ধাৰণাক সঁচা প্ৰমাণিত কৰে, আৰু ইয়াৰদ্বাৰাই ইউৰোপৰ বিজ্ঞানীমহলত প্ৰচলিত ধাৰণাসমূহতকৈ নিউটনৰ বলবিদ্যাৰ শ্ৰেষ্ঠতা নিশ্চিত হয়। নিউটনেই প্ৰথম প্ৰতিফলন দূৰবীক্ষণ (Newtonian telescope) সাজি উলিয়ায়, লগতে এক পৰিশীলিত বৰ্ণ তত্ত্ব-ৰ (Color theory) ধাৰণাৰ প্ৰৱৰ্তন কৰে। নিউটনৰ বৰ্ণ তত্ত্বৰ ধাৰণাৰ বিকাশ হৈছিল প্ৰিজম-ৰ মাজেৰে বগা ৰং সমূহ দৃশ্যমান বৰ্ণালী-লৈ (visible spectrum) পৃথক হোৱাৰ পৰিঘটনাৰ পৰ্যবেক্ষণৰদ্বাৰা। আলোক সম্বন্ধীয় কৰ্মসমূহ নিউটনে তেখেতৰ সুদূৰ-প্ৰভাৱী অপ্টিক্চ (Opticks) শীৰ্ষক গ্ৰন্থত লিপিবদ্ধ কৰিছিল। এই গ্ৰন্থৰ প্ৰকাশকাল ১৭০৪ চন। নিউটনে শীতলীকৰণৰ সূত্ৰ (Newton’s law of cooling) উদ্ভাৱন কৰে। এই্ সূত্ৰ তাপ পৰিবহণ-ৰ প্ৰথম সূত্ৰ, আৰু তাপ পৰিচলন-ৰ (convective heat transfer) প্ৰথম বিধিসন্মত বুনিয়াদী সূত্ৰ।[21] নিউটনেই প্ৰথমে শব্দৰ গতি-ৰ (speed of sound) তাত্ত্বিক গণনা কৰি উলিয়ায়, আৰু নিউটনীয় তৰল (Newtonian fluid) আৰু কৃষ্ণ বস্তু-ৰ (black body) ধাৰণাৰ প্ৰণয়ন কৰে। তেখেতে বিদ্যুৎ শক্তি (electricity) সম্বন্ধীয় কিছু প্ৰাৰম্ভিক অনুসন্ধানো সম্পন্ন কৰিছিল।[22][23] বিদ্যুৎ শক্তি সম্বন্ধীয় অনুসন্ধান-ৰ বাবে নিউটনে তেখেতৰ ‘অপ্টিক্চ’ গ্ৰন্থত থকা কিছুমান ধাৰণাৰ প্ৰয়োগ কৰিছিল, যাক ধ্ৰূপদী ক্ষেত্ৰ তত্ত্ব-ৰ প্ৰথম উল্লেখ বুলি অভিহিত কৰিব পাৰি।[24] গণিতজ্ঞ হিচাপে কলন গণিতৰ আৱিষ্কাৰৰ উপৰিও নিউটনে দ্বিপদ প্ৰমেয়-ক সমূহ বাস্তৱ সংখ্যা-লৈ সাধাৰণীকৰণ, শক্তি শ্ৰেণী-ৰ (power series) বিকাশ সাধন, ফলনৰ মূল অনুমানৰ (approximating the roots of a function) নিউটনীয় পদ্ধতি, ত্ৰিঘাতীয় বক্ৰতল-ৰ (cubic plane curve) মুঠ ৭৮-টা শ্ৰেণীৰ ভিতৰত ৭২-টাৰ আৱিষ্কাৰ কৰাৰ লগতে সাংখ্যিক অৱকলন-ৰ (numerical integration) বাবে নিউটন-কোট্ছ সূত্ৰ-ৰ (Newton-Cotes Formulas) অৱতাৰণা কৰিছিল।[25] ইয়াৰ উপৰিও নিউটনে ৰিগ্ৰেছন বিশ্লেষণ-ৰ প্ৰাৰম্ভিক পদ্ধতি কিছুমানো বিকাশ কৰিছিল। [26] ছাৰ আইজাক নিউটন ট্ৰিনিটী কলেজ, কেমব্ৰিজ-ৰ ফেল’-শিক্ষক আছিল, আৰু ২৬ বছৰ বয়সত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ দ্বিতীয় লুকাছীয় অধ্যাপক (Lucasian Professor) নিৰ্বাচিত হৈছিল। নিউটন এগৰাকী নিষ্ঠাৱান খ্ৰীষ্ট ধৰ্মী আছিল যদিও ৰক্ষণশীল নাছিল, আৰু ব্যক্তিগতভাৱে ত্ৰি-তাত্ত্বিক ঈশ্বৰ-ৰ (Trinity) ধাৰণাক মানি লোৱা নাছিল। সেই কালত কেমব্ৰিজ-ৰ অধ্যাপকসকলে ল’বলগীয়া ‘চাৰ্চ অফ ইংলেণ্ড’-ৰ ‘পৱিত্ৰ আদেশ’ (holy order) ল’বলৈ অস্বীকাৰ কৰিছিল। গাণিতীক বিজ্ঞান-ৰ বাহিৰেও নিউটনে ‘অপৰসায়ন’-ৰ (alchemy) গৱেষণা আৰু ‘বাইবেলৰ সময়-সূচী’ (chronology of the Bible) নিৰ্ধাৰণৰ কামত যথেষ্ট সময় খৰচ কৰিছিল। অপৰসায়ন আৰু বাইবেল-ৰ ওপৰত নিউটনৰ গৱেষণা আৰু লিখনী তেখেতৰ মৃত্যুৰ প্ৰায় তিনিশ বছৰ পাছতহে পোহৰলৈ আহে। ৰাজনৈতিকভাৱে নিউটন ব্ৰিটেইনৰ হুইগ পাৰ্টি-ৰ সৈতে জড়িত আছিল। ১৬৮৯-১৬৯০ আৰু ১৭০১-১৭০২ চনত চমুকৈ মুঠ দুটা বছৰৰ বাবে নিউটন ব্ৰিটেইন-ৰ সাংসদ আছিল। অৱশ্যে তেখেত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ সদস্য হিচাপে সাংসদ হৈছিল। ১৭০৫ চনত নিউটনক ‘ছাৰ’ উপাধি প্ৰদান কৰা হয়। জীৱনৰ শেহৰ তিনিটা দশক নিউটনে লণ্ডন-ত কটাইছিল, আৰু ব্ৰিটেইনৰ ৰাজকীয় টাঁকশাল-ৰ ‘ৱাৰ্ডেন’ (Warden) (১৬৯৬-১৬৯৯) আৰু ‘মাষ্টাৰ’ (Master) (১৬৯৯-১৭২৭) হিচাপে কৰ্মনিৰ্বাহ কৰিছিল। এই পদবীত তেখেতে ব্ৰিটিছ মুদ্ৰাৰ বিশুদ্ধতা আৰু নিৰাপত্তা উন্নত কৰিছিল।[27][28] ১৭০৩ চনৰ পৰা ১৭২৭ চনলৈ তেওঁ ‘ৰয়েল ছ’চাইটি’-ৰ সভাপতি হিচাপেও কৰ্মৰত আছিল। আদি জীৱনআইজাক নিউটনৰ জন্ম হৈছিল খ্ৰীষ্টমাছ-ৰ দিনটোত, ২৫ ডিচেম্বৰ ১৬৪২ (পুৰণি শৈলী অনুসৰি, নতুন শৈলী মতে ৪ জানুৱাৰী, ১৬৪৩ চন) (কেলেণ্ডাৰৰ পুৰণি আৰু নতুন শৈলীৰ বিষয়ে জানিবলৈ প্ৰথম পেৰেগ্ৰাফত থকা টোকা চাওক)। তেখেতৰ জন্ম স্থান আছিল ইংলেণ্ডৰ লিংকনছায়াৰ কাউণ্টিৰ কলষ্টাৰৱৰ্থৰ নাতিকাষৰীয়া উল্ছ্থৰ্প নামৰ সৰু এখন গাঁৱৰ উল্ছ্থৰ্প ভৱনত।[29] তেখেতৰ পিতৃৰ নামো আছিল আইজাক নিউটন। আইজাক নিউটনৰ জন্মৰ তিনি মাহ আগতে তেখেতৰ পিতৃৰ মৃত্যু হৈছিল। নিউটন আছিল সময়তকৈ আগতে জন্ম হোৱা কেঁচুৱা, সেয়ে তেখেত অকণমানি আছিল, আৰু মাকে উল্লেখ কৰিছিল যে জন্মৰ সময়ত নিউটন ইমানেই অকণমানি আছিল যে এটা ২৫০ মিলি কাপত সুমুৱাই থ’ব পৰা আছিল।[30] নিউটনৰ মাকৰ নাম আছিল হান্না আইছ্কফ (Hanna Ayscough)। নিউটনৰ তিনি বছৰ বয়সত মাকে দ্বিতীয় বিবাহত বহে, আৰু গিৰিয়েক ৰেভাৰেণ্ড বাৰ্নাবেছ স্মিথ-ৰ লগত বেলেগ ঘৰত সংসাৰ আৰম্ভ কৰে। নিউটনক মাকে আইতাক মাৰ্জেৰি আইছ্কফ-ৰ (Margery Ayscough (née Blythe)) সতে ৰাখে। নিউটনে সৎ-দেউতাকক ভাল নেপাইছিল, আৰু তেখেতৰ লগত বিয়াত বহাৰ বাবে মাককো শত্ৰুৰ চকুৰে চাইছিল। এই্ কথাৰ প্ৰমাণস্বৰূপে নিউটনে তেখেতৰ লিখনীত উল্লেখ কৰি গৈছে – ১৯ বছৰ বয়সলৈকে তেখেত কৰা পাপসমূহৰ তালিকাত, য'ত, তেওঁ মাক আৰু দেউতাকৰ লগতে তেওঁলোকে বাস কৰা ঘৰটোও জ্বলাই দিয়াৰ ভাবুকি দিছিল বুলি উল্লেখ কৰিছে।[31] দ্বিতীয় বিবাহৰ পৰা নিউটনত মাতৃৰ তিনিটা সন্তান আছিল, মেৰী, বেঞ্জামিন আৰু হান্না।[32] কিংছ স্কুল (The King’s School)বাৰ বছৰৰপৰা সোতৰ বছৰলৈ নিউটনে গ্ৰেন্থাম-ৰ কিংছ স্কুল নামৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। ইয়াতেই নিউটনে লাটিন আৰু পুৰণি গ্ৰীক ভাষা শিকাৰ উপৰিও গণিত-ৰ বুনিয়াদী শীক্ষা ভালদৰে আয়ত্ত্ব কৰিছিল। [33] ১৬৫৯ চনৰ অক্টোবৰ মাহত মাকে নিউটনক এই বিদ্যালয়ৰপৰা উলিয়াই উল্ছ্থৰ্প গা! ৱলৈ নিয়ে। ইতিমধ্যে দ্বিতীয়বাৰ স্বামীহাৰা হৈ পৰা মাকে নিউটনক খেতিৰ কামত লগাব বিচাৰিছিল, কিন্তু নিউটনে কৃষিকৰ্মক মনে-প্ৰাণে ঘৃণা কৰিছিল।[34] কিংছ স্কুলৰ প্ৰধান শিক্ষক হৈন্ৰি ষ্টোকছে মাকৰ সৈমান কৰাই আকৌ বিদ্যালয়লৈ ওভোতাই আনে। বিদ্যালয়ৰ কিছুমান উৎপতীয়া ল’ৰাক শিক্ষা দিবলৈ নিউটনে পঢ়াত মনোযোগ দিয়ে, আৰু শীৰ্ষস্থানীয় ছাত্ৰ হিচাপে পৰিগণিত হয়।[35] নিউটনে সৌৰ-ঘড়ী আৰু বায়ুকল-ৰ (windmill) আৰ্হি সঁজাত বিশেষ ব্যুৎপত্তি দেখুৱাইছিল।[36] কেমব্ৰিজ বিশ্ববিদ্যালয়১৬৬১ চনৰ জুন মাহত নিউটন কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ত্ৰিনিটি কলেজ-ত ভৰ্তি হয়। তেখেতৰ মোমায়েক ৰেভাৰেণ্ড উইলিয়াম আইছকফ আছিল কেমব্ৰিজৰ প্ৰাক্তন ছাত্ৰ, আৰু তেখেতেই নিউটনৰ বাবে উপযুক্ততাৰ প্ৰমাণ পত্ৰ লিখিছিল। কেমব্ৰিজ-ত নিউটন প্ৰথমে ‘ছাবছেইজাৰ’ ছাত্ৰ হিচাপে ভৰ্তি হৈছিল। এনে ছাত্ৰক বিশ্ববিদ্যালয়ৰপৰা খোৱা-লোৱা, ৰেহাই মাচুল আৰু অন্য ধৰণৰ সুবিধা কিছুমান দিয়া হৈছিল আৰু বিনিময়ত এনে ছাত্ৰই কিছু কাম কৰি দিব লাগিছিল। নিউটনে ‘ব্যক্তিগত পৰিচাৰক’ (valet) হিচাপে কাম কৰি দিছিল। অৱশ্যে ১৬৬৪ চনত নিউটনে এক জলপানি লাভ কৰে, আৰু ইয়াৰদ্বাৰাই আৰু চাৰিটা বছৰৰ পঢ়া শেষ কৰি ‘মাষ্টাৰ অৱ্ আৰ্টছ্’ লাভ কৰে।[37] সেইকালত কেমব্ৰিজৰ শিক্ষা ঘাইকৈ এৰিষ্টট’ল-ৰ ধাৰণাৰ আধাৰত দিয়া হৈছিল। নিউটনে সেয়া অধ্যয়ন কৰাৰ লগতে আধুনিক দাৰ্শনিক ৰেনে ডেকাৰ্ট, জ্যোতিৰ্বিজ্ঞানী গেলিলিও গেলিলেই, থমাছ ষ্ট্ৰীট-ৰ বিষয়েও অধ্যয়ন কৰিছিল। নিজৰ টোকা-বহীত সেইকালৰ ‘বলবিদ্যা দৰ্শন’-ৰ (mechanical philosophy) ওপৰত এলানি প্ৰশ্নৰ এখন তালিকা প্ৰস্তুত কৰিছিল। ১৬৬৫ চনত তেওঁ ‘দ্বিপদ প্ৰমেয়’-ৰ সাধাৰণীকৰণৰ পদ্ধতি আৱিষ্কাৰ কৰে, আৰু গণিতৰ কিছু বুনিয়াদী ধাৰণাৰো উন্মেষণ আৰম্ভ কৰে, যি পাছলৈ ‘কলন গণিত’-ৰ ৰূপ পায়। ১৬৬৫ চনত নিউটনে স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতে লণ্ডনৰ প্লেগ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সাৱধানতাৰ বাবে কেমব্ৰিজ বিশ্ববিদ্যালয় সাময়িকভাৱে বন্ধ ৰখা হয়।[38] কেমব্ৰিজত পঢ়াকালত নিউটন লেখত ল’বলগীয়া ছাত্ৰ হিচাপে পৰিগণিত হোৱা নাছিল যদিও, সেই সময়ৰ তেখেতৰ ব্যক্তিগত অধ্যয়ন আৰু তাৰ ঠিক পাছৰ কেইটামান বছৰৰ কৰ্মৰাজিক "এজন বিজ্ঞানীৰ বাবে আটাইতকৈ ঐশ্বৰ্য্যশালী আৰু উৎপাদনশীল অভিজ্ঞতা” বুলি অভিহিত কৰা হৈছে।[39] পাছৰ দুটা বছৰতে উল্ছ্থৰ্পৰ ঘৰত নিউটনে কলন গণিত, [40] আলোকবিজ্ঞান , আৰু মহাকৰ্ষণ-ৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল।[41] ১৬৬৭ চনৰ এপ্ৰিল মাহত নিউটন কেমব্ৰিজলৈ উভতি আহে আৰু একে বছৰৰে অক্টোবৰ মাহত ট্ৰিনিটি কলেজৰ ‘ফেল’’ নিৰ্বাচিত হয়। ‘ফেল’’ (fellow) কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক উচ্চস্তৰীয় শিক্ষকৰ পদবী। [42][43] ফেল’ শিক্ষকে ‘পৱিত্ৰ আদেশ’ (holy order) মানি ল’ব লাগে, লগতে তেওঁলোকক ‘এংলিকান পুৰোহিত’ (Aglican priest) হিচাপেও দীক্ষা দিয়া হয়। যদিও সেই সময়ত ‘পুনৰুদ্ধাৰ কাল’ (Stuart restoration) চলি থকাৰ বাবে বাধ্যতামূলক কৰা হোৱা নাছিল, আৰু ‘চাৰ্চ অৱ ইংলেণ্ড’-ৰ প্ৰতি আনুগাত্য থকাৰ প্ৰতিশ্ৰুতি দিলেই যথেষ্ট বুলি ধৰা হৈছিল। নিউটনে অংগীকাৰ পত্ৰত লিখিছিল, ‘ধৰ্মতত্ত্বৰ অধ্যয়ন মই এক উদ্দেশ্য হিচাপে চলাই ৰাখিম আৰু বিধিমতে ৭ বছৰৰ পাছত মই ‘পৱিত্ৰ আদেশ’ মানি ল’ম, অন্যথা মই পদত্যাগ কৰিম। ’[44] এই সময়লৈ নিউটনে ধৰ্মৰ বিষয়ে কোনো গভীৰ চৰ্চা কৰা নাছিল, কাৰণ ইয়াৰ আগেয়ে দুবাৰকৈ তেওঁ ’ঊনচল্লিছ অধ্যায়’ (Thirty-nine Articles) চুক্তিপত্ৰত চহী কৰিছিল। ’ঊনচল্লিছ অধ্যায়’ চুক্তিপত্ৰ ৰচিত হৈছিল ‘চাৰ্চ অৱ ইংলেণ্ড’-ৰ ধৰ্মীয় মতবাদৰ আধাৰত। ১৬৭৫ চনৰ পাছত আৰু বিলম্বিত কৰাৰ উপায় নাছিল, আৰু তেতিয়ালৈ নিউটনৰ অগতানুগতিক দৃষ্টিভংগীয়ে ইয়াক মানি ল’বলৈও দিয়া নাছিল।[45] নিউটনৰ বি্দ্যায়তনিক কৰ্মই সেই সময়ৰ ‘লুকাছিয়ান অধ্যাপক’ আইজাক বেৰ’-ক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। আইজাক বেৰ’-য়ে নিজৰ ধাৰ্মিক আৰু প্ৰশাসনীয় গুৰুত্ব বঢ়াবলৈও যত্নপৰ আছিল, আৰু দুই বছৰৰ পাছত বেৰ’ ট্ৰিনিটি কলেজৰ ‘মাষ্টাৰ’ (অধ্যক্ষ-ৰ সমানুপাতিক) নিৰ্বাচিত হৈছিল। স্নাতকোত্তৰ শিক্ষা সাং কৰাৰ এটা বছৰৰ পাছতে ১৬৬৯ চনত নিউটন বেৰ’-ৰ স্থানত ‘মাষ্টাৰ’ হিচাপে নিৰ্বাচিত হয়। নিউটনে যুক্তি দিছিল যে এই পদবীৰ বাবে তেখেতক ‘পৱিত্ৰ আদেশ’ গ্ৰহণ কৰাৰপৰা অব্যাহতি দিব লাগে, আৰু ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে তেখেতৰ যুক্তি মানি লৈছিল। এইদৰে নিউটন আৰু ‘ৰক্ষণশীল এংলিকান’-ৰ মাজত সংঘাত এৰাই চলাটো সম্ভৱপৰ হৈছিল।[46] ‘মাষ্টাৰ’ হিচাপে নিযুক্তি লাভৰ সময়ত নিউটনৰ বয়স আছিল ২৬ বছৰ।[47] ![]() কেমব্ৰিজৰ গণিতৰ লুকাছিয়ান অধ্যাপকে ভূগোলৰ শিক্ষাও দিব লাগিছিল।[48] ১৬৭২ আৰু ১৬৮১ চনত নিউটনে ‘জিঅ’গ্ৰাফিয়া জেনেৰেলিছ’ (Geographia Generalis) নামক গ্ৰন্থৰ দুটা পৰিশীলিত সংস্কৰণ প্ৰকাশ কৰিছিল। ১৬৫০ চনত ভূগোল-ৰ এই পাঠ্য পুথি প্ৰথম প্ৰকাশ কৰিছিল বাৰ্নহাৰ্ডাছ ভেৰেনিয়াছ-এ (Bernhardus Varenius)।[49] এইখন গ্ৰন্থত ভেৰেনিয়াছে ভূগোলৰ ধ্ৰুপদী ধাৰণাসমূহক বৈজ্ঞানিক সূত্ৰমতে বন্ধাৰ তাত্ত্বিক ভিত্তি গঢ়াৰ প্ৰয়াস কৰিছিল। ভেৰেনিয়াছে ভূগোলক বিজ্ঞান আৰু বিশুদ্ধ গণিতৰ সংমিশ্ৰণৰে পৃথিৱীৰ বৈশিষ্ট্যক সাংখ্যিক আকাৰে প্ৰকাশ কৰাৰ চেষ্টা বুলি গণ্য কৰিছিল।[48][50] নিউটনে ভূগোলৰ শিক্ষা দিয়াৰ কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায় যদিও, ১৭৩৩ চনত প্ৰকাশিত ‘জিঅ’গ্ৰাফিয়া জেনেৰেলিছ’ গ্ৰন্থৰ ইংৰাজী অনুবাদত এই কিতাপ নিউটনৰ বক্তৃতাৰ সময়ত ছাত্ৰক পঢ়িবলৈ দিয়া হৈছিল বুলি উল্লেখ আছে।[48] ‘জিঅ’গ্ৰাফিয়া জেনেৰেলিছ’ গ্ৰন্থখনি ভূগোল অধ্যয়নৰ প্ৰাচীন আৰু আধুনিক পৰম্পৰাৰ মাজৰ বিভাজন ৰেখা বুলি ধৰা হয়, আৰু নিউটনৰ সংযোজন এই বিভাজনৰ এটা বৃহৎ অংশ বুলি ভবা হৈছে।[51] ১৬৭২ চনত নিউটন ‘ফেল’ অৱ ৰয়েল ছ’চাইটি’ (Fellow of the Royal Society (FRS)) নিৰ্বাচিত হয়। ৰয়েল ছ’চাইটি (সম্পূৰ্ণ নাম: Royal Society of London for Improving Natural Knowledge) ১৬৬০ চনত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছ-ৰ দ্বাৰা স্থাপিত এক সন্মানীয় বিদ্যায়তনিক সংস্থা।[52] মধ্য জীৱনকলন গণিতকোৱা হয় যে নিউটনৰ কৰ্মৰাজিয়ে “সেই কালৰ গণিতৰ সকলো শাখাৰে নিৰ্দিষ্ট অগ্ৰগতি আনি দিছিল।” [53] গণিত বিষয়ক নিউটনৰ কৰ্মৰাজি, যাক সাধাৰণভাৱে ‘কলন গণিত’ (fluxions or calculas) বুলি জনা যায়, ১৬৬ চনৰ অক্টোবৰ মাহত প্ৰকাশিত এক লিখনীত প্ৰথমে দেখা যায়। এই লিখনী এতিয়া নিউটনৰ গণিত বিষয়ক লিখনীৰ এক অংশ হিচাপে ৰখা হৈছে।[54] তেখেতৰ আন এক গণিত বিষয়ক লেখা De analysi per aequationes numero terminorum infinitas আইজাক বেৰ’য়ে ১৬৬৯ চনৰ জুন মাহত গণিতজ্ঞজন কলিন্সলৈ প্ৰেৰণ কৰিছিল আৰু উল্লেখ কৰিছিল এই কৰ্মৰাজি ‘এক অসাধাৰণ জিনিয়াছ আৰু এই বিষয়ত বিশেষ ব্যুৎপত্তিৰ পৰিচায়ক। ’[55] পাছলৈ কলন গণিতৰ আৱিষ্কাৰৰ শ্ৰেয়-লৈ নিউটন জাৰ্মান গণিতজ্ঞ গট্ফ্ৰিড উইলহেল্ম লেইৱনিজ-ৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। এতিয়া দুয়োগৰাকীয়ে স্বাধীনভাৱে কলন গণিতৰ আৱিষ্কাৰ কৰিছিল বুলি মানি লোৱা হৈছে। দুয়োগৰাকীয়ে ব্যৱহাৰ কৰা ‘গাণিতিক সংকেত’ (mathematical notation) আছিল সম্পূৰ্ণ পৃথক। অৱশ্যে এতিয়া নিশ্চিত হৈছে যে নিউটনে লেইৱনিজ-তকৈ কেই বছৰমান আগতেই কলন গণিত আৱিষ্কাৰ কৰিছিল।[56][57] লেইৱনিজ-ৰ সংকেত বেছি সুচল বুলি কোৱা হয়, আৰু ইউৰোপৰ গণিতজ্ঞসকলে এই সংকেত গ্ৰহণ কৰি লৈছিল। ইংৰাজ গণিতজ্ঞসকলে ১৮২০ চনৰ পৰাহে লেইৱনিজ-ৰ সংকেত প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে।[58] বিজ্ঞানৰ ইতিহাসকাৰ এ. ৰূপাৰ্ট হল-ৰ মতে কলন গণিতৰ আৱিষ্কাৰক হিচাপে লেইৱনিজে কৃতিত্ব পোৱা উচিত। কিন্তু সন্দেহাতীত ভাৱে নিউটনেই প্ৰথমে কলন গণিতৰ প্ৰয়োগ কৰিছিল। তেখেতৰ মতে, [59]
হলে আৰু উল্লেখ কৰিছে যে ‘প্ৰন্সিপিয়া’ গ্ৰন্থতে নিউটনে “কিছুমান প্ৰমাণৰ বাবে অৱকলনীয় সমীকৰণৰ জৰিয়তে সমাকলন সমাধা কৰাৰ পদ্ধতি প্ৰয়োগ কৰিছিল” আৰু “এই গ্ৰন্থতে নিউটনে এনে কিছুমান পৰিমাণৰ অনুমান কৰিছিল, যাক পাছৰ কলন গণিতজ্ঞসকলে নিজৰ ন সফলতা বুলি অভিহিত কৰিব খোজে।” [60] লেইৱনিজ-ৰ কলন গণিতত ব্যৱহৃত গাণিতীক সংকেত সুচল, আনহাতে নিউটনে ব্যৱহাৰ কৰা সংকেত কিছু জটিল হ’লেও বহুচলকীয় পদ্ধতিৰ বাবে অধিক উপযুক্ত। নিউটন ব্যৱহাৰ কৰা বিন্দু সংকেত পদাৰ্থবিজ্ঞান-ত ঘাইকৈ ব্যৱহৃত হয়। ৰজাৰ পেনৰ’জ-ৰ দৰে কিছুমান বিজ্ঞানীৰ মতে ‘নিউটনৰ জ্যামিতিক পদ্ধতি চুটি আৰু শোভামণ্ডিত। এই পদ্ধতিয়ে কলন গণিতৰ গভীৰতম দিশবিলাক বুজিবলৈ সুচল কৰি তোলে। ’ গণিতজ্ঞ ভ্লাডিমিৰ আৰ্নল্ড-ৰ মতে ‘নিউটনৰ মূল লিখনী আৰু পাছত কৰা অনুবাদ তুলনা কৰিলে দেখি আচৰিত হ’বলগীয়া হয় যে নিউটনৰ মূল উপস্থাপন আছিল বেছি আধুনিক, সহজে বুজিব পৰা আৰু বহু ধাৰণা সমৃদ্ধ। নিউটনৰ জ্যামিতিক পৰিবেশনৰপৰা আঁতৰি লেইৱনিজ-ৰ ৰীতিসন্মত ৰূপত প্ৰকাশ কৰাত সেই প্ৰাঞ্জল উপস্থাপন নোহোৱা হৈ পৰে। ’[61] নিউটনৰ কলন গণিত-ত ক্ৰমে সৰু হৈ অহা অনুপাতৰ সীমিত মানৰ (limiting values of the ratios of vanishingly small quantities) ওপৰত ভিত্তি কৰি জ্যামিতিক পদ্ধতিৰ প্ৰয়োগ হৈছে। প্ৰিন্সিপিয়া গ্ৰন্থত নিউটনে এই পদ্ধতি-ৰ নাম দিছিল ‘প্ৰথম আৰু শেষ অনুপাতৰ পদ্ধতি’ (the method of first and last ratios)।[62] আৰু কিয় এই প্ৰদৰ্শন কৰিবলগীয়া হ’ল তাৰ ব্যাখ্যা দাঙি ধৰিছিল আৰু একেটা কামকে অবিভাজ্য-ৰ পদ্ধতিৰেও কৰি দেখুৱাইছিল। [63][64] এনে কাৰণতে আজিকালি ‘প্ৰিন্সিপিয়া’-ত অসীম কলন-ৰ (infinitesimal calculus) তত্ত্ব আৰু প্ৰয়োগ ভীৰ কৰি থকা বুলি কোৱা হয়। [65] আনহাতে নিউটনৰ সময়ত সমগ্ৰ গ্ৰন্থখনেই মূলত: কলন গণিতৰ বুলি অভিহিত কৰা হৈছিল। [66] ‘অসীমলৈ ক্ৰমে ক্ষুদ্ৰ হৈ অহা এটা বা ততোধিক অনুক্ৰম’ (one more orders of the infinitesimally small) পদ্ধতি ১৬৮৪ চনত প্ৰকাশিত নিউটনৰ ৰচনা De motu corporum in gyrum-ত,[67] আৰু তাৰ আগৰ দুটা দশকৰ প্ৰকাশিত কৰ্মৰাজিতো দেখা যায়। [68] ![]() মতবিৰোধ আৰু সমালোচনাৰ আশংকাত নিউটনে কলন গণিত-ৰ বিষয়ে প্ৰকাশ কৰিব বিচৰা নাছিল। [69] ছুইজাৰলেণ্ড-ৰ গণিতজ্ঞ নিক’লাছ ফাটিঅ’ দি ডুইলিয়াৰ (Nicolas Fatio de Duillier) আছিল নিউটনৰ বন্ধু আৰু ডুইলিয়াৰে ১৬৯১ চনত ‘প্ৰিন্সিপিয়া’ গ্ৰন্থৰ এটা নতুন সংস্কৰণ লিখিবলৈ আৰম্ভ কৰিছিল, আৰু লেইবনিজ-ৰ লগত যোগাযোগ কৰিছিল। [70] কিন্তু, ১৬৯৩ চনত নিউটন আৰু ডুইলিয়াৰ-ৰ মাজত আৰম্ভ হোৱা মতানৈক্যৰ বাবে প্ৰিন্সিপিয়া-ৰ নতুন সংস্কৰণ ৰচনাৰ কাম আধৰুৱা হৈ ৰয়। [71] ডুইলিয়াৰেই ১৬৯৯ চনত লেইবনিজ-ৰ বিৰূদ্ধে কুম্ভীলক বৃত্তি-ৰ অভিযোগ আনে। [72] ১৭০৮ চনত আন এগৰাকী গণিতজ্ঞজন কীল-য়েও ৰয়েল ছ’চাইটি-ৰ জাৰ্নেল-ত লেইৱনিজৰ বিৰূদ্ধে একে অভিযোগ উত্থাপন কৰে, আৰু পৰিস্থিতি অধিক বেয়ালৈ গমন কৰে। [73] এই বিবাদ ১৭১১ চনত বাৰুকৈয়ে বিয়পি পৰে যেতিয়া ৰয়েল ছ’চাইটি-য়ে দাবী কৰে যে নিউটন-হে কলন গণিতৰ প্ৰকৃত আৱিষ্কাৰক, আৰু লেইৱনিজ-ক এক ভণ্ড বুলি অভিহিত কৰে। পাছত জনা যায় যে সামৰণিত লেইৱনিজ-ৰ বিষয়ে থকা এই মন্তব্যৰ খচৰা নিউটনে নিজেই লিখিছিল। ১৭১৬ চনত লেইৱনিজ-ৰ মৃত্যু হোৱালৈ এই তিক্ত বিবাদে দুয়ো গৰাকী ব্যক্তিকে ঘেৰি ৰাখিছিল।[74] যিকোনো ঘাতলৈ ‘সাধাৰণ দ্বিপদ প্ৰমেয়’ (generalised binomial theorem) সমাধা কৰাৰ কৃতিত্ব নিউটনক দিয়া হয়। তেওঁ ‘নিউটন-ৰ অভেদ’ (Newton's identities), ‘নিউটন-ৰ পদ্ধতি’ (Newton's method) আৱিষ্কাৰ কৰিছিল, ত্ৰিঘাতীয় বক্ৰতল (দুটা চলকত তিনি মাত্ৰাৰ বহুপদলৈ)-ৰ (cubic plane curves (polynomials of degree three in two variables)) শ্ৰেণী বিভাজন কৰিছিল, সসীম প্ৰভেদ-ৰ (finite differences) তত্ত্বলৈ কেবাটাও সূত্ৰ-ৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল, যিটো নিউটনে নিজেই ‘সসীম প্ৰভেদৰ প্ৰসাৰ’-ত(finite difference interpolation) একমাত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান বুলি অভিহিত কৰিছিল।[75] নিউটন আছিল ‘বিজ’উ উপপাদ্য’-ৰ (Bézout's theorem) প্ৰথম প্ৰণেতা, তেৱেই প্ৰথমে ‘ভগ্নাংশ সূচক’ ব্যৱহাৰ কৰিছিল আৰু ‘স্থানাংক জ্যামিতি’ৰ প্ৰয়োগেৰে ‘ডায়’ফেণ্টাইন সমীকৰণ’-ৰ (Diophantine equations) সমাধান কৰিছিল। নিউটনে ঘাতাংকৰ প্ৰয়োগেৰে ‘হৰাত্মক শ্ৰেণীৰ আংশিক যোগফল’-ৰ (partial sums of the harmonic series by logarithms) অনুমান সম্ভৱ কৰিছিল, যি আছিল ‘অয়লাৰ-ৰ যোগ সূত্ৰ’-ৰ (Euler's summation formula) পূৰ্বসূৰী। তেৱেই প্ৰথমে নিশ্চয়তাৰে ‘শক্তি শ্ৰেণী’ (power series) প্ৰয়োগ কৰাৰ লগতে শক্তি শ্ৰেণীৰ বিপ্ৰতীপ ৰূপ আৱিষ্কাৰ কৰিছিল। ‘অসীম শ্ৰেণী’-ৰ ক্ষেত্ৰত নিউটনৰ কৰ্ম-ৰাজী ছাইম’ন ষ্টেভিন-ৰ দশমিক-ৰ (ষ্টেভিনৰ দশমিক) ধাৰণাৰ দ্বাৰা প্ৰেৰিত আছিল।[76] আলোক বিজ্ঞান![]()
এখন গোলকীয় আৰু এখন তল-ৰ মাজভাগত পোহৰৰ প্ৰতিফলনৰ ফলত সমাৰোপণ-ৰ (interference) দ্বাৰা এক পৰিৱৰ্তী বিন্যাস-ৰ (alternating pattern) সৃষ্ট হয়। তলদুখন এটা বিন্দুত সংযোগ হৈ থাকিলে এই বিন্যাস সমকেন্দ্ৰিক, পৰ্যায়ক্ৰমে উজ্জ্বল আৰু ক’লা আঙুঠিৰ শৃংখলা হিচাপে দেখা দিয়ে, ইয়াকেই ‘নিউটন-ৰ আঙুঠি’ (Newton’s Rings) বোলা হয়। এই্ পৰিঘটনা-ৰ প্ৰথম বৰ্ণনা দিছিল বিজ্ঞানী ৰবাৰ্ট হুক-এ, তেখেতৰ ১৬৬৫ চনৰ প্ৰকাশিত ‘মাইক্ৰ’গ্ৰাফিয়া’ (Micrographia) শীৰ্ষক গ্ৰন্ধত। কিন্তু ১৬৬৬ চনত নিউটনে এই পৰিঘটনাৰ ওপৰত চৰ্চা আৰম্ভ কৰে, আৰু ‘ৰঙৰ বিষয়ে’ (Of Colours) নামৰ এক ৰচনাত উল্লেখ কৰে। ইয়াৰ বিষয়েও নিউটন আৰু হুক-ৰ মাজত মতানৈক্য হৈছিল। ১৬৭১ চনত একে পৰিঘটনাৰ ওপৰত চৰ্চা কৰোঁতে নিউটনে এক সম্পূৰ্ণ নতুন পদ্ধতি ব্যৱহাৰ কৰিছিল। নিউটনে ‘সমূহ পাৰ্থক্য-ৰ গড় (average) উলিয়াই, সেই গড়মান-ৰপৰা প্ৰথমটো আঙুঠিৰ পাৰ্থক্য গণনা কৰি উলিয়াইছিল। ‘ এই পদ্ধতিৰে নিউটনে জোখ-মাখৰ ক্ষেত্ৰত থকা অনাকাংখিত ভুল-ৰ (noise in measurement) পৰিমাণ কমাবলৈ সক্ষম হৈছিল। এই পদ্ধতিক বৰ্তমান এক আদৰ্শ পদ্ধতি বুলি গ্ৰহণ কৰা হৈছে।[83] ১৭০০ চনত আসোঁৱাহ আঁতৰোৱাৰ এই পদ্ধতি-কে বিস্তাৰ কৰি তেওঁ ‘বিষুৱ দিন’-ৰ (equinoxes) অধ্যয়নতো ব্যৱহাৰ কৰে। ইও আছিল এক সম্পূৰ্ণ নতুন পদ্ধতি, আৰু ইয়াৰ ব্যৱহাৰৰদ্বাৰা নিউটনে গণনাৰ বাবে স্ব সংশোধিত মান পাবলৈ সক্ষম হৈছিল।[26] নিউটনে পৰিসংখ্যা বিজ্ঞান-ত ব্যৱহৃত ‘ৰিগ্ৰেছন বিশ্লেষণ’-ৰো এক আদি ৰূপ উদ্ভাৱন কৰিছিল। ট’বিয়াছ মেয়াৰ-তকৈ ৫০ বছৰ আগতেই নিউটনে এক ‘তথ্য-গোট’-ৰ (set of data) গড় উলিয়াইছিল, আৰু অৱশেষ-ৰ যোগফলক শূন্যলৈ যোগ কৰি, ৰেগৰেছন ৰেখা-ক গড়মানৰ মাজেৰে নিবলৈ সক্ষম হৈছিল। নিউটনে “দুটা সমমাত্ৰিক তথ্য-গোটৰ মাজৰ পাৰ্থক্য উলিয়াবলৈ সক্ষম হৈছিল, আৰু পক্ষপাত-ৰ (bias) দৃষ্টিৰে এটা অনুকূল সমাধান উলিওৱাৰ কথা ভাবিছিল।”[84] বৰ্ণালী-ৰ মাজৰপৰা এটা ৰঙৰ পোহৰ নিলগাই বিভিন্ন বস্তৰ ওপৰত পেলাই নিউটনে দেখুৱাইছিল যে ৰঙীন পোহৰ-ৰ ধৰ্ম সলনি নহয়। আৰু প্ৰতিফলন, প্ৰতিসৰণ বা পৰিবহণ একোৰেই মূল ৰঙক সলনি কৰিব নোৱাৰি। তেওঁ লিখিছিল যে বস্ত এটাৰ ৰং বস্তটো আৰু ইতিমধ্যে ৰঙীন পোহৰ-ৰ মাজৰ আন্তক্ৰিয়াহে, বস্তুটোৱে ৰঙৰ সৃষ্টি নকৰে। ইয়াক ‘নিউটনৰ বৰ্ণ তত্ত্ব’ (Newton’s theory of colour) বোলা হয়।[85] ![]() নিউটনে বুজিছিল যে ‘প্ৰতিসৰণ দূৰবীক্ষণ’-ত লেন্স ব্যৱহাৰ হোৱা বাবে এনে দূৰবীণত বগা পোহৰ বিক্ষিপ্ত হৈ আন ৰঙলৈ পৰিৱৰ্তিত হ’ব। এই পৰিঘটনাক ‘ৰঙীন বিচ্যুতি’ (chromatic aberration) বোলা হয়। এই আসোঁৱাহ দূৰ কৰিবলৈ তেওঁ লেন্সৰ সলনি ‘প্ৰতিফলক দাপোন’ (reflective mirror) ব্যৱহাৰ কৰি এক দূৰবীক্ষণ যন্ত্ৰ নিৰ্মাণ কৰিছিল। এনে দূৰবীক্ষণ-ক ‘নিউটনৰ দূৰবীক্ষণ’ বুলি জনা যায়। কিন্তু ইয়াৰ নিৰ্মাণৰ বাবে উপযুক্ত সামগ্ৰী আৰু নিৰ্মাণ কৌশল সহজে উপলভ্য নাছিল।[86] নিউটনে নিজেই ‘স্পেকুলাম ধাতু’-ৰ এক বিশেষ অনুপাত (speculum metal: দুই ভাগ তাম আৰু এক ভাগ টিন-ৰ মিশ্ৰ ধাতু) পিহি দাপোন সাজি লৈছিল, আৰু ইয়াৰ গুণমান নিৰূপণৰ বাবে ‘নিউটনৰ আঙুঠি’ প্ৰয়োগ কৰিছিল। ১৬৬৮ চনত তেওঁ প্ৰথমটৌ প্ৰতিফলক দূৰবীক্ষণ সাজি উলিয়াছিল।[87] এই যন্ত্ৰটো প্ৰায় আঠ ইঞ্চি দীঘল আছিল, আৰু ডাঙৰ, পৰিষ্কাৰ ছবি দেখুৱাব পাৰিছিল। ১৬৭১ চনত ‘ৰয়েল ছ’চাইটি’-য়ে এই দূৰবীক্ষণ-ৰ প্ৰদৰ্শনৰ বাবে নিউটন-ক নিমন্ত্ৰণ কৰিছিল।[88] ‘ৰয়েল ছ’চাইটি’ৰ আগ্ৰহত নিউটনে ‘ৰঙৰ বিষয়ে’ (Of Colours)[89] শীৰ্ষক ৰচনাখন প্ৰণয়ন কৰে। এই ৰচনায়েই পাছলৈ পৰিবৰ্ধিত কৰি নিউটনে ‘অপ্টিক্ছ’ (Opticks) নামেৰে প্ৰকাশ কৰে। নিউটনৰ কিছূমান ধাৰণা ৰবাৰ্ট হুকে সমালোচনা কৰাৰ বাবে বিৰক্ত হৈ নিউটনে ৰাজহুৱা বাদানুবাদৰপৰা আঁতৰি আহে। ‘ৰয়েল ছ’চাইটি’ৰ আনুষ্ঠানিক জাৰ্নেল 'ফিল'ছফিকেল ট্ৰানজেকচন্চ অৱ ৰয়েল ছ'চাইটি'-ৰ (Philosophical Transactions of the Royal Society) দায়িত্বত থকাৰ সময়ত ৰবাৰ্ট হুকে নিউটনৰ লগত কিছু সময়ৰ বাবে বাৰ্তা বিনিময় কৰিছিল। ‘ট্ৰানজেক্চনচ্’-লৈ নিউটনৰ অৱদান বিচাৰি হুকে নিউটনৰ লগত যোগাযোগ কৰিছিল।[90] অৱদান স্বৰূপে নিউটনে ‘অভিকেন্দ্ৰিক বল’ ব্যসাৰ্দ্ধ ভেক্টৰৰ বৰ্গৰ ব্যস্তানুপাতিক হোৱাৰ ফল স্বৰূপে গ্ৰহৰ কক্ষপথ উপবৃত্তাকাৰ হোৱাৰ এক প্ৰমাণ জাৰ্নেলখনৰ প্ৰকাশ কৰে। এই্ দুই মহান বিজ্ঞানীৰ মাজৰ সম্পৰ্ক হুকৰ মৃত্যুৰ দিনলৈ মধুৰ হোৱা নাছিল।[91] ![]() নিউটনৰ মতে পোহৰ আছিল কণা (particle) বা কণিকা-ৰে (corpuscle) গঠিত, আৰু ঘন মাধ্যমত এই কণাৰ গতি বৃদ্ধি পায় বাবে প্ৰতিসৰণ হোৱা দেখা যায়। পাতল ফিল্মৰ ওপৰত পোহৰে শব্দসদৃশ তৰংগৰ ৰূপত গতি কৰে বাবে প্ৰতিফলন আৰু প্ৰতিসৰণ ঘটে বুলি তেওঁ ক’ব খুজিছিল। (Opticks Bk. II, Props. 12), কিন্তু একে সময়তে কণিকা তত্ত্বও এৰি দিয়া নাছিল, আৰু ক্ষণ (fits) হিচাপে পোহৰ কণিকাৰ প্ৰতিফলন আৰু প্ৰতিসৰণ হয় বুলি কৈছিল। (Props.13)। পাছৰ পদাৰ্থবিদ সকলে পোহৰ বিশুদ্ধৰূপে তৰংগ ধৰ্মী বুলি মানি লৈছিল, আৰু ইয়াৰদ্বাৰা সমাৰোপণ আৰু অপৱৰ্তন পৰিঘটনা ব্যাখ্যা কৰিব পৰা গৈছিল। পোহৰৰ কণিকা তত্ত্বক শুদ্ধ বুলি বিবেচনা কৰিলেও্ নিউটনে ‘অপ্টিক্চ’ গ্ৰন্থত পোহৰৰ কণিকা-সদৃশ আৰু তৰংগ-সদৃশ দুয়োটা ধৰ্মই আছে বুলি উল্লখ কৰিছিল, আৰু দুয়োটাৰে মিলন ঘটোৱাৰ প্ৰথম প্ৰয়াস কৰিছিল। এয়া পোহৰৰ আধুনিক ধাৰণা ‘তৰংগ-কণা দ্বৈততা’-ৰ (wave-particle duality) প্ৰথম উন্মেষ বুলি ঠাৱৰ কৰা হয়।[92] ১৬৭৫ চনত ৰচিত ‘পোহৰৰ প্ৰকল্প’-ত (Hypothesis of Light) নিউটনে পোহৰ কণাৰ মাজত শক্তিৰ আদান-প্ৰদানৰ বাবে ইথাৰ-ৰ উপস্থিতি উল্লেখ কৰিছিল। কেমব্ৰিজৰ প্লেট’ মতাৱলম্বী দাৰ্শনিকহেনৰি মূৰ-ৰ সান্নিধ্যলৈ আহি ‘অপৰসায়ন’-ৰ (alchemy) প্ৰতি নিউটনৰ আগ্ৰহ আকৌ বৃদ্ধি পায়।[6] অপৰসায়ন-ৰ মতানুসৰি তেওঁ ইথাৰ-ৰ ধাৰণা ত্যাগ কৰি হাৰমেটিক ধাৰণা-ৰপৰা অহা কণিকাৰ মাজৰ আকৰ্ষণ আৰু বিকৰ্ষণ-ৰ গুপ্ত বল-ক ইথাৰৰ জেগাত স্থাপন কৰে। বিজ্ঞানৰ প্ৰতি থকা নিউটনৰ অৱদানক তেখেতৰ অপৰসায়নৰ প্ৰতি থকা আগ্ৰহৰ পৰা নিলগাই ৰাখিব নোৱাৰি।[6] অৱশ্যে এয়া এনেকুৱা এটা সময় আছিল য’ত অপৰসায়ন আৰু বিজ্ঞানৰ মাজত কোনো স্পষ্ট বিভাজনো নাছিল। [93][94] ১৭০৪ চনত নিউটনে ‘অপ্টিক্চ’ গ্ৰন্ধখনি প্ৰকাশ কৰি উলিয়ায়। ইয়াতে্ই নিউটনে তেখেতৰ পোহৰৰ কণিকাৰ ধাৰণা বিতংকৈ দাঙি ধৰিছিল, আৰু গ্ৰন্থখনিৰ শেহত তেওঁ এলানি প্ৰশ্নৰ অৱতাৰণা কৰিছিল। পোহৰৰ কণিকা তত্ত্বৰ আঁত ধৰি নিউটনে ভাবিছিল যে সাধাৰণ পদাৰ্থও পোহৰৰ কণিকাৰ দৰেই কিন্তু তাতকৈ স্থূল কণিকাৰে গঠিত। অপৰাসায়নিক মৌলান্তৰকৰণ-ৰ (alchemical transmutation) দ্বাৰা স্থূল পদাৰ্থক পোহৰলৈ আৰু পোহৰক স্থূল পদাৰ্থলৈ পৰিৱৰ্তন কৰিব পৰা যাব। পোহৰৰ কণিকা বস্তু এটাৰ গঠনত সোমাই পৰিলে পদাৰ্থটোৰ কাৰ্য-কলাপ (activity) বাঢ়ি নাযাবনে বুলিও তেওঁ মত পোষণ কৰিছিল।[95] কাঁচৰ গোলক এটাৰে নিউটনে এটা ক্ৰুৰ পৰ্যায়ৰ ‘ঘৰ্ষণীয় স্থিতি বিদ্যুৎ জেনেৰেটৰ’ (frictional electrostatic generator) সাজি উলিয়াইছিল। [96] ‘অপ্টিক্চ’ গ্ৰন্ধতে প্ৰথমবাৰলৈ নিউটনে প্ৰিজম এটা কেনেকৈ ‘ৰশ্মি প্ৰসাৰক’ (beam expander) হিচাপে ব্যৱহাৰ কৰিব পাৰি তাৰ চিত্ৰ দিছিল, আৰু ‘বহু-প্ৰিজম সাজোন’-ৰ (multi-prism array) ব্যৱহাৰৰ বিষয়েও উল্লেখ কৰিছিল। [97] নিউটনে উল্লেখ কৰি যোৱাৰ ২৭৮ বছৰৰ পাছত ‘সম্পূৰ্ণ ৰেখা-প্ৰস্থৰ টিউনেব্ল লেজাৰ’ (narrow-linewidth tunable lasers) নিৰ্মাণৰ বাবে ‘বহু-প্ৰিজম ৰশ্মি প্ৰসাৰক’ কেন্দ্ৰবিন্দু হিচাপে ব্যৱহৃত হৈছে। বহু-প্ৰিজম প্ৰসাৰক ব্যৱহাৰৰ বাবেই ‘বহু-প্ৰিজম বিক্ষেপন তত্ত্ব’-ৰ (multiple-prism dispersion theory) বিকাশ ঘটিছে।[97] নিউটনৰ পাছত বহুতো সংশোধন আৰু সাল-সলনি ঘটিছে। যেনে, থমাছ ইয়ং (Thomas Young) আৰু অগষ্টিন-জঁ ফ্ৰেছনেল-এ নিউটনৰ কণিকা তত্ত্ব পৰিহাৰ কৰি ‘হাইজেন-ৰ তৰংগ তত্ত্ব’-ৰে দেখুৱাবলৈ সক্ষম হয় যে ৰঙ হৈছে পোহৰৰ দৃশ্যমান তৰংগদৈৰ্ঘ্য মাত্ৰ। ‘ৰঙৰ বোধ’ (perception of colour) আৰু গাণিতীক আলোক বিজ্ঞানৰ পাৰ্থক্যও বিজ্ঞানে লাহে লাহে বুজি আহিছে। জাৰ্মান কবি আৰু বিজ্ঞানী গ্যেটে-ই নিউটনৰ মূল বুনিয়াদ লৰাব নোৱাৰিলেও, এটা সৰু ফাঁট বিচাৰি পাইছিল--নিউটনে মানিছিল যে ৰঙ অবিহনে প্ৰতিসৰণ হ’ব নোৱাৰে, সেয়ে লেন্স-যুক্ত দূৰবীক্ষণ কেতিয়াও নিঁখুট হ’ব নোৱাৰিব, যিহেতু ‘ৰঙীন বিচ্যুতিহীনতা’ (achromatism) আৰু ‘প্ৰতিসৰণ’ একেলগে সম্ভৱেই নহয়। নিউটনৰ এই অনুমান বিজ্ঞানী জন ড’লেণ্ড-এ ভুল বুলি প্ৰমাণ কৰিছিল।[98] ![]() মহাকৰ্ষণ![]() ১৬৬৫ খ্ৰীষ্টাব্দৰপৰাই নিউটনে মহাকৰ্ষণৰ তত্ত্বৰ বিকাশৰ কাম আৰম্ভ কৰিছিল। [41][99] ১৬৭৯ চনত নিউটনে ‘দৈৱিক বলবিদ্যা’-ৰ (celestial mechanics) ওপৰত পুনৰাই গৱেষণা আৰম্ভ কৰে। ‘কেপলাৰৰ তত্ত্ব’-ৰ (Kepler’s Law) প্ৰসংগেৰে গ্ৰহকেইটাৰ কক্ষপথক তেওঁ মহাকৰ্ষণৰ প্ৰভাৱেৰে বিচাৰ কৰিছিল। ১৬৭৯-৮০ চনৰ সময়চোৱাত নিউটন আৰু ৰবাৰ্ট হুক-ৰ মাজত হোৱা চিঠিৰ বিনিময় এই কৰ্মৰ মুখ্য কাৰক স্বৰূপ আছিল। হুকে ‘ৰয়েল ছ’চাইটি’-ৰ জাৰ্নেল ‘ফিল’ছফিকেল ট্ৰান্জেক্চনচ্ অৱ ৰয়েল ছ’চাইটি’-লৈ নিউটনৰ বৰঙণি বিচাৰি যোগাযোগ কৰিছিল।[100][90] মহাকাশ সম্বন্ধীয় অধ্যয়নলৈ নিউটনৰ আগ্ৰহ জগাৰ আন এটা কাৰণ আছিল ১৬৮০-৮১ চনৰ শীতকালত দৃশ্যমান হোৱা এটা ধূমকেতু। এই ধূমকেতু-ৰ বিষয়ে নিউটনে জ্যোতিৰ্বিজ্ঞানী ‘জন ফ্লেমষ্টীড-ৰ (John Flamsteed) সৈতে যোগাযোগ ৰাখিছিল।[101] ৰবাৰ্ট হুকৰ সৈতে হোৱা যোগাযোগৰ পাছত, নিউটনে প্ৰমাণ কৰিছিল যে গ্ৰহসমূহে উপবৃত্তাকাৰ কক্ষপথেৰে গতি কৰাৰ মূল কাৰণ হৈছে কেন্দ্ৰাভিমুখী বল, ‘ব্যসাৰ্দ্ধ ভেক্টৰ’ৰ বৰ্গৰ ব্যস্তানুপাতীক। নিউটনে এই ফলাফল গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী এডমণ্ড হেলী-লৈ (Edmond Halley) প্ৰেৰণ কৰাৰ লগতে ‘ডি মট্যু কৰ্প’ৰাম ইন গাইৰাম’ (De motu in corporum in gyrum) শীৰ্ষক ন পৃষ্ঠাৰ এক পুস্তিকা হিচাপে ‘ৰয়েল ছ’চাইটি’-লৈ প্ৰেৰণ কৰিছিল। ইয়াক ৰয়েল ছ’চাইটিৰ পঞ্জীয়ন বহীত ১৬৮৪ চনৰ ডিচেম্বৰ মাহত প্ৰতিলিপি কৰি ৰখা হৈছিল।[102] এই পুস্তিকাখনত বৰ্ণিত ধাৰণাক মূলাধাৰ হিচাপে লৈ ইয়াৰ বিকাশসাধন আৰু পৰিৱৰ্ধনৰ দ্বাৰা নিউটনে ‘প্ৰন্সিপিয়া’ গ্ৰন্থ ৰচনা কৰে। . এডমণ্ড হেলীৰ উদগনি আৰু আৰ্থিক সহায়ৰ যোগেদি ১৬৮৭ চনৰ ৫ জুলাই তাৰিখে ‘প্ৰন্সিপিয়া’ গ্ৰন্থ প্ৰকাশ পায়। এই গ্ৰন্থতে নিউটনে ‘গতিৰ তিনিটা সৰ্বজনীন সূত্ৰ’ (three universal laws of motion) দাঙি ধৰে। এই্ তিনিটা সূত্ৰই দুটা বস্তুৰ মাজৰ সম্পৰ্ক, ইয়াৰ ওপৰত কাৰ্যকৰী সমূহ বল আৰু ফলশ্ৰুতিত সৃষ্টি হোৱা গতি-ক বৰ্ণনা কৰি ধ্ৰপদী বলবিদ্যা-ৰ ভেঁটি স্থাপন কৰিছিল। শিল্প বিপ্লৱ-ৰ (Industrial Revolution) বহুতো গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ মূল ভেঁটি আছিল এই তিনিটা গতি-সূত্ৰ। পাছৰ ২০০ বছৰৰো বেছি সময় এই গতি-সূত্ৰৰ কোনো সাল-সলনি হোৱা নাছিল। আপেক্ষিকতাবাদ-ৰ আওতাৰ বাহিৰৰ বহু প্ৰযুক্তিৰ বাবে এতিয়াও নিউটনৰ গতি-সূত্ৰ-কেই ব্যৱহাৰ কৰা হয়। যিকোনো বস্তুৰ আন বস্তুক টানিব পৰা ধৰ্মক বুজাবলৈ নিউটনে লেটিন ভাষাৰ ‘গ্ৰেভিটাছ’ (gravitas) (অৰ্থ: ওজন) শব্দটো ব্যৱহাৰ কৰিছিল যাক পাছলৈ ‘gravity’ (অসমীয়া: মহাকৰ্ষণ) বোলা হয়, আৰু নিউটনেই ‘সৰ্বজনীন মহাকৰ্ষণ’-ৰ সূত্ৰ সংজ্ঞাবদ্ধ কৰিছিল।[103] একেখন গ্ৰন্থতে, নিউটনে ‘প্ৰথম আৰু অন্তিম অনুপাত’-ৰ ব্যৱহাৰ কৰি জ্যামিতিক বিশ্লেষণৰ এক কলন গণিত সদৃশ পদ্ধতি উপস্থাপন কৰিছিল, প্ৰথম বাৰৰ বাবে বয়লৰ সূত্ৰ (Boyle's law) ব্যৱহাৰ কৰি বিশ্লেষণাত্মক পদ্ধতিৰে বায়ুৰ মাজেৰে শব্দৰ বেগ নিৰ্ণয় কৰিছিল, পৃথিৱী গোলকৰ আকাৰ মাজখিনি ওফোন্দা (সুমথিৰাৰ দৰে) (oblate spheroid) বুলি ঠাৱৰ কৰিছিল, পৃথিৱী গোলকৰ সুমথিৰা আকাৰত চন্দ্ৰৰ মাধ্যাকৰ্ষণৰ প্ৰভাৱত হোৱা বিষুৱ সময়-ৰ (equinox) ক্ৰমাগত ধীৰ ৰূপান্তৰ (precession) গণনা কৰিছিল, চন্দ্ৰৰ গতিৰ অনিয়মিতা-ৰ ওপৰত মাধ্যাকৰ্ষণীয় প্ৰভাৱৰ গণনা আৰম্ভ কৰিছিল, ধূমকেতুৰ কক্ষপথ গণনাৰ বাবে এক তত্ত্বৰ প্ৰণয়ন কৰাৰ উপৰিও আন বহুতো দিশলৈ আঙুলিয়াই দিছিল।[103] নিউটনৰ জীৱনীকাৰ ডেভিড ব্ৰিউষ্টাৰ-এ উল্লেখ কৰিছে যে মাধ্যাকৰ্ষণৰ তত্ত্বক চন্দ্ৰৰ গতি নিৰ্ণয়ৰ বাবে কৰা গণনা ইমানেই জটিল আছিল যে ই নিউটনৰ স্বাস্থ্যতো প্ৰভাৱ পেলাইছিল, ১৬৯২-৯৩ কালচোৱাত এই গণনাৰ কাৰ্যৰ সময়ত ‘[নিউটনে] টৌপনি আৰু ভোক-পিয়াহ পাহৰি পেলাইছিল। ’ নিউটনে জ্যোতিৰ্বিজ্ঞানী জন মাকিন-ৰ (John Machin) আগত কৈছিল, ‘এই কামত ব্ৰতী হোৱাৰ আগলৈ তেওঁৰ কেতিয়াও মূৰ বিষোৱা নাছিল! ’ ব্ৰিউষ্টাৰে উল্লেখ কৰা মতে, এডমণ্ড হেলীয়ে ব্ৰিটিছ ৰাজনীতিবিদ আৰু নিউটনৰ ভাগিনী-জোঁৱাই জন কনডুইট-ক হেনো কৈছিল, নিউটনক এই গণনাৰ কাম শেষ কৰিবলৈ তাগিদা দিলেই তেওঁ হেনো সদায়ে কৈছিল, ‘এই কামে তেওঁৰ মূৰৰ বিষ তুলিছিল, আৰু ‘’প্ৰায়ে এনেকৈ টোপনি হৰিছিল যে তেওঁ হেনো শোৱাৰ চিন্তাই বাদ দিছিল। ‘’’[104] নিউটনে সূৰ্য্য-কেন্দ্ৰিক সৌৰজগত-ৰ (heliocentric Solar System) ধাৰণা স্পষ্টভাৱে উল্লেখ কৰিছিল। আধুনিক ধৰণে গণনা কৰি ১৬৮০ চনৰ মাজভাগত তেওঁ পাইছিল যে সৌৰজগতৰ ভাৰ কেন্দ্ৰ-ৰ পৰা সূৰ্য্যৰ স্থান কিছু নিলগত।[105] নিউটনৰ মতে সৌৰজগতৰ ভাৰ কেন্দ্ৰ-ত সূৰ্য বা আন কোনো স্থিৰ বস্তু থকা বুলিব নোৱাৰি, কাৰণ ‘পৃথিৱী, সূৰ্য্য আৰু অন্যান্য গ্ৰহক সাঙুৰি যিটো সামূহিক ভাৰ কেন্দ্ৰ পোৱা যায়, তাক হে এই জগতৰ কেন্দ্ৰ বোলা উচিত.’ আৰু এই ভাৰ কেন্দ্ৰ ‘স্থিৰো থাকিব পাৰে বা এক সুষম ৰেখাৰে গতি কৰি থাকিবও পাৰে। ’ (নিউটনে ‘স্থিৰ থকা’ বুলি এটা বিকল্প ৰাখিছিল, কাৰণ সেই সময়ৰ সাধাৰণ বিশ্বাস আছিল যে সৌৰ জগতৰ কেন্দ্ৰ বিন্দু য’তেই নাথাকক, ই এটা স্থিৰ বিন্দু। )[106] নিউটনৰৰ সূত্ৰই বৃহৎ দূৰত্বৰ মাজেৰে কাৰ্ কৰিব পৰা এক অদৃশ্য শক্তিৰ অৱতাৰণা কৰাৰ বাবে নিউটন-ক ‘অলৌকিক শক্তি’-ৰ পোষকতা কৰা বুলি সমালোচনা কৰা হৈছিল। [107] ‘প্ৰিন্সিপিয়া’ৰ দ্বিতীয় সংস্কৰণত (১৭১৩) নিউটনে এই সমালোচনা সমূলি নাকচ কৰি ‘জেনেৰেল স্ক’লিয়াম’ (General Scholium) শীৰ্ষক এক সামৰণি অধ্যায় সংযোজন কৰিছিল। নিউটনে লিখিছিল, তেওঁ বৰ্ণনা কৰা পৰিঘটনাই মহাকৰ্ষণৰ অৱস্থিতি নিৰ্দেশ কৰিছে, কিন্তু এই্ পৰিঘটনাই ইয়াৰ কোনো কাৰণ দাঙি ধৰিব নোৱাৰে। এই্ পৰিঘটনাই আঙুলিয়াই নিদিয়া কোনো বস্তুৰ বিষয়ে ‘ধাৰণা/ প্ৰকল্প’ (hypothesis) আগবঢ়োৱাটো অপ্ৰয়োজনীয় আৰু অনুচিত। (ইয়াতেই নিউটনে বিখ্যাত উক্তি ‘hypotheses non fingo’ (‘’I frame no hypothesis: মই কোনো প্ৰকল্প আগনবঢ়াওঁ’’) ব্যৱহাৰ কৰিছিল। )[108]) ‘’প্ৰিন্সিপিয়া’’ৰ প্ৰকাশৰ পাছত নিউটনৰ পাণ্ডিত্য আন্তৰ্জাতিকভাৱে বিয়পি পৰে,[109] আৰু বহুতো বিজ্ঞানী নিউটনৰ গুণমুগ্ধ হৈ পৰে। এনে এগৰাকী গণিতজ্ঞ আছিল ছুইজাৰলেণ্ডৰ ‘নিক’লাছ ফাটিঅ’ ডি ডুইলিয়াৰ’। লেইৱনিজ আৰু নিউটনৰ মাজত কলন গণিত-ৰ আৱিষ্কাৰক লৈ হোৱা বিবাদত ডুইলিয়াৰে নিউটনৰ পক্ষে থিয় দিছিল।[110] ১৭১০ চনত, ত্ৰিঘাতীয় বক্ৰতল-ৰ ৭৮-টা মূলৰ ৭২-টা মূল আৱিষ্কাৰ কৰে আৰু ইয়াক চাৰিটা শ্ৰেণীত ভাগ কৰে। [111] ১৭১৭ চনত, জেম্ছ ষ্টাৰলিং-এ দেখুৱায় যে প্ৰতিখন ত্ৰিঘাতীয় বক্ৰতল নিউটনে কৰি যোৱা চাৰিটা শ্ৰেণীৰ ভিতৰত পৰে। এই প্ৰমাণ আগবঢ়াওঁতে সম্ভৱত: নিউটনে ষ্টাৰলিং-ক সহায় কৰিছিল। নিউটনে আৰু দাবী কৰিছিল যে এই্ চাৰিটা শ্ৰেণী তাৰে একোটাৰ ‘সমতলীয় প্ৰক্ষেপণ’-ৰ দ্বাৰা (plane projection) পাব পাৰি। নিউটনৰ এই দাবী তেখেতৰ মৃত্যুৰ চাৰি বছৰ পাছত সঁচা প্ৰমাণিত হয়।[112] বৈজ্ঞানিক দৰ্শন‘প্ৰিন্সিপিয়া’ গ্ৰন্থৰ দ্বিতীয় সংস্কৰণৰপৰা নিউটনে এটা সামৰণি অধ্যায় সন্নিবিষ্ট কৰিছিল য’ত তেওঁ বৈজ্ঞানিক দৰ্শন বা বৈজ্ঞানিক পদ্ধতিৰ আলোচনা কৰিছিল। ইয়াতে্ই তেওঁ বিখ্যাত উক্তি ‘hypotheses non fingo’ উল্লেখ কৰিছিল। লেটিন ভাষাৰ এই উক্তিৰ অনুবাদ হয় ‘মই কোনো প্ৰকল্প আগনবঢ়াও’ (‘I frame no hypothesis’, fingo->frame)। প্ৰকৃততে নিউটনে বিজ্ঞানত কোনো ‘প্ৰকল্প’ (hypothesis) অনুমান কৰি লৈ কাম কৰাৰ বিৰোধিতা কৰিছিল। তেওঁ কৈছিল যদি কোনো লব্ধফল ব্যাখ্যা কৰিবলৈ কোনো তথ্য পোৱা নাযায়, তেনে স্থলত অনুমান কৰি ব্যাখ্যা আগবঢ়োৱাতকৈ তথ্য হাতত পৰালৈ অপেক্ষা কৰাটৌ যুগুত। তেখেতৰ সম্পূৰ্ণ উক্তি আছিল, “মই এতিয়ালৈ মহাৰ্ষণ পৰিঘটনাৰপৰা ইয়াৰ কাৰণ উলিয়াব পৰা নাই, আৰু মই কোনো প্ৰকল্প-ও আগনবঢ়াও। কাৰণ পৰিঘটনাৰপৰা যাক পাব নোৱাৰি তাকেই প্ৰকল্প বোলা হয়; আৰু কোনো প্ৰকল্প-ৰ, সি ভৌতিক হওক বা অধিভৌতিক, যান্ত্ৰিক হওক বা অলৌকিক, পৰীক্ষামূলক দৰ্শনত স্থান নাই। এই বিজ্ঞানত প্ৰস্তাৱিত ব্যাখ্যা আহৰণ কৰা হয় পৰিঘটনা-টোৰ অনুসন্ধানৰপৰা, আৰু পাছত যুক্তিৰে ইয়াক সাধাৰণ ৰূপ দিয়া হয়। সেয়ে, এই্ পদ্ধতিৰেই দুটা বস্তুৰ স্থানিক দুৰ্ভেদ্যতা (দুটা বেলেগ বেলেগ বস্তু একেসময়তে একে স্থানত থাকিব নোৱাৰে), বস্তুৰ গতি, বস্তু এটাক গতি দিয়া বল, আৰু গতিৰ সূত্ৰ আৰু মহাকৰ্ষণৰ আৱিষ্কাৰ হৈছে। আৰু আমাৰ কাৰণে এই কণেই যথেষ্ট যে মহাকৰ্ষণৰ অস্তিত্ব বাস্তৱিকতে আছে, আৰু এই্ মহাকৰ্ষণে আমি ব্যাখ্যা কৰা সূত্ৰসমূহ মানি চলে, আৰু এই্ সূত্ৰসমূহে আকাশৰ সকলো বস্তু আৰু আমাৰ সাগৰৰ গতি ব্যাখ্যা কৰিব পাৰে।”[64] নিউটন সঁচাকৈ সম্পূৰ্ণৰূপে প্ৰকল্প-বিদ্বেষী হৈ পৰিছিলনে সেয়া সন্দেহাতীত নহয়, কাৰণ প্ৰিন্সিপিয়াৰ প্ৰথম কেইটামান সংস্কৰণত অধ্যায়সমূহ প্ৰকল্প হিচাপে ভগোৱা হৈছিল। কিন্তু, তেওঁ পাছলৈ প্ৰকল্প পৰিবেশনৰ পৰা আঁতৰি আহিছিল, আৰু ‘অপটিক্ছ’-ত তেওঁ লিখিছিল “পৰীক্ষামূলক বিজ্ঞানত প্ৰকল্পৰ কোনো স্থান নাই।”[উদ্ধৃতিৰ প্ৰয়োজন] এই ধাৰণা ফ্ৰান্সিছ বেকন-ৰ (Francis Bacon) বৈজ্ঞানিক দৰ্শনৰ সৈতে খাপ খোৱা। বেকনে-ও তথ্য-নিৰ্ভৰ আৰু ‘ইন্ডাক্টিভ’ পদ্ধতিৰে বিজ্ঞান পৰিচালিত হোৱাটো বিচাৰিছিল। শেষ জীৱনৰাজকীয় টাকশাল![]() ১৬৯০ চনত নিউটনে বাইবেল-ৰ আক্ষৰিক আৰু প্ৰতীকী ব্যাখ্যাৰে এলানি ৰচনা লিখিছিল। তাৰে এখন ৰচনা তেওঁ দাৰ্শনিক আৰু চিকিৎসক জন লক-লৈ (John Locke) প্ৰেৰণ কৰিছিল, য’ত নিউটনে জন-ৰ বাইবেল (১জন ৫:৭) (জ’হেনাইন ক’মা (Johanine Comma) বুলিও জনা যায়) বিশ্বস্ততা সম্বন্ধে প্ৰশ্ন তুলিছিল, আৰু মূল নৱ পুস্তিকা-ৰ লগত পাৰ্থক্য দাঙি ধৰিছিল। এই ৰচনাখন ১৭৮৫ চনলৈ অপ্ৰকাশিত আছিল।[113] ১৬৮৯ আৰু ১৭০১ চনত নিউটন কেমব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা ‘ইংলেণ্ডৰ সংসদ’-ৰ সভ্য আছিল। কিন্তু কিছু বিৱৰণীৰ মতে সংসদত নিউটনৰ একমাত্ৰ মন্তব্য আছিল কোঠালৈ অহা ঠাণ্ডা বতাহৰ বাবে আপত্তি দৰ্শাই খিৰিকী এখন বন্ধ কৰিবলৈ অনুৰোধ জনোৱাটো।[114] কেমব্ৰিজ-ৰ দীনপঞ্জী লিখক এব্ৰাহাম দি লা প্ৰাইম-এ্ (Abraham de la Pryme) উল্লেখ কৰি গৈছে নিউটনে এবাৰ ছাত্ৰ কিছূমানক গালি দিছিল, কাৰণ ছাত্ৰসকলে এটা ঘৰত ভূত থকা বুলি কৈ স্থানীয় মানুহক ভয় খুৱাই ফুৰিছিল। [115] ১৬৯৬ চনত ৰজা তৃত্বীয় উইলিয়াম-ৰ ৰাজত্বকালত নিউটনে লণ্ডনত থাকিবলৈ লয়, আৰু ৰাজকীয় টাঁকশাল-ৰ ৱাৰ্ডেন নিযুক্ত হয়। এই পদবীৰ বাবে নিউটনৰ পৃষ্ঠপোষকতা কৰিছিল ৰাজকোষৰ উপাচাৰ্য্য হেলিফেক্সৰ প্ৰথম আৰ্ল (1st Earl of Halifax) চাৰ্লছ মণ্টেগু-ৱে (Charles Montague)। নিউটনে ইংলেণ্ড-ৰ মুদ্ৰাসংস্কাৰৰ দায়িত্ব লৈছিল, আৰু টাঁকশাল-ৰ গভৰ্নৰ লৰ্ড লুকাছ-ৰ সতে তাল মিলাই কাম কৰিছিল। ১৬৯৬ চনত আৰম্ভ হোৱা মুদ্ৰাসংস্কাৰ-ত কালত ইংলেণ্ডৰ পুৰণি হোৱা, ভঙা আৰু নকল মুদ্ৰা-ক সলনি কৰি নতুন, মানক মুদ্ৰা তৈয়াৰ কৰা হৈছিল। নিউটনে এডমণ্ড হেলী-ক চেষ্টাৰ-ত অৱস্থিত টাঁকশালৰ অস্থায়ী শাখা-ৰ ‘উপ হিচাপ নিৰীক্ষক’ (deputy comptroller) হিচাপে নিযুক্ত কৰিছিল। মুদ্ৰাসংস্কাৰৰ কাম সুচাৰুৰূপে সমাধা কৰিবলৈ চেষ্টাৰ-ত এটা অস্থায়ী টাঁকশাল স্থাপন কৰা হৈছিল। ১৬৯৯ চনত থমাছ নীল-ৰ মৃত্যুৰ পাছত নিউটনক ইংলেণ্ড-ৰ ৰাজকীয় টাঁকশাল-ৰ জ্যেষ্ঠতম পদবী ‘মাষ্টাৰ’ (Master of the Mint) হিচাপে নিযুক্তি দিয়া হয়। মৃত্যুৰ দিনলৈ জীৱনৰ শেহৰ ৩০টা বছৰ নিউটন এই পদবীত নিযুক্ত হৈ থাকে।[116][117] এই পদবী মূলত: আলংকাৰিক আছিল আৰু কোনো বিশেষ দায়িত্ব আশা কৰা হোৱা নাছিল। কিন্তু নিউটনে গুৰুত্ব সহকাৰে এই পদবী গ্ৰহণ কৰিছিল, আৰু ১৭০১ চনত কেমব্ৰিজ-ৰপৰা অব্যাহতি লৈ টাঁকশাল-ৰ মাষ্টাৰ হিচাপে মুদ্ৰাসংস্কাৰ সাধন কৰাৰ লগতে মুদ্ৰা জালিয়াতী কৰোঁতা আৰু ‘মুদ্ৰা কাটোতা’ (clippers: মুদ্ৰাৰ কাষৰপৰা চোৱা-কৈ এৰুওৱা ব্যক্তি)-ক শাস্তি বিহাৰ কাম কৰিছিল। ৰাজকীয় টাঁকশাল-ৰ দায়িত্বত থাকোঁতে নিউটনে ঠাৱৰ কৰিছিল যে ১৬৯৬ চনৰ মুদ্ৰা-সংস্কাৰৰ কালত ঘূৰাই অনা মুদ্ৰাৰ ২০ শতাংশ আছিল জাল মুদ্ৰা। সেই কালৰ ইংলেণ্ডৰ আইন মতে মুদ্ৰা জাল কৰা-ক ‘ৰজাৰ বিৰূদ্ধে দেশদ্ৰোহিতা’ (high treason) বুলি ধৰা হৈছিল, আৰু ইয়াৰ শাস্তিস্বৰূপে কাঠৰ তক্তা এখন অপৰাধীক বান্ধি ঘোঁৰাৰে টানি ফাঁচী দিয়া স্থানলৈ অনা হৈছিল, তাৰপাছত মৃতপ্ৰায় অৱস্থালৈ ফাঁচীত ওলমাই দেহৰপৰা হাত-ভৰি আদি এখন এখন-কৈ কাটি পেলোৱা হৈছিল (hanged, drawn and quartered)। কিন্তু গভাইত মুদ্ৰা জাল কৰোঁতাসকলক দোষী সাব্যস্ত কৰাটো সহজ কাম নাছিল, পিছে নিউটনো পিছ পৰি থকা নাছিল।[118] নিউটনে ছদ্মবেশেৰে মদ্যশালা আৰু চৰাইখানা-ত ঘূৰি ঘূৰি বহু সাক্ষ্য নিজেই সংগ্ৰহ কৰিছিল। [119] ইংলেণ্ডৰ আইনত সহজে দোষী সাব্যস্ত-কৰণ সম্ভৱ নাছিল যদিও এই আইনৰ কিছূমান পুৰণি ধাৰাই কিছুমান বিশেষ ব্যক্তিক বিশেষ অধিকাৰ দি ৰাখিছিল। সেয়ে, নিউটনে নিজনে লণ্ডনৰ নাতিকাষৰীয়া কাউণ্টি-সমূহৰ (home counties) ‘ন্যায়িক বিষয়া’ (justice of the peace) হিচাপে নিযুক্ত কৰিছিল। এই বিষয়ক এখন চিঠীৰ খচৰা ‘প্ৰিন্সিপিয়া’-ৰ প্ৰথম সংস্কৰণৰ নিউটনৰ ব্যক্তিগত কপিৰ ভিতৰত পোৱা গৈছে। সম্ভৱত: তেওঁ চিঠিখন সংশোধন কৰি আছিল।[120] ১৬৯৮ চনৰ জুন মাহৰপৰা ১৬৯৯ চনৰ বৰদিনৰ সময়লৈ নিউটনে ১০০-ৰো অধিক সাক্ষী, খবৰী, আৰু সন্দিগ্ধ ব্যক্তিক জেৰা কৰিছিল। তেওঁ মুঠতে ২৮ গৰাকী মুদ্ৰা জালকাৰীক দোষী সাব্যস্ত কৰিছিল, যাৰ ভিতৰত আছিল গভাইত উইলিয়াম চেল’নাৰ (William Chaloner)। ছেল’নাৰ-ক পাছত ফাঁচী দিয়া হৈছিল।[121] নিউটনে মুদ্ৰা নিৰ্মাণ কৰা প্ৰযুক্তিত সংস্কাৰ সাধন কৰি সেই সময়ৰ ‘গিনি’ মুদ্ৰাৰ ওজনৰ গড় বিভেদ (standard deviation) ১.৩ গ্ৰামৰপৰা ০.৭৫ গ্ৰামলৈ কমাবলৈ সক্ষম হৈছিল। ১৭০৭ চনৰপৰা নিউটনে ‘পাইক্চৰ মোকৰ্দমা’-ত মুদ্ৰাৰ প্ৰতি পাউণ্ডৰ সৰু নমুনা একোটা লৈ পৰীক্ষা কৰাৰ ৰেৱাজ প্ৰচলন কৰে, ইয়াৰদ্বাৰা মুদ্ৰা-ত থকা ত্ৰুটিৰ পৰিমাণ আৰু কমি আহে। (‘পাইক্চৰ মোকৰ্দমা’ (trial of the pyx), দ্বাদশ শতিকাৰপৰা ইংলেণ্ডত চলি অহা এক বাৰ্ষিক ন্যায়িক অনুষ্ঠান, য’ত টাকশালত খোদিত কৰা প্ৰচলন আৰু স্মাৰক মুদ্ৰাৰ ওজন, মাত্ৰা আৰু সূক্ষ্মতাৰ যাচাই কৰা হয়। এই অনুষ্ঠানত টাকশালৰ ‘উপ মাষ্টাৰ’গৰাকীক উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ আগত জবাবদিহি কৰা হয় বাবে মোকৰ্দমা বুলি অভিহিত কৰা হয়। ) নিউটনে নিজৰ সংস্কাৰৰদ্বাৰা ১৭৭০ চনলৈ ইংলেণ্ডৰ ৰাজকোষৰ ৪১,৫১০ পাউণ্ড (২০১২ চনৰ হিচাপত প্ৰায় ৩ নিযুত পাউণ্ড) ৰাহি কৰিছিল, [122] লগতে, ব্ৰিটিছ মুদ্ৰাৰ শুদ্ধতা বহুগুণে বঢ়াই তুলিছিল। [123] ![]() ১৭০৩ চনত নিউটন ‘ৰয়েল ছ’চাইটি’-ৰ সভাপতি নিৰ্বাচিত হয়, আৰু ফ্ৰান্সৰ ‘একাডেমী দেছ ছাইন্সেছ’-ৰ (Académie des Sciences)-ৰ সহযোগী হিচাপে নিৰ্বাচিত হয়। ‘ৰয়েল ছ’চাইটি’ৰ সভাপতি পদত থাকোঁতে তেওঁ ‘ৰাজ জ্যোতিৰ্বিজ্ঞানী’ জন ফ্লেমষ্টীড-ৰ (John Flamsteed) সৈতে মনোমালিন্য হয়, কাৰণ নিউটনে ফ্লেমষ্টীড-ৰ ‘হিষ্ট’ৰিয়া ক’য়েলেষ্টিছ ব্ৰিটানিকা’ ফ্লেমষ্টীড-ৰ অনুমতি অবিহনে আগতীয়াকৈ প্ৰকাশ কৰি দিছিল। নিউটনে নিজৰ গৱেষণাৰ বাবে ফ্লেমষ্টীডৰ গ্ৰন্থৰ খচৰা কপিৰ তথ্য ব্যৱহাৰ কৰিছিল, আৰু তাকেই প্ৰকাশ কৰি উলিয়াইছিল।[125] ‘নাইট’ সন্মান লাভ১৭০৫ চনৰ এপ্ৰিল মাহত ইংলেণ্ডৰ ৰানী এনি-য়ে (Queen Anne) ট্ৰিনিটি কলেজ-লৈ কৰা ৰাজকীয় সাক্ষাৎৰ সময়ত নিউটনক ‘নাইট’ হিচাপে অধিষ্ঠিত কৰে। অৱশ্যে ‘নাইট’ হিচাপে অধিষ্ঠিত কৰাত নিউটনে বৈজ্ঞানিক বা টাকশাল-ৰ প্ৰতি অৱদানৰ বাহিৰে ৰাজনৈতিক হেঁচাইহে ক্ৰিয়া কৰিছিল বুলি কোৱা হয়। কাৰণ এমাহৰ পাছতে ইংলেণ্ডৰ সংসদীয় নিৰ্বাচনৰ দিন ঠিক হৈ আছিল।[126] ফ্ৰান্সিছ বেকন-ৰ পাছতে ‘নাইট’ সন্মানেৰে বিভূষিত হোৱা নিউটন আছিল দ্বিতীয় গৰাকী বিজ্ঞানী। [127] ১৭১৭ চনৰ ২১ ছেপ্টেম্বৰত নিউটনে ৰাজকোষৰ তত্ত্বাৱধায়ক লৰ্ড কমিছনাৰ-লৈ লিখা এক প্ৰতিবেদনৰ ভিত্তিত, সোণ আৰু ৰূপৰ মুদ্ৰাৰ মাজৰ বিনিময় মূল্যক এক ৰাজকীয় ঘোষণাৰ জৰিয়তে সলনি কৰা হয়। ২২ ডিচেম্বৰ ১৭১৭ চনৰ, এই্ ঘোষণা পত্ৰ-ত সোণৰ ‘গিনি’ মুদ্ৰাৰ বিনিময় মূল্য ২১টা ৰূপৰ ‘ছিলিং’-তকৈ বেছি হ’ব নোৱাৰিব বুলি নিৰ্দিষ্ট কৰি দিয়া হৈছিল।[128] এই ঘোষণাই ৰূপৰ মুদ্ৰাৰ নাটনিৰ সৃষ্টি কৰিছিল, কাৰণ আমদানিৰ বাবে ৰূপৰ মুদ্ৰা ব্যৱহাৰ কৰাৰ বিপৰীতে, ৰপ্তানিৰ বাবদ সোণৰ মুদ্ৰা ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পাছতেই ইংলেণ্ড-ত ৰৌপ্য মানক-ৰ (silver standard) পৰিৱৰ্তে স্বৰ্ণ মানক-ৰ (gold standard)-ৰ প্ৰচলন হয়। এয়া নিউটনৰ প্ৰতিবেদনৰ মুখ্য উদ্দেশ্য আছিল নেকি সেয়া এতিয়া তৰ্কৰ বিষয়।[129] কিছুসংখ্যক আলোচকে ক’ব খোজে যে টাকশাল-ৰ কামকাজক নিউটনে তেখেতৰ অপৰসায়ন গৱেষণাৰ ধাৰাবাহিক অংশ হিচাপে গণ্য কৰিছিল। [130] ‘ছাউথ ছী কোম্পানী’ নামৰ এটা কোম্পানীত নিউটনে বিনিয়োগ কৰি ৰাখিছিল। ১৭২০ চনত এই কোম্পানী বন্ধ হোৱাত নিউটনে প্ৰায় ২০,০০০ পাউণ্ড লোকচান ভৰিছিল, (২০২০ চনৰ মুদ্ৰাস্ফীতি সংশোধিত হিচাপত প্ৰায় ৪.৪ পাউণ্ড)।[131]) when it collapsed in around 1720.[132] জীৱনৰ শেষ কালত নিউটনে ভাগিনী কেথৰিন বাৰ্টন আৰু স্বামীৰ উইনচেষ্টাৰৰ কাষৰীয়া ক্ৰেনবেৰী পাৰ্ক ভৱনত থাকিবলৈ লৈছিল। মৃত্যুৰ সময়লৈ নিউটনে এই ঘৰতে বাস কৰিছিল। [133] কেথৰিন বাৰ্টন[134] আছিল নিউটনৰ সৎ-ভনীয়েক হান্না স্মিথ আৰু স্বামী ৰবাৰ্ট বাৰ্টন-ৰ ছোৱালী। লণ্ডনৰ জেৰমাইন পথৰ ঘৰত থাকোঁতেও কেথৰিনে নিউটনৰ সকলো সামাজিক কৰ্মৰ পৰিচাৰক হিচাপে সহায় কৰিছিল। ‘সৰু আই’ ওলোৱাৰ পাছত কেথৰিন-লৈ লিখা চিঠিত নিউটনে নিজকে ‘বৰ মৰমিয়াল মামা’ (very loving uncle) বুলি উল্লখ কৰিছিল।[135] মৃত্যু![]() ১৭২৭ চনৰ ২০ মাৰ্চ (পুৰণি শৈলীমতে ২০ মাৰ্চ ১৭২৬, নতুন শৈলী মতে ৩১ মাৰ্চ ১৭২৭) তাৰিখে শুই থকা অৱস্থাতে নিউটনৰ মৃত্যু হৈছিল। [টোকা 1] নিউটনৰ অন্ত্যেষ্টি ক্ৰিয়া আনুষ্ঠানিকতাৰে সম্পন্ন কৰা হৈছিল, অন্ত্যেষ্টি ক্ৰিয়াত ৰাজ বংশীয় লোক, বিজ্ঞানী আৰু দাৰ্শনিকৰ সমাহাৰ হৈছিল। নিউটনক ৰজা আৰু ৰাণীৰ সমাধিস্থল ‘ৱেষ্টমিন্ষ্টাৰ এবি’-ত সমাধিস্থ কৰা হৈছিল। নিউটন আছিল ‘ৱেষ্টমিন্ষ্টাৰ এবি’ত সমাধিস্থ হোৱা প্ৰথম গৰাকী বিজ্ঞানী।[136] সম্ভৱত: ফৰাছী দাৰ্শনিক ভল্টেয়াৰ-ও নিউটনৰ অন্ত্যষ্টি ক্ৰিয়া-ত উপস্থিত আছিল। [137] আজীৱন বৰলা নিউটনে তেওঁৰ স্থাৱৰ সম্পত্তিৰ বহু অংশ আত্মীয়ৰ মাজত জীৱনৰ শেষ বছৰকেইটাতে বিতৰণ কৰি দিছিল। অৱশ্যে নিউটনে কোনো ‘ইচ্ছা-পত্ৰ’ (will) ৰাখি যোৱা নাছিল। [138] তেখেতৰ সমূহ লিখনী জন কন্ডুইট আৰু কেথেৰিন বাৰ্টন-এ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। [139] নিউটনৰ মৃত্যুৰ পাছতে মুখৰ সাঁচ লৈ ‘প্লাষ্টাৰ অৱ পেৰিছ’-ৰ এক ‘মৃতক মুখা’ তৈয়াৰ কৰা হয়। এই সাঁচ ব্যৱহাৰ কৰি ‘ফ্লেমিছিয়’ (Flemish: উত্তৰ বেলজিয়ামৰ ফ্লেণ্ডাৰছ্ অঞ্চলৰ বাসিন্দা, যাৰ মাতৃভাষা ‘ফ্লেমিছ ওলন্দাজ’) ভাস্কৰ্য শিল্পী জন মাইকেল বিছব্ৰেক-এ নিউটনৰ এক ভাস্কৰ মূৰ্তি নিৰ্মাণ কৰিছিল।[140] এই্ ‘মৃতক মুখা’ এতিয়া ‘ৰয়েল ছ’চাইটি’-ৰ অধীনত। [141] ২০১২ চনত এই মুখাৰ ‘ত্ৰিবীমিয় স্কেন’ (3d scan) কৰা হৈছে। [142] মৃত্যুৰ পাছত নিউটনৰ চুলি পৰীক্ষা-ত ‘পাৰা’ ধাতুৰ উপস্থিতি পোৱা গৈছে। সম্ভৱত: ‘অপৰসায়ন’ৰ পৰীক্ষা-নিৰীক্ষাৰ পৰাই নিউটনৰ দেহলৈ ‘পাৰা’-ৰ সংক্ৰমণ ঘটিছিল। নিউটনৰ পাছৰ জীৱনত আচাৰ-ব্যৱহাৰত দেখা দিয়া অস্বাভাৱিকতা ‘পাৰাৰ বিষক্ৰিয়া’-ৰ ফল বুলি অনুমান কৰিব পাৰি।[138] ব্যক্তিত্বনিউটন এবাৰ বাগদত্ত হোৱা বুলি দাবী কৰা হয় যদিও,[টোকা 2] নিউটনে কেতিয়াও বিয়া পতা নাছিল। ফৰাছি লেখক আৰু দাৰ্শনিক ভল্টেয়াৰ-ৰ (Voltaire) মতে “নিউটন কোনো ধৰণৰ অনুৰাগৰ বশবৰ্তী নাছিল, মানৱ জাতিৰ সাধাৰণ দুৰ্বলতাসমূহে তেওঁক ঢুকি নাপাইছিল, আৰু স্ত্ৰী-জাতিৰ লগত কোনো ধৰণৰ সম্পৰ্ক তেওঁ ৰখা নাছিল। এই কথাখিনি মোক তেখেতৰ শেষ সময়ৰ চিকিৎসকে নিশ্চিতি দি জনাইছিল।”[144] মানি লোৱা হয় যে নিউটন চিৰকুমাৰ আছিল, আৰু গণিতজ্ঞ চাৰ্লছ হাটন (Charles Hutton),[145] অৰ্থনীতিবিদ জন মেয়নাৰ্ড কেইন্জ (John Maynard Keynes),[146] আৰু পদাৰ্থবিদ কাৰ্ল ছেগান (Carl Sagan) আদি ব্যক্তিয়ে এই বিষয়ত মন্তব্য ৰাখি গৈছে। [147] ছুইছ গণিতজ্ঞ নিক’লাছ ফটিঅ’ ডি ডুইলিয়াৰ-ৰ লগত নিউটনৰ গভীৰ বন্ধুত্ব আছিল। ডুইলিয়াৰ-ক নিউটনে ১৬৮৯ চনত লণ্ডনতে লগ পাইছিল। [110] দুয়োৰে মাজত চিঠিৰ আদান-প্ৰদান চলিছিল। কেবাখনো চিঠি এতিয়াও পোৱা যায়।[148][149] দুয়োৰে মাজৰ সম্পৰ্ক ১৬৯৩ চনত আকস্মিক ভাৱে নোহোৱা হৈ যায়, প্ৰায় একে সময়তে নিউটনে ‘সাময়িক মনোবিকাৰ’-ত ভূগে। [150] (nervous breakdown: সাধাৰণভাৱে যিকোনো ধৰণৰ মানসিক অসুস্থতা বুজাবলৈ ব্যৱহাৰ কৰা হয়। যদিও এই নামৰ কোনো সংজ্ঞায়িত মানসিক ৰোগ নাই। সাধাৰণতে চমু সময়ৰ বাবে হোৱা মানসিক বিকাৰগ্ৰস্ততা বুজাবলৈ সাধাৰণভাৱে nervous breakdown বোলা হয়। ) এই বেমাৰৰ সময়তে নিউটনে তেওঁৰ বন্ধু লেখক আৰু ৰাজনীতিবিদ ছেমুৱেল পেপিছ (Samuel Pepys), আৰু চিকিৎসক-দাৰ্শনিক জন লক-লৈ অমূলক-অভিযোগ আনি চিঠি লিখিবলৈ আৰম্ভ কৰে। জন লক-লৈ লিখা চিঠিত লকে তেওঁক নাৰীসম্পৰ্কীয় আৰু অন্যান্য ধৰণে সাঙুৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ আনিছিল। [151] নিজৰ সফলতাক লৈ নিউটন তুলনামূলকভাৱে নিৰহংকাৰী আছিল। পাছৰ এক আত্মজীৱনীমূলক লেখাত তেওঁ লিখিছিল, “মই নাজানো মানুহে মোক কেনে যেন দেখে, কিন্তু মোৰ নিজৰ দৃষ্টিত মই সাগৰ পাৰত শংখ লৈ খেলি থকা শিশু এটাৰ দৰে, মাজে মাজে মই এটা নিমজ পাথৰ বা ধুনীয়া শংখ এটা বিচাৰি পাওঁ, কিন্তু মোৰ সন্মুখৰ সত্যৰ এই বিশাল সাগৰখন অনাৱিষ্কৃত হৈয়েই ৰৈ যায়।”[152] পিছে, সময়সাপেক্ষে তেওঁ প্ৰচণ্ড প্ৰতিদ্বন্দ্বিতামূলক হৈ উঠাৰ লগতে, বৌদ্ধিক প্ৰতিদ্বন্দ্বী-ৰ প্ৰতি আক্ৰোশৰ ভাৱ পুহি ৰখাৰো উমান পোৱা যায়। প্ৰয়োজন হ’লে তেওঁ ব্যক্তিগত আক্ৰমণ কৰিবলৈকও পাছ হোহকা নাছিল। অৱশ্যে এই মনোভাৱ সমকালীন পণ্ডিতসমাজৰ মাজত সহজলভ্য আছিল।[153][154] ১৬৭৬ চনৰ ফেব্ৰুৱাৰী মাহত ৰবাৰ্ট হুক-লৈ লিখা এখন চিঠিত তেওঁ লিখিছিল, “যদি মই অলপ দূৰলৈ দেখিবলৈ পাইছোঁ, তাৰ কাৰণ মই দৈত্যৰ কান্ধত থিয় দিব পাৰিছোঁ।”[155] এই্ চিঠি লিখাৰ সময়ত নিউটন আৰু হুক-ৰ মাজত আলোকবিজ্ঞান সম্বন্ধীয় আৱিষ্কাৰক লৈ খট-বান্ধ চলি থকালৈ চাই কিছু বুৰঞ্জীবিদে এয়া বিনয়-তকৈ নিউটনে ৰবাৰ্ট হুক-ক পেংলা্ই কৰাৰ উদ্দেশ্যে লিখা বুলি মত পোষণ কৰে, কাৰণ ৰবাৰ্ট হুক আছিল সাধাৰণতকৈ চাপৰ আৰু কুঁজা।[156] পিছে, ‘দৈত্যৰ কান্ধত থিয় দিয়া বাওনা’ ৰূপকটি সপ্তদশ শতিকাৰ কবি জৰ্জ হাৰবাৰ্ট-ৰ (George Herbert) লেখা ‘জেকুলা প্ৰুডেণ্টাম’-ত (১৬৫১) উল্লেখ থকালৈ চাই নিউটনে নিজকে বাওনা বুলি কোৱাটোৱেই শুদ্ধ যেন লাগে। [157] ধৰ্মতত্বধাৰ্মিক মতএটা এংলিকান (Anglicanism: ইংৰাজ সংস্কাৰ-ৰ পাছত ‘চাৰ্চ অৱ ইংলেণ্ড’-ৰ অধীনত ঘাইকৈ ইংলেণ্ডত গঢ় লৈ উঠা এক খ্ৰীষ্টিয়ান পৰম্পৰা) পৰিয়ালত জন্ম হৈছিল যদিও, ত্ৰিছ বছৰীয়া নিউটনে এনে এটা খ্ৰীষ্টায়ান ধাৰণা পোষণ কৰিছিল, যাক মুকলিলৈ জানিবলৈ দিলে, ঘাইসুঁতিৰ খ্ৰীষ্টিয়ানে অৰক্ষণশীল বুলিলেহেঁতেন।[158] ইতিহাসকাৰ ষ্টিফেন স্ন’বেলেন-এ নিউটনক বিধৰ্মী বুলিয়েই উল্লেখ কৰিছে। [7] ১৬৭২ চনৰপৰাই নিউটনে ধৰ্ম-ৰ বিষয়ে কৰা গৱেষণাৰ খতিয়ান ৰাখিবলৈ আৰম্ভ কৰে। কিন্তু, এই লেখা তেওঁ কাকো দেখুওৱা নাছিল। ১৯৭২ চনৰপৰাহে এই লেখাসমূহ সাধাৰণ ৰাইজৰ চকুলৈ আহে। [159] নিউটনৰ সমগ্ৰ লেখনীৰ আধাৰো বেছি মূলত: ধৰ্ম-তত্ব আৰু অপৰসায়নৰ বিষয়ে। কিন্তু, এই লেখাবোৰ কেতিয়াও প্ৰকাশ কৰা হোৱা নাছিল। [159] তেখেতৰ লেখাৰপৰা বুজিব পাৰি যে প্ৰথমাৱস্থাৰ গীৰ্জা-ৰ পুথিসমূহৰ বিষয়ে তেখেতৰ অগাধ জ্ঞান আছিল। এথেনেছিয়াছ আৰু এৰিয়াছ-ৰ বিশ্বাসৰ সংঘাতত নিউটনে পৰাজিত হোৱা এৰিয়াছ-ৰ সপক্ষে আছিল। এৰিয়াছে ‘ত্ৰিদৈৱ তত্বৰ’ (Trinity) পাৰম্পৰিক ধাৰণাৰ বিৰোধ কৰিছিল। এই্ সংঘাতৰ ফলশ্ৰুতিস্বৰূপে খ্ৰীষ্টিয়ান ধৰ্ম-বিশ্বাসত ‘ত্ৰিদৈৱ তত্ব’-ৰ আগমন হয়। (টোকা: এথেনেছিয়াছ আৰু এৰিয়াছ, ক্ৰমে চতুৰ্থ শতিকাৰ পোপ আৰু দ্বিতীয় শতিকাৰ খ্ৰীষ্টিয়ান সন্ত আছিল। এৰিয়াছে যীচু খ্ৰীষ্ট আৰু ভগৱান একে নহয় বুলিছিল, কাৰণ যীচু ভগৱানৰ দৰে অনাদি-অনন্ত নহয়। এৰিয়াছ-ৰ মতবাদক ‘আৰিয়ানিজম’ (Arianism) বোলা হয়। আনহাতে, এথেনেছিয়াছে এই ধাৰণাৰ বিৰদ্ধে তৰ্ক দিছিল, আৰু যীচু খ্ৰীষ্ট আৰু ভগৱানক সম-মৰ্যদা দিছিল। এথেনেছিয়াছে পুত্ৰ-যীচু খ্ৰীষ্ট (The Son), পিতা (The Father), আৰু ‘পৱিত্ৰ আত্মা’(The Holy Spirit) এই্ তিনিওটা একক সত্তা বুলিছিল, আৰু এই তিনিওৰ মিলিত সত্তাক ‘ভগৱান’ (The Go) বুলিছিল। এথেনেছিয়াছ-ৰ মতবাদ-ক ‘ত্ৰিদৈৱ তত্ব’ (The Trinity) বোলা হয়।) নিউটনে যীচু খ্ৰীষ্ট-ক ভগৱান আৰু মানুহৰ মাজৰ মধ্যস্থতাকাৰীৰ স্থান দিছিল, আৰু যীচুক ভগৱানতকৈ নিম্ন স্থান দিছিল।[160] বাইবেলত বৰ্ণিত বিভন্ন সন্ত-ৰ দ্বাৰা ৰচিত ভগৱান-ৰ বাণী নিউটনে আগ্ৰহেৰে অধ্যয়ন কৰিছিল, কিন্তু, তেখেতৰ মতে “’ত্ৰিদৈৱ তত্ব’ আছিল ধৰ্ম-ত্যাগৰ নামান্তৰ।‘[161] কেমব্ৰিজত থকাৰ সময়ত তেওঁ ধৰ্মীয়-দীক্ষা নোলোৱাকৈ কৰিব পৰা দুটা ‘ফেল’শ্বিপ’-ৰ (fellowship) ভিতৰত এটাৰ বাবে আবেদন কৰিছিল দিও সেই আবেদন নামঞ্জুৰ হৈছিল। একেবাৰে শেষ সময়ত, ১৬৭৫ চনত, তেওঁ এক চৰকাৰী বিধান লাভ কৰিবলৈ সক্ষম হয় য’ত তেখেতক আৰু অনগাত লুকাছীয় অধ্যাপকসকলক দীক্ষা লোৱাৰপৰা ৰেহাই দিয়া হৈছিল।[162] নিউটনৰ দৃষ্টিত যীচু খ্ৰীষ্ট-ক ভগৱানৰূপে পূজা কৰাটৌ আছিল মূৰ্তিপূজাৰ সমকক্ষ, আৰু মূৰ্তিপূজাক নিউটনে এক মৌলিক পাপ বুলি গণ্য কৰিছিল। [163] ১৯৯৯ চনত স্ন’বেলেনে লিখিছে, “আইজাক নিউটন আছিল এগৰাকী ধৰ্মবিৰোধী। কিন্তু ….তেওঁ কেতিয়াও ব্যক্তিগত বিশ্বাসক ৰাজহুৱা কৰা নাছিল—কাৰণ সেই সময়ৰ ৰক্ষণশীল সমাজে নিউটনৰ বিশ্বাসক চৰম-পন্থী বুলিলেহেঁতেন।” নিউটনে নিজৰ মত ইমান সুন্দৰকৈ লুকাই ৰাখিছিল যে পণ্ডিতসকলে আজিও তাৰ পাঠোদ্ধাৰ কৰিব পৰা নাই।[7] স্ন’বেলেন-ৰ মতে নিউটন ‘ছ’চিনিয়ান মতবাদ’ৰ প্ৰতি সহানুভূতিশীল আছিল। ছ’চিনিয়ান মতবাদৰ কমেও আঠখন গ্ৰন্থ নিউটনৰ-ৰ সংগ্ৰহত আছিল আৰু কেউখনেই নিউটনে মনোযোগেৰে পঢ়িছিল। নিউটন সম্ভৱত: ‘আৰিয়ানিজম’-ত বিশ্বাসী আছিল, কিন্তু নিশ্চিতভাৱে ‘ত্ৰিদৈৱ তত্ব’-ৰ পৰম বিৰোধী আছিল।[7] (টোকা: ছ’চিনিয়ান মতবাদ, ইউৰোপত প্ৰটেষ্টান্ট সংস্কাৰৰ সময়ত গঢ় লৈ উঠা এক ধৰ্মীয় মতবাদ, য’ত ‘ত্ৰৈদৈৱ তত্ব’-ক মানি লোৱা হোৱা নাছিল। এই মতবাদৰ জনক আছিল নৱজাগৰণ-কালীন ইটালীয় মানৱতাবাদী মামা-ভাগিন দ্বয় লেলিঅ’ ছ’ঝিনি (Lelio Sozzini) আৰু ফাউষ্ট’ ছ’ঝিনি (Fausto Sozzini)।) ![]() গতিৰ সূত্ৰ আৰু সাৰ্বজনীন মহাকৰ্ষণ-ৰ আৱিষ্কাৰ-ৰ বাবে নিউটন জগত বিখ্যাত হৈছিল যদিও, তেওঁ বিশ্বব্ৰহ্মাণ্ড-ক খুব ভাল ঘড়ীৰ দৰে মাত্ৰ এটা যন্ত্ৰ বুলি ভাবিবলৈ বাৰণ কৰিছিল। তেওঁ কৈছিল, “মহাকৰ্ষণে গ্ৰহসমূহক গতি দিয়ে, কিন্তু দৈৱিক শক্তি অবিহনে অকল মহাকৰ্ষণে গ্ৰহসমূহক সূৰ্যৰ চাৰিওফালৰ চক্ৰাকাৰ গতিত স্থাপন কৰিব নোৱাৰে।”[165] বৈজ্ঞানিক কৃতিত্বৰ উপৰিও, বাইবেল আৰু প্ৰথম অৱস্থাৰ গীৰ্জাৰ যাজক-সকলৰ বিষয়ে তেখেতে কৰা গৱেষণাও উল্লেখযোগ্য। নিউটনে বাইবেলৰ অনুবাদ আৰু বাখ্যাৰ ওপৰত সমালোচনাত্মক ৰচনা লিখি গৈছে। তাৰ ভিতৰত উল্লেখনীয় দুখন হৈছে, ‘এন হিষ্ট’ৰিকেল একাউণ্ট ওফ টু ন’টেবল কৰাপ্ছনছ অৱ স্ক্ৰিপচাৰ’ (An Historical Account of Two Notable Corruptions of Scripture) আৰু ‘অবছাৰভেছ্নছ আপন দা প্ৰফেচিছ অৱ ডেনিয়েল, এণ্ড দা এপ’কেলিপ্স অৱ ছেইন্ট জন।’ (Observations upon the Prophecies of Daniel, and the Apocalypse of St. John) [166] তেওঁ যীচু খ্ৰীষ্ট-ৰ ‘ক্ৰছ’ত দিয়াৰ তাৰিখ ৩৩ খ্ৰীষ্টাব্দৰ ৩ এপ্ৰিল বুলি ঠাৱৰ কৰিছিল। [167] নিউটনে বিশ্বাস কৰিছিল যুক্তি আৰু নীতি অন্তৰ্নিহিত হৈ থকা ব্ৰহ্মণ্ড-ত (rationally immanent world) বিশ্বাস কৰিছিল, আৰু লেইৱনিজ আৰু স্পিন’জা-ৰ বিশ্বাসত সোমাই থকা সকলো পদাৰ্থৰে জীৱ-সদৃশ গুণ-ৰ (hylozoism) ধাৰণা নাকচ কৰিছিল। এক শৃঙ্খলাবদ্ধ আৰু জুখিব পৰা মানেৰে ব্ৰহ্মাণ্ড-ক বুজিব পৰা যায়, আৰু যুক্তিৰে ব্ৰহ্মাণ্ড-ক বুজিবৰ প্ৰয়াস কৰা উচিত। এক বাৰ্তালাপত নিউটনে দাবী কৰিছিল যে ‘প্ৰিন্সিপিয়া’ লিখাৰ এটা উদ্দেশ্য আছিল যাতে, “যুক্তিশীল মানুহৰ আগত এই নীতিবোৰ প্ৰকাশ কৰা যাতে এই নীতিসমূহৰ দৈৱিক স্ৰষ্টা-ৰ প্ৰতি মানুহ প্ৰোথিত হয়।” ("I had an eye upon such Principles as might work with considering men for the belief of a Deity").[168] তেওঁ বিশ্ব-প্ৰণালীত এক পৰিকল্পনা সোমাই থকা দেখা পাইছিল: “গ্ৰহ-প্ৰণালী যি এক অপূৰ্ব সুষমতাৰে বিৰাজমান, সেইটো কাৰোবাৰ পছন্দৰ পৰিণতি হ’ব লাগিব।” ("Such a wonderful uniformity in the planetary system must be allowed the effect of choice"). কিন্তু নিউটনে ইয়াকো কৈছিল যে, খুব ধীৰে ধীৰে এই প্ৰণালীত বাঢ়ি অহা অস্থিৰতাক পুনৰ সুস্থিৰ কৰিবলৈ এটা সময়ত ঐশ্বৰিক হস্তক্ষেপৰ প্ৰয়োজন হ’ব।[169] এই কথাতে লেইৱনিজে নিউটনক উপলুঙা কৰি লিখিছিল, “ইয়াক চলাই ৰাখিবলৈ পৰমপিতা ঈশ্বৰে সময়ে সময়ে হাতঘড়ীটোৰ চাবি পকাই থাকিব বিচাৰে। এনে লাগে, যেন প্ৰথমেই ইয়াক চিৰস্থায়ী গতি দিবলৈ তেওঁৰ দূৰদৰ্শিতাৰ অভাৱ হৈছিল।” ("God Almighty wants to wind up his watch from time to time: otherwise it would cease to move. He had not, it seems, sufficient foresight to make it a perpetual motion.")[170] এটা শতিকা পাছত, পিয়েৰ-ছাইমন লেপ্লাচ-ৰ (Pierre-Simon Laplace) গ্ৰন্থ ‘দৈৱিক বলবিদ্যা’-ত (Celestial Mechanics) গ্ৰহ-প্ৰণালীক কিয় সময়ে সময়ে সুস্থিৰ কৰাৰ প্ৰয়োজন নাই, তাৰ বাখ্যা দিয়া হৈছিল। [171] নিউটনৰ দৈৱিক প্ৰভাৱৰ বিপৰীতে লেপলাচ-ৰ যান্ত্ৰিক দৃষ্টিভংগীৰ তাৎপৰ্য বিজ্ঞানীগৰাকীয়ে নেপ’লিয়ন ব’নাপাৰ্ট-ক দিয়া উত্তৰত পোৱা যায়। ‘দৈৱিক বলবিদ্যা’ গ্ৰন্থত ঈশ্বৰৰ প্ৰয়োজন নোহোৱা কৰাৰ বাবে নেপ’লিয়নে সমালোচনা কৰোঁতে লেপলাচে কৈছিল, ‘মহাশয়, মোক এই প্ৰকল্পৰ প্ৰয়োজন নাছিল।’ ("Sire, j'ai pu me passer de cette hypothèse" ("Sir, I didn't need this hypothesis")).[172] পণ্ডিতসকলৰ মা্জত নিউটনে সঁচাকৈয়ৈ ‘ত্ৰিদৈৱ তত্ব’-ৰ ওপৰত প্ৰশ্ন তুলিছিলনে সেয়া তৰ্কৰ বিষয় হৈ আছিল। নিউটনৰ প্ৰথম জীৱনীকাৰ ‘ডেভিদ ব্ৰিউষ্টাৰ’-এ নিউটনৰ লেখনী সংকলিত কৰিছিল আৰু সিদ্ধান্ত লৈছিল যে যদিও নিউটনে ‘ত্ৰিদৈৱ তত্ব’-ক সমৰ্থন কৰা কিছু লেখাৰ সত্যতা সম্পৰ্কে প্ৰশ্ন তুলিছিল যদিও পোনপটীয়াকৈ কেতিয়াও ‘ত্ৰিদৈৱ তত্ব’ অস্বীকাৰ কৰা নাছিল।[173] বিংশ শতিকাত জন মেয়নাৰ্ড কেইন্জ-এ সংগ্ৰহ কৰা নিউটনৰ কিছুমান সাংকেতিক লেখনী-ৰ পাঠোদ্ধাৰৰ<১৭১> পাছতহে জনা যায় যে নিউটনে প্ৰকৃততেই ‘ত্ৰিদৈৱ তত্ব’ অস্বীকাৰ কৰিছিল। [174] and it became known that Newton did indeed reject Trinitarianism.[7] ধৰ্মীয় চিন্তানিউটন আৰু ৰবাৰ্ট বয়ল-ৰ (Robert Boyle) ‘যান্ত্ৰিক দৰ্শন’-ক (mechanical philosophy) যুক্তিবাদী লেখকসকলে ‘পেনথিষ্ট’ (pantheists) আৰু ‘এন্থুছিয়াষ্ট’-সকলৰ (enthusiasts) মতৰ বিপৰীতে এক কাৰ্যকৰী মত হিচাপে স্থাপন কৰিব বিচাৰিছিল। (টোকা: ঈশ্বৰ আৰু ব্ৰহ্মাণ্ড একেটা, আৰু তাৰ পৰিণতি স্বৰূপে ব্ৰহ্মাণ্ডৰ সকলোৱেই ঈশ্বৰ বুলি পেনথিষ্ট সকলে বিশ্বাস কৰিছিল। ‘এন্থুছিয়াষ্ট’ অতি ধৰ্মপ্ৰাণ ব্যক্তিসকলক কোৱা হৈছিল। ১৭০০ শতিকাৰ ইংলেণ্ড-ত ধৰ্ম আৰু ৰাজনীতিৰ বিষয়ে অন্ধ-ভক্তিৰে মত ব্যক্ত কৰাটোক ভাল চকুৰে চোৱা নহৈছিল। আনকি ‘ৰয়েল ছ’চাইটি’-ৰ সভাত এনেধৰণে মত ব্যক্ত কৰা সকলক বহিষ্কাৰ কৰা হৈছিল।) কিছু দ্বৰ্থ্যতাৰে ৰক্ষণশীল আৰু অইন মতালম্বী যাজকসকলেও নিউটনৰ ধাৰণা মানি লৈছিল।[175] বিজ্ঞানৰ স্পষ্টতা আৰু সৰলতা-ক অন্ধভক্তসকলৰ অতি-আবেগিক আধ্যাত্মিকতা আৰু নাস্তিকসকলৰ ভাবুকি-ৰ প্ৰতি এক অস্ত্ৰ হিচাপে চোৱা হৈছিল। [176] একে সময়তে ইংলেণ্ডত আৰম্ভ হোৱা ‘ডে-ইজ্ম’-ৰ (deism) দ্বিতীয় উত্থানৰ সময়ত নিউটনৰ আৱিষ্কাৰখিনিৰে এক ‘প্ৰাকৃতিক ধৰ্ম’ (Natural Religion) স্থাপন কৰাৰ প্ৰয়াস কৰা হৈছিল। (টোকা: ‘ডে-ইজম’ এক দাৰ্শনিক স্থিতি আৰু যুক্তিনিৰ্ভৰ ধৰ্মতত্ব। ইয়াত ধৰ্মীয় জ্ঞান কোনো ঐশ্বৰিক শক্তিৰপৰা অহা বুলি মানি লোৱা নহয়, বৰং এনে জ্ঞান যুক্তি আৰু প্ৰকৃতি-ৰ পৰ্যবেক্ষণৰ পৰা লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। এই জ্ঞানেই এক পৰম সত্ত্বাৰ অস্তিত্ব প্ৰমাণ কৰে বুলি মানি লোৱা হয়।) প্ৰাক-[আলোকায়ন যুগ/ আলোকিত যুগ[]]-ৰ ‘যাদুকৰী চিন্তা’ (magical thinking), আৰু খ্ৰীষ্টান ধৰ্মৰ ৰহস্যময়ী সত্ত্বা-ৰ (mystical elements) বিৰূদ্ধে প্ৰথমটো আঘাত আছিল ৰবাৰ্ট বয়ল-ৰ ‘যান্ত্ৰিক ব্ৰহ্মাণ্ড’-ৰ ধাৰণা-ৰ প্ৰকাশ। নিউটনে বয়ল-ৰ ধাৰণাসমূহক গাণিতীক প্ৰমাণেৰে আগবঢ়াই নিছিল, আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, তেওঁ এই ধাৰণাক জনপ্ৰিয় কৰি তুলিছিল।[177] অপৰসায়ননিউটন ‘যুক্তি যুগ’ৰ প্ৰথমজন নাছিল। তেওঁ আছিল শেষৰজন যাদুকৰ, বেবিলন আৰু ছুমেৰিয়া-ৰ শেষৰজন, শেষৰজন মহান প্ৰজ্ঞা যিয়ে সেই একেকেইটা চকুৰে দৃশ্যমান আৰু বৌদ্ধিক জগতখনলৈ চাইছিল, যিদৰে চাইছিল ১০০০০ বছৰৰ আগতেই আমাৰ বৌদ্ধিক ধৰোহৰ চহকী কৰিবলৈ আৰম্ভ কৰা চকুকেইটাই। ১৬৪২ চনৰ বৰদিনৰ দিনটোত পিতৃৰ মৃত্যুৰ পাছত জন্ম পোৱা আইজাক নিউটন আছিল শেষৰজন বিষ্ময় বালক যাক ‘মেগী’য়ে আন্তিৰক শ্ৰদ্ধাঞ্জলি দিয়া উচিত!’ –জন মেইনাৰ্ড কেইন্জ (John Maynard Keynes, "Newton, the Man")[178]
(টোকা: মেগী: জৰ'ষ্ট্ৰিয়ান ধৰ্ম-ৰ পুৰোহিতক 'মেগী' বোলা হয়। যীচু খ্ৰীষ্টৰ জন্মৰ দিনা যীচুক চাবলৈ আৰু আশীৰ্বাদ দিবলৈ অহা তিনি গৰাকী জ্ঞানী পুৰুষ 'মেগী' আছিল। ) নিউটনৰ লিখনীৰ মুঠ প্ৰায় দহ নিযুত শব্দৰ ভিতৰত প্ৰায় এক লাখ শব্দ ‘অপৰসায়ন’-ৰ (alchemy) বিষয়ে লিখা হৈছে। এই বিষয়ত ৰচিত নিউটনৰ বেছিভাগ লেখাই অইন পুথিৰ প্ৰতিলিপি, য’ত নিউটনে নিজৰ টোকা সম্বলিত কৰিছিল। [139] অপৰসায়নৰ লেখনীত কাৰিকৰী তথ্যৰ লগতে দাৰ্শনিক চিন্তা-চৰ্চাও সোমাই থাকিছিল। অৱশ্যে এনে লেখনী শব্দৰ খেল, ৰূপক আৰু চিত্ৰকল্পৰে জটিল কৰি ৰখা থাকিছিল, যাতে কাৰুশিল্পৰ গোপন জ্ঞান সহজে বোধগম্য নহয়। [179] নিউটনৰ লেখনীত থকা কিছূ কথা গীৰ্জাই ‘বিধৰ্মী’ আখ্যা দিব পৰা বিধৰ আছিল। [139] কেমব্ৰিজ বিশ্ববিদ্যলয়-এ যোল্ল বছৰ ধৰি নিউটনৰ লিখনীৰ এক নিৰ্ঘণ্ট প্ৰস্তুত কৰা পাছত ১৮৮৮ চনত তাৰে অল্প সংখ্যক নিজৰ জিম্মাত ৰাখি বাকীখিনি ‘আৰ্ল অৱ পৰ্ট্ছমাউথ’-ক ঘূৰাই দিছিল। ১৯৩৬ চনত এক উত্তৰাধিকাৰীয়ে নিউটনৰ লিখনীসমূহ নিলাম কৰে। [180] সমগ্ৰ লিখনী চোৱা-চোৱাকৈ মুঠ ৯০০০ পাউণ্ডত বিক্ৰী কৰা হৈছিল। [181] প্ৰায় ৩৬ গৰাকী ডাক-দিওঁতাৰ মাজৰ এজন আছিল জন মেইনাৰ্ড কেইন্জ। কেইন্জে পাছত নিউটন-ৰ ‘অপৰসায়ন’ বিষয়ক লিখনীৰ প্ৰায় আধা অংশ পুনৰ একত্ৰ কৰিবলৈ সক্ষম হয়, আৰু ১৯৪৬ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ক দান কৰি দিয়ে।[180][182] নিউটনে লিখি থৈ যোৱা আৰু উদ্ধাৰ সম্ভৱ হোৱা অপৰসায়ন বিষয়ক সমগ্ৰ লেখা বৰ্তমান ইণ্ডিয়ানা বিশ্ববিদ্যালয়-ৰ এক প্ৰকল্প, ‘দ্য কাইমিষ্ট্ৰি অৱ আইজাক নিউটন’ (The Chymistry of Isaac Newton)-ৰ যোগেৰে ‘অনলাইন’ ভাৱে উপলভ্য।[183] এই লেখনীসমূহৰ সাৰাংশ কিতাপ আকাৰেও প্ৰকাশ হৈছে। [184][185]
‘জঁ বেপ্টিষ্ট ভন হেলমণ্ট’-এ (Jean Baptist von Helmont) ‘প্লেগ’-ৰ ওপৰত লিখা কিতাপ ‘দ্য পেষ্ট’ (De Peste)-ৰ বিষয়ে নিউটনে লিখা দুই পৃষ্ঠাৰ এটা অপ্ৰকাশিত টোকা ২০২০ চনৰ জুন মাহত নিলাম প্ৰতিষ্ঠান ‘ব’নহেমছ’-এ (Bonhams) ‘অনলাইন’ নিলাম কৰে। [186] কিতাপখনৰ টোকা লিখাৰ সময়ত নিউটন কেম্ব্ৰিজ-ত নিয়োজিত আছিল যদিও ১৬৬৫-১৬৬৬ চনৰ লণ্ডনৰ প্লেগ মহামাৰীৰ-ৰপৰা হাত সাৰিবলৈ নিজ গাঁৱ ‘উল্ছথৰ্প’-ত বাস কৰিছিল। নিলাম প্ৰতিষ্ঠান-টোৰ মতে প্লেগ বেমাৰৰ ওপৰত এই দুইপৃষ্ঠাই নিউটনৰ আটাইতকৈ দীঘল লেখা। প্লেগৰ চিকিৎসাৰ বিষয়ে নিউটনে লিখিছিল, “আটাইতকৈ উত্তম উপায় হৈছে এটা বেং ভৰিত বান্ধি চিমনী এটাত তিনিদিনলৈ ওলোমাই ৰাখিব লাগে। এটা সময়ত বেঙটোৱে মাটি আৰু তাত মিহলি হৈ থকা পোক বমি কৰি দিব, আৰু সেইখিনি হালধীয়া মম-ৰ কাঁহী এখনত ধৰি ৰাখিব। সোনকালেই বেংটোৰ মৃত্য হ’ব। ইয়াৰ পাছত বেংটো, তাৰ মলমূত্ৰ আৰু পনীয়া অংশ সকলোখিনি গুড়ি কৰি তাৰ পৰা ‘লজেন্স’ (বিষমকোণী সমচতুৰ্ভূজ আকৃতিৰ মিঠাই) সাজি বেমাৰ হোৱা অংশত লগাই ৰাখিলে ই সংক্ৰমণ বিদূৰ কৰে আৰু বিহখিনি উলিয়াই আনে।”[187] নিউটনৰ ‘প্ৰভাৱ’ (legacy)সন্মান![]() গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী জোছেফ-লুইছ লাগ্ৰাঞ্জ-এ (Joseph-Louis Lagrange) প্ৰায়েই উল্লেখ কৰছিল, ধৰাত জন্ম লোৱা মণীষাৰ ভিতৰত নিউটনেই আছিল মহানতম প্ৰতিভা (জিনিয়াছ)[188] আৰু এবাৰ তেওঁ লিখিছে যে তেওঁ আছিল “আটাইতকৈ সৌভাগ্যশালীও, কাৰণ সাধাৰণতে কোনেও এটাতকৈ বেছি প্ৰণালী প্ৰতিষ্ঠা কৰাৰ সুযোগেই নাপায়।” ("the most fortunate, for we cannot find more than once a system of the world to establish.")[189] ইংৰাজ কবি আলেক্সেণ্ডাৰ পোপ-এ (Alexander Pope) নিউটনৰ বিখ্যাত ‘এপিটাফ’ লিখিছিল:
কিন্তু, এই এপিটাফ ৱেষ্টমিনিষ্টাৰ এবি-ৰ নিউটনৰ স্মৃতি স্তম্ভত খোদিত কৰিবলৈ দিয়া হোৱা নাছিল। ৱেষ্টমিনষ্টাৰ-ৰ এপিটাফ-ত লিখা আছে,[190]
যাৰ মুকলি অনুবাদ এনে ধৰণৰ:[190]
নিউটনক “পশ্চিমীয়া বিজ্ঞানৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি”<১৮৬> বুলি কোৱা হৈছিল।[191] নিউটনক “বিজ্ঞানৰ ইতিহাসৰ কেন্দ্ৰীয় চৰিত্ৰ” হিচাপে গণ্য কৰা হৈছিল,কাৰণ “বিজ্ঞানৰ শক্তিৰ প্ৰতি আমাৰ বিশ্বাস বঢ়োৱাত তেখেতৰ সমকক্ষ কোনো নাছিল।" (“more than anyone else is the source of our great confidence in the power of science.")[192] New Scientist called Newton "the supreme genius and most enigmatic character in the history of science".[193] দাৰ্শনিক আৰু ইতিহাসকাৰ ডেভিদ হিউম-এ (David Hume) ঘোষণা কৰিছিল, নিউটন আছিল “মানৱ প্ৰজাতিক সমৃদ্ধ কৰিবলৈ আৰু শিক্ষা দিবলৈ জন্ম লোৱা মহানতম আৰু বিৰলতম জিনিয়াছ।" (the greatest and rarest genius that ever arose for the ornament and instruction of the species).[194] আমেৰিকা যুক্তৰাষ্ট্ৰ-ৰ তৃত্বীয় ৰাষ্ট্ৰপতি আৰু প্ৰতিষ্ঠাপক পিতৃসমূহৰ এজন থমাছ জেফাৰছন-এ মন্টিচেল’-ৰ ঘৰত জন লক, ছাৰ ফ্ৰান্সিছ বেকন আৰু নিউটন-ৰ প্ৰতিকৃতি আঁৰি ৰাখিছিল। এই তিনিগৰাকী ব্যক্তিক তেওঁ “কোনো ব্যতিক্ৰম অবিহনে তিনিগৰাকী মহানতম ব্যক্তি” বুলি অভিহীত কৰাৰ লগতে, “ভৌতিক আৰু বৌদ্ধিক বিজ্ঞানৰ মহাসৌধৰ আধাৰশিলা” স্থাপন কৰোঁতাৰ স্থান দিছিল। ("the foundation of those superstructures which have been raised in the Physical and Moral sciences").[195] নিউটনক “বৈজ্ঞানিক আন্দোলনৰ বিশাল সৌধ” বুলি কোৱা হৈছিল, “অসাধাৰণ চিন্তাবিদৰে ভৰপূৰ এটা সময়ত, নিউটন আছিল পোনেই অনন্যসাধাৰণ।” ("In a period rich with outstanding thinkers, Newton was simply the most outstanding.") বহুবিশাৰদ জ’হান উলফ্গাং ভন গেট্যে -ই নিউটনৰ জন্মদিনটোক “আধুনিক যুগৰ বৰদিন” বুলিছিল।[9] ইটালিৰ বহুবিশাৰদ ভিলফ্ৰেডো পেৰেটো-ৰ মতে নিউটন আছিল “জন্ম লোৱা সমগ্ৰ মানৱৰ মাজৰ সৰ্বশ্ৰেষ্ঠ।”[196] ১৯২৭ চনত নিউটনৰ মৃত্যুৰ দুই শতিকা পূৰ্ণ হোৱাত জ্যোতিৰ্বিজ্ঞানী জেম্ছ জীন্ছ-এ কৈছিল, “নিশ্চয়কৈ বিজ্ঞানৰ মহানতম ব্যক্তি, আৰু সম্ভৱত: মানৱ জাতিৰো মহানতম প্ৰজ্ঞা।” ("was certainly the greatest man of science, and perhaps the greatest intellect, the human race has seen").[197] Newton ultimately conceived four revolutions—in optics, mathematics, mechanics, and gravity—but also foresaw a fifth in electricity, though he lacked the time and energy in old age to fully accomplish it.[198][199] পদাৰ্থবিদ লাড্উইগ্ বল্টজ্মেন-এ (Ludwig Boltzmann) নিউটনৰ প্ৰিন্সিপিয়া-ক “তাত্বিক পদাৰ্থবিজ্ঞানৰ প্ৰথমখন আৰু সৰ্বশ্ৰেষ্ঠ কৰ্ম” বুলিছে। ("the first and greatest work ever written about theoretical physics").[200] ষ্টিফেন হকিং-য়েও (Stephen Hawking) প্ৰিন্সিপিয়া-ৰ বিষয়ে কৈছে, “সমগ্ৰ ভৌতিক বিজ্ঞানৰ ক্ষেত্ৰতেই সম্ভৱত: আটাইতকৈ গুৰুত্বপূৰ্ণ একক কৰ্ম।” ("probably the most important single work ever published in the physical sciences").[201] পদাৰ্থবিদ এড্ৱাৰ্ড আন্ড্ৰাড-এ “তেখেতকৈ আগৰ আৰু পাছৰ যিকোনো মানুহতকৈ বহু বেছি আৰু দিঘলীয়াকৈ নিউটনে মানসিক কষ্ট কৰিব পৰাৰ ক্ষমতা ৰাখিছিল” বুলি উল্লেখ কৰিছে ("was capable of greater sustained mental effort than any man, before or since"), আৰু ইতিহাসত নিউটনৰ স্থানৰ বিষয়ে লিখিছিল:[202]
ফৰাছী পদাৰ্থবিদ আৰু গণিতজ্ঞ আৰু জঁ-বেপ্টিষ্ট বিঅ’ট-এ্ ((Jean-Baptiste Biot)) নিউটনৰ প্ৰতিভাৰ প্ৰশংসাত লিখিছে,[203]
চৰম প্ৰতিদ্বন্দিতা স্বত্তেও গট্ফ্ৰিড উইলহেম লেইৱনিজ-এ নিউটনৰ কৰ্মক ভূয়সী প্ৰশংসা কৰিছিল। ১৭০১ চনৰ এক নৈশ ভোজ-মেলত প্ৰুছিয়া-ৰ ৰাণী ছ’ফিয়া চাৰ্লট-ৰ এক প্ৰশ্নৰ উত্তৰত লেইৱনিজে কৈছিল,[204][205]
গণিতজ্ঞ এৰিক টেম্পল বেল-এ (E.T. Bell) কাৰ্ল ফ্ৰেডৰিখ্ গাউছ (Carl Freidrich Gauss) আৰু আৰ্কিমিডিছ-ৰ (Archimedes) লগতে একেলগে সৰ্বকালৰ তিনিজন শ্ৰষ্ঠতম গণিতজ্ঞৰ শাৰীত নিউটনক ৰাখিছে। [206] ‘দি কেমব্ৰিজ কম্পেনিয়ন টু আইজাক নিউটন’ (২০১৬) গ্ৰন্থত নিউটনৰ বৰ্ণনা দিয়া হৈছে, “খুব সৰুই কালৰপৰাই নিউটন আছিল এক অসাধাৰণ সমস্যা সমাধানকাৰী, ইমান সুদক্ষ যে মানুহৰ ইতিহাসত তেনে আন এজন ওলোৱা নাই।” ("from a very young age, an extraordinary problem-solver, as good, it would appear, as humanity has ever produced").[207] তেখেতক সৰ্বকালৰ শ্ৰেষ্ঠতম দুই বা তিনিৰাকী তাত্বিক পদাৰ্থবিদৰ শাৰীত (আন দুজন হ’ল জেম্ছ ক্লাৰ্ক মেক্সৱেল (James Clerk Maxwell) আৰু এলবাৰ্ট আইন্ষ্টাইন (Albert Einstein)), দুগৰাকী গণিতজ্ঞ-ৰ শাৰীত (আনগৰাকী কাৰ্ল ফ্ৰেডৰিখ্ গাউছ) আৰু শ্ৰেষ্ঠতম পৰীক্ষাবাদী বৈজ্ঞানিক-ৰ (experimentalist) শাৰীত ৰখা হয়। সেয়ে, “যিকোনো বিষয়ৰ বৈজ্ঞানিকৰ মাজত নিউটন নিজেই এটা শ্ৰেণী, কাৰণ তিনিটা বাদেই দুটা বিষয়ত প্ৰথম শাৰীত ৰাখিব পৰা আন এজন বিজ্ঞানী বিচাৰি উলিয়াবলৈ হাবাথুৰি খাবলগীয়া হয়। ” "putting Newton in a class by himself among empirical scientists, for one has trouble in thinking of any other candidate who was in the first rank of even two of these categories." আৰু, “তেওঁৰ পাছৰ বিজ্ঞানীসকলৰ তুলনাত, ইমান বহল ক্ষেত্ৰত বৈজ্ঞানিক বৰঙণি আগবঢ়াব পৰাটো নিউটনৰ এক অসাধাৰণ দক্ষতা।” ("At least in comparison to subsequent scientists, Newton was also exceptional in his ability to put his scientific effort in much wider perspective").[208] গাউছে নিজেই আৰ্কিমিডিছ আৰু নিউটন-ক তেওঁৰ নায়ক বুলি উল্লেখ কৰিছে,[209] আৰু অইন বুদ্ধিজীৱিক ‘উজ্জ্বল-মহান’ (latin: clarissimus) বা ‘মহান ’(latin: magnus) বুলি অভিহিত কৰাৰ বিপৰীতে অকল নিউটনক ‘সৰ্বোৎকৃষ্ট’ (latin: summus) বুলিছিল, আৰু কৈছিল, “নিউটন সদায়েই গুৰুৰো গুৰু হৈ ৰ’ব।” ("Newton remains forever the master of all masters!")[210] আই্নষ্টাইনে নিজৰ পঢ়া কোঠাৰ বেৰত মাইকেল ফেৰাডে আৰু জেম্ছ ক্লাৰ্ক মেক্সৱেল-ৰ লগতে নিউটনৰ ছবি আঁৰি ৰাখিছিল। [211] আইনষ্টাইনৰ মতে গতিৰ সূত্ৰৰ বাবে কলন গণিতৰ উদ্ভাৱন আছিল, “সম্ভৱত: এজন ব্যক্তিয়ে কৰিব পৰা চিন্তাৰ মহত্তম অগ্ৰগতি” ("perhaps the greatest advance in thought that a single individual was ever privileged to make.")[212] He also noted the influence of Newton, stating that:[213] নিউটনৰ প্ৰভাৱৰ ওপৰত তেওঁ লিখিছে,:
১৯৯৯ চনত অগ্ৰণী পদাৰ্থবিদৰ মাজত চলোৱা এক সমীক্ষাত আই্নষ্টাইন ‘সৰ্বকালৰ মহানতম পদাৰ্থবিদ’ নিৰ্বাচিত হয়, আৰু নিউটন দ্বিতীয় স্থানত থাকে, কিন্তু সমান্তৰালভাএ সকলো পদাৰ্থবিদৰ মাজত চলোৱা সমীক্ষাত নিউটনক সৰ্বশ্ৰেষ্ঠৰ স্থান লাভ কৰে।[214][215] ২০০৫ চনত, সাধাৰণ ৰাইজ আৰু ব্ৰিটেইনৰ ৰয়েল ছ’চাইটি-ৰ সভ্য সকলক সোধা হৈছিল, বিজ্ঞানৰ ইতিহাস আৰু মানৱ-প্ৰজাতিৰ সামগ্ৰিক ইতিহাস, দুয়োটা মিলাই নিউটন আৰু আইনষ্টাইনৰ মাজত কাৰ প্ৰভাৱ বেছি? সাধাৰণ ৰাইজ আৰু ছ’চাইটিৰ সভ্য দুয়োটা দলেই সামগ্ৰিক অৱদানৰ ক্ষেত্ৰত নিউটনক প্ৰথম স্থানত ৰাখে।[216][217] ১৯৯৯ চনত ‘টাইম আলোচনী’য়ে সোতৰ শতিকাৰ ‘শতিকাটোৰ ব্যক্তি’ বুলি উল্লেখ কৰে। [198] ২০০২ চনত বিবিচিএ চলোৱা সমীক্ষাত ‘এশ মহান ব্ৰিটিছ’-ৰ তালিকাৰ নিউটন ষষ্ঠ স্থানত আছিল। কিন্তু ২০০৩ চনত, ‘বিবিচি ৱৰ্ল্ড’-ৰ সমীক্ষাত নিউটনে প্ৰথম স্থান আৰু উইনষ্টন চাৰ্চিল-এ দ্বিতীয় স্থান লাভ কৰে।[218] ২০০৯ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়-ৰ ছাত্ৰসকলে ভোটৰ দ্বাৰা নিউটনক ‘মহানতম কেণ্টাব্ৰিজিয়ান’ (Cantabrigian: কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰে জড়িত) অভিহিত কৰে। [219] পদাৰ্থবিদ লেভ ডেভিড’ভিচ্ লেন্ড’-য়ে (Lev Davidovich Landau) পদাৰ্থবিদসকলৰ প্ৰতিভা আৰু উদ্ভাৱনশীলতা-ক এক ঘাতাংক মাত্ৰাত স্থান দিছিল। ০ (শূন্য) আছিল সৰ্ব্বোচ্চ স্থান, আৰু নিউটন এই্ স্থানত ৰখা হৈছিল। আইনষ্টাইন-ৰ স্থান আছিল ০.৫, কোৱাণ্টাম বলবিদ্যা-ৰ (quantum mechanics) জনক ৱাৰ্নাৰ হাইজেনবাৰ্গ (Werner Heisenberg) আৰু পল ডিৰাক (Paul Dirac) আছিল ১ মানত, আৰু নিজকে ২ স্থানত ৰাখিছিল। লেন্ড’ আছিল ন’বেল বঁটা বিজয়ী বিজ্ঞানী আৰু অতিতৰলতা-ৰ (superfluidity) আৱিষ্কাৰক।[220][221] ‘আন্তৰ্জাতিক একক পদ্ধতি’ত (Intenational System of Units) ‘বল’ৰ (force) ‘আন্তৰ্জাতিক লব্ধ একক’ক (SI derived unit) নিউটনৰ সন্মানত ‘নিউটন’ নাম দিয়া হৈছে। আপেলৰ কাহিনীনিউটনৰ আপেল গছৰ খ্যাতনামা বংশজ কেইজোপামান (ওপৰৰপৰা তললৈ): কেমব্ৰিজৰ ত্ৰিনিটি কলেজ, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ উদ্ভিদ উদ্যান, আৰ্জেণ্টিনাৰ ‘ইনষ্টিটিউটু বেলছাইৰ’’ৰ পুথিভঁৰাল উদ্যান নিউটনে নিজেই প্ৰায়েই উল্লেখ কৰিছিল যে আপেল এটা গছৰপৰা তললৈ পৰা দেখি তেওঁ মহাকৰ্ষণৰ তত্ব বিকাশ কৰিবলৈ প্ৰেৰণা পাইছিল। [222][223] নিউটনৰ ভাগিনী কেথৰিন বাৰ্টনে কাহিনীটো ভল্টেয়াৰ-ক কৈছিল,[224] আৰু ভল্টেয়াৰে তেখেতৰ ‘মহাকাব্যিক কবিতাৰ ওপৰত ৰচনা’ (১৭২৭) গ্ৰন্থত সন্নিবিষ্ট কৰাৰ ফলস্বৰূপে কাহিনীটো জনপ্ৰিয় হৈ পৰে। "ছাৰ আইজাক নিউটনে বাগিচাত খোজ কাঢ়ি থাকোতে, আপেল এটা গছৰপৰা তললৈ পৰা দেখি, প্ৰথমে মাধ্যাকৰ্ষণ কথা ভাবিছিল।“ (Sir Isaac Newton walking in his gardens, had the first thought of his system of gravitation, upon seeing an apple falling from a tree.)[225][226] কোৱা হয় যে আপেলৰ কাহিনীটো এক কিংবদন্তী মাত্ৰ, আৰু কোনো এটা বিশেষ মূহূৰ্তত হঠাতে নিউটনৰ মনলৈ মাধ্যাকৰ্ষণৰ ধাৰণা অহা নাছিল। [227] কিন্তু নিউটনৰ চিনাকী বহুতেই (তেনে এজন ‘উইলিয়াম ষ্ট্যুকলি’-ৰ লেখা ‘ৰয়েল ছ’চাইটি’-য়ে ইতিমধ্যে ৰাজহুৱা কৰিছে) ঘটনাটো সঁচা বুলিয়েই ডাঠি কৈছিল, অৱশ্যে আপেলটো নিউটনৰ মূৰত পৰা বুলি থকা জনশ্ৰুতিটো কোনেও উল্লেখ কৰা নাই। ষ্ট্যুকলি-য়ে ‘ছাৰ আইজাক নিউটনৰ জীৱন কথা’-ত (Memoirs of Sir Isaac Newton's Life) ১৭২৬ চনৰ ১৫ এপ্ৰিল-ত কেনছিংটন-ত নিউটনৰ লগত হোৱা এক বাৰ্তালাপৰ বিৱৰণী এনে ধৰণে দিছে:[228][229]
নিউটনৰ ৰাজকীয় টাকশালৰ সহকাৰী আৰু ভাগিনী-পতি জন কন্ডুইটেও আপেলৰ কাহিনীটো বৰ্ণনা কৰিছিল [230]
তেখেতৰ টৌকাবহীৰপৰা জানিব পৰা যায় যে ১৬৬০ চনৰ শেষৰপৰাই নিউটনে পৃথিৱীৰ মাধ্যাকৰ্ষণ চন্দ্ৰলৈ বৰ্গ-ব্যস্তানুপাতত সম্প্ৰসাৰিত হয় বুলি ধাৰণা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু, ইয়াৰপৰা সম্পূৰ্ণ তত্ব বিকাশ কৰিবলৈ তেখেতক দুটা দশকৰ প্ৰয়োজন হৈছিল।[231] মাধ্যাকৰ্ষণ আচলতে আছে নে নাই সেইটো মূল প্ৰশ্ন নাছিল, কিন্তু মাধ্যাকৰ্ষণে পৃথিৱীৰপৰা ইমান দূৰৈত থকা চন্দ্ৰক কক্ষপথত ধৰি ৰাখিব পৰাকৈ ব্যাপ্ত হয়নে? নিউটনে দেখুৱাইছিল যে যদি বৰ্গৰ ব্যস্তনুপাতিক ভাৱে বল কমিও যায়, তেতিয়াও চন্দ্ৰৰ কক্ষপথ গণনা কৰিব পাৰি, আৰু সেই গণনাৰ ফল মিলিও যায়। নিউটনে অনুমান কৰি লৈছিল যে একেটা বলেই অন্য কক্ষপথৰ গতিৰো কাৰক, সেয়ে তেওঁ এই বলক ‘মহাকৰ্ষণ’ (universal gravitation) নাম দিছিল। কেবাডালো আপেল গছ-ৰ নিউটনে বৰ্ণনা কৰা আপেল গছডাল বুলি দাবী কৰা হয়। গ্ৰেন্থামৰ কিংছ স্কুলে দাবী অনুসৰি কেইবছৰমান পাছতেই মূল গছডাল স্কুলখনে কিনি লৈছিল, আৰু শিপাৰে সৈতে উভালি আনি প্ৰধানশিক্ষকৰ বাগিচাত ৰুইছিল। অৱশ্যে বৰ্তমান ‘উল্ছ্থৰ্প ভৱন’-ৰ বৰ্তমানৰ গৰাকী ‘ৰাষ্ট্ৰীয় ন্যাস’-ৰ (national trust) কৰ্ম-কৰ্তাই এই দাবী নাকচ কৰি ভৱনৰ বাগিচাত থকা আপেল গছ এডালক নিউটনে বৰ্ণনা গছডাল বুলি কয়। মূল গছডালৰ বংশজ গছ এডাল এতিয়া কেম্ব্ৰিজ-ৰ ট্ৰিনিটি কলেজ-ৰ মুখ্যদ্বাৰৰ বাহিৰত দেখা যায়।[232] পঢ়ি থকাৰ সময়ত নিউটন থকা কোঠালীটোৰ ঠিক তলতে এই গছডাল অৱস্থিত। ইংলেণ্ডৰ কেন্ট অঞ্চলৰ ‘দি নেচনেল ফ্ৰুট কালেকচন অৱ ব্ৰগডেল’ নামৰ অনুষ্ঠানটিয়ে তেওঁলোকৰ গছডালৰ কলম যোগান ধৰিব পাৰে।<২২৮> এই গছৰ ফল ‘ফ্লাৱাৰ অৱ কেণ্ট’ নামৰ আপেলৰ বিধ-ৰ দৰে, ডাঠ-মঙহাল আৰু আঞ্জা খোৱাৰ উপযুক্ত।[233] can supply grafts from their tree, which appears identical to Flower of Kent, a coarse-fleshed cooking variety.[234] স্মৃতিচাৰণ![]() নিউটনৰ স্মৃতিসৌধ (১৭৩১) ৱেষ্টমিন্ষ্টাৰ এবি-ৰ গীৰ্জাৰ গায়কদলৰ কোঠালৈ সোমাওৱা দুৱাৰৰ ঠিক উত্তৰে, নিউটনৰ সমাধিৰ কাষতে। বগা আৰু মটীয়া ৰঙৰ মাৰ্বল পাথৰেৰে নিৰ্মিত এই সৌধৰ নক্সা সাজোতা আছিল স্থপতিবিদ [[[উইলিয়াল কেণ্ট]] (William Kent), আৰু ইয়াক নিৰ্মাণ কৰিছিল মাইকেল ৰাইছ্ব্ৰেক-এ (Michael Rysbrack) (১৬৯৪-১৭৭০)।[235] এই সৌধত নিউটনক ‘শিলৰ সমাধি’-ৰ (sarcophagus) ওপৰত জিৰাই থকা দেখা যায়। তেওঁৰ সোঁহাতখন তেওঁৰ ৰচিত কিতাপৰ ওপৰত ভেঁজা দি থকা, আৰু বাওঁহাতেৰে গাণিতিক নক্সা এখনলৈ আঙুলিয়াই থকা দেখা যায়। তেখেতৰ ওপৰত এটা ‘পিৰামিড’ আৰু ৰাশিসমূহৰে চিহ্ন আৰু ১৬৮০ চনৰ ধূমকেতুৰ গতি-পথেৰে সৈতে ‘ব্ৰহ্মাণ্ড গোলক’ (celestial globe) নিৰ্মাণ কৰা হৈছে। লগতে এক ‘ৰিলিফ চিত্ৰ’-ত (relief panel) ‘শিশু দেৱদূত’ (putti) কেইজনমানে টেলিস্কোপ, প্ৰজম আদি বৈজ্ঞানিক আহিলা ব্যৱহাৰ কৰি থকা খোদিত কৰা আছে।[236] ১৯৭৮ চনৰপৰা ১৯৮৮ চনলৈ ‘বেংক অৱ ইংলেণ্ড’-এ এলানি ডি-ছিৰিজৰ এক পাউণ্ডৰ নোটত নিউটনৰ ছবি সন্নিবিষ্ট কৰিছিল। নোটখনৰ পিছফালে নিউটনক হাতত এখন কিতাপ লৈ থকা দেখুওৱাৰ লগতে, এটা টেলিস্কোপ, এটা প্ৰিজম আৰু সৌৰজগতৰ এখন মান-চিত্ৰ অঁকা হৈছে। এই নোটখনৰ ডিজাইন কৰোঁতা আছিল হেৰী এক্ল্ষ্ট’ন।[237] অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাকৃতিক বুৰঞ্জী-ৰ সংগ্ৰহালয়-ত ভৰিৰ ওচৰত পৰি থকা আপেল এটালৈ চিন্তামগ্ন হৈ নিউটনে চাই থকা মূৰ্তি এটা ৰখা হৈছে। লণ্ডনৰ ‘ব্ৰিটিছ লাইব্ৰেৰী’-ৰ ভিতৰ-চোতালত (piazza) নিউটনৰ এক ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আছে, যাৰ নাম ‘উইলিয়াম ব্লেকৰ দৃষ্টিৰে নিউটন’। এই্ প্ৰতিমূৰ্তিৰ শিল্পী স্কটলেণ্ডৰ ভাস্কৰ এডুৱাৰ্ড’ পাঅ’লজি, নিৰ্মাণ কাল ১৯৯৫, আৰু ই ব্লেক-ৰ খোদিত এক চিত্ৰ ভিত্তিত নিৰ্মিত। ১৮৫৮ চনত নিউটনৰ প্ৰথম শিক্ষালাভৰ স্থান ‘গ্ৰেন্থাম’-ৰ সোঁমাজত ঐতিহাসিক ভৱন ‘গ্ৰেন্থাম গিল্ডহল’-ৰ সন্মুখত নিউটনৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। ইংলেণ্ডৰ কলষ্টাৰৱৰ্থ গাঁৱৰ কাষৰীয়া উল্ছথৰ্প মেনৰ পাম-ঘৰ এতিয়াও অক্ষত অৱস্থাত আছে। ইয়াতেই নিউটনৰ জন্ম হৈছিল, ইয়াতেই মহাকৰ্ষণৰ আৱিষ্কাৰ আৰু পোহৰৰ প্ৰতিসৰণৰ তত্বৰ বিকাশ হৈছিল। এই পাম-ঘৰ এতিয়া ইংলেণ্ডৰ চৰকাৰৰ অধীনৰ ‘ঐতিহাসিক ইংলণ্ড’ (Historic England)-ৰ দ্বাৰা সংৰক্ষিত।[238] আলোকায়ন‘আলোকায়ন যুগ’-ৰ চিন্তাবিদসকলে বিজ্ঞানৰ ইতিহাসৰ এক চমু সময়ে প্ৰকৃতি আৰু প্ৰাকৃতিক নিয়মক প্ৰায় সকলো ভৌতিক আৰু সামাজিক দিশত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছিল বুলি আঙুলিয়াই দিয়ে। এই্ চমু সময়ৰ তিনিগৰাকী বিজ্ঞানী ক্ৰমে, গেলিলিও গেলিলেই, বয়ল আৰু নিউটনক এই দিশৰ পথপ্ৰদৰ্শক আৰু নিশ্চয়দাতা বুলি বৰ্ণনা কৰে। তেওঁলোকে আলোকায়নৰ পৰিৱৰ্তনত ইতিহাসৰ শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ ভূমিকাক অস্বীকাৰ কৰে। [239] (টোকা: “আলোকায়নৰ যুগ” (Age of Enlightenment বা Age of Reason বা The Enlightenment) ১৭শ আৰু ১৮শ শতিকাত ইউৰোপত হোৱা এক বৌদ্ধিক আৰু দাৰ্শনিক আন্দোলন। [240][193] ‘আলোকায়ন’ৰ সময়ত, যুক্তি আৰু পৰীক্ষাৰ মাজেৰে লব্ধ জ্ঞানক গুৰুত্ব দিয়া হৈছিল। সামাজিক, ৰাজনৈতিক সকলো দিশতে প্ৰভাৱ পেলোৱা এই আন্দোলনত প্ৰাকৃতিক সূত্ৰ, স্বাধীনতা, প্ৰগতি, সহনশীলতা, ভাতৃত্ববোধ, সাংবিধানিক চৰকাৰ, আৰু ধৰ্ম আৰু ৰাজনীতিক পৃথক কৰা আদি ধাৰণাই আগভাগ পাইছিল।[241][242][243]) আলোকায়ন কালৰ ইউৰোপৰ দাৰ্শনিক আৰু পাছৰ ইতিহাসকাৰে নিউটনৰ ‘প্ৰিন্সিপিয়া’ গ্ৰন্থৰ প্ৰকাশক ‘বৈজ্ঞানিক বিপ্লৱ’ৰ এক সন্ধিক্ষণ বুলি অভিহিত কৰে, যিয়ে আলোকায়ন যুগৰ উন্মেষ ঘটাইছিল। যুক্তিৰে বুজিব পৰা নিয়ম আৰু আৰে একে নিয়মেৰে ব্ৰহ্মাণ্ড-ক বান্ধিব পৰা নিউটনৰ ধাৰণাসমূহ আছিল ‘আলোকায়ন’ৰ মূল মতাদৰ্শ।[244] এই মূল মতাদৰ্শকেই জন লক আৰু ভল্টেয়াৰ-এ ৰাজনৈতিক প্ৰণালীত প্ৰয়োগ কৰি ‘নাগৰিকৰ অধিকাৰ’ সন্নিবিষ্ট কৰিছিল, আদম স্মিথ (Adam Smith) আৰু অন্যান্যসকলে মন:স্তত্বৰ স্বাভাৱিক ধাৰণা আৰু নিজ-স্বাৰ্থ-ক অৰ্থনীতি-ত প্ৰয়োগ কৰিছিল; সমাজবিজ্ঞানী-য়ে তৎকালীন সামাজিক শ্ৰেণী-বিভাজনক প্ৰাকৃতিক বুলিব বিচৰা ধাৰণাৰ বিৰোধিতা কৰিছিল। ভাষাবিদ ‘লৰ্ড মনবড’´ (Lord Monboddo) আৰু দাৰ্শনিক আৰু যাজক ‘ছেমুৱেল ক্লাৰ্ক (Samuel Clarke)-এ প্ৰথমে নিউটনৰ কৰ্ম-ক অস্বীকাৰ কৰিলেও পাছলৈ নিউটনৰ ধাৰণাৰেই নিজৰ নিজৰ ধৰ্মীয় মতবাদ শক্তিশালী কৰিবলৈ যুক্তি দিছিল। লগতে চাওকতথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia