আন্তৰ্জাতিক পুৰুষ দিৱস
আন্তৰ্জাতিক পুৰুষ দিৱস হৈছে পুৰুষৰ সাংস্কৃতিক, ৰাজনৈতিক, আৰু আৰ্থ-সামাজিক কৃতিত্বক স্বীকৃতি আৰু উদযাপনৰ বাবে প্ৰতি বছৰে ১৯ নৱেম্বৰত বিশ্বব্যাপী পালন কৰা এক দিৱস। আন্তৰ্জাতিক পুৰুষ দিৱস উদযাপনৰ উদ্দেশ্যসমূহ 'আন্তৰ্জাতিক পুৰুষ দিৱসৰ ছয়টা স্তম্ভ'ত উল্লেখ কৰা হৈছে।[1] বিশেষকৈ জাতি, সংঘ, সমাজ, সম্প্ৰদায়, পৰিয়াল, বিবাহ, আৰু শিশুৰ যত্নত তেওঁলোকৰ অৱদানৰ বাবে ল’ৰা আৰু পুৰুষৰ জীৱন, কৃতিত্ব আৰু অৱদানক উদযাপন কৰাৰ এক অনুষ্ঠান। এই অনুষ্ঠানৰ বহল আৰু চূড়ান্ত লক্ষ্য হৈছে পুৰুষৰ বিষয়ৰ প্ৰতি মৌলিক সজাগতা বৃদ্ধি কৰা। ইতিহাস১৯৯৪ চনত প্ৰথমবাৰৰ বাবে পুৰুষ দিৱসৰ প্ৰস্তাৱ দিয়া হৈছিল। অৱশ্যে ইয়াৰ ইতিহাস যথেষ্ট পুৰণি। ১৯২২ চনৰ পৰা ছোভিয়েট ইউনিয়নত ৰেড্ আৰ্মী আৰু নৌসেনা দিৱস পালন কৰা হৈছিল। মূলতঃ পুৰুষৰ বীৰত্ব আৰু ত্যাগৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হৈছিল। ২০০২ চনত এই দিৱসক ‘ডিফেণ্ডাৰ অফ দ্য ফাদাৰলেণ্ড ডে’ হিচাপে নামকৰণ কৰা হয়। ৰাছিয়া, ইউক্ৰেইনকে ধৰি তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ দেশসমূহত এই দিৱস পালন কৰা হৈছিল। [2] ষাঠিৰ দশকৰ পৰা পুৰুষ দিৱস উদযাপনৰ বাবে বিভিন্ন লেখা-মেলাৰ কাম চলি আহিছে। ১৯৬৮ চনত আমেৰিকাৰ সাংবাদিক জন পি হেৰিছে তেওঁৰ লেখাত এই দিনটো পালনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছিল। নব্বৈৰ দশকৰ আৰম্ভণিতে আমেৰিকা, অষ্ট্ৰেলিয়া আৰু মাল্টাৰ কেইবাটাও প্ৰতিষ্ঠানে ফেব্ৰুৱাৰী মাহত পুৰুষ দিৱস উদযাপনৰ বাবে কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰিছিল। অৱশ্যে এই অনুষ্ঠানবোৰে বিশেষ প্ৰচাৰ লাভ কৰা নাছিল। লগতে অংশগ্ৰহণো কম আছিল। পিছত ১৯ নৱেম্বৰত সমগ্ৰ বিশ্বতে পুৰুষ দিৱস পালন কৰাৰ সিদ্ধান্ত লোৱা হয়।[3] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia