চুনতি বন্যপ্ৰাণী অভয়াৰণ্য

চুনতি বন্যপ্ৰাণী অভয়াৰণ্য
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
মানচিত্ৰত চুনতি বন্যপ্ৰাণী অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান  বাংলাদেশ
নিকটতম চহৰ চট্টগ্ৰাম
মাটিকালি ৭৭৬৩.৯৪ হেক্টৰ
প্ৰতিস্থা ১৯৮৬ (1986)
কৰ্তৃপক্ষ বাংলাদেশ বন বিভাগ

চুনতি বন্যপ্ৰাণী অভয়াৰণ্য (ইংৰাজী: Chunati Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্য। অভয়াৰণ্যখন, দক্ষিণ-পূব বাংলাদেশৰ চট্টগ্ৰাম বিভাগৰ চট্টগ্ৰাম জিলাৰ অন্তৰ্গত চুনতি গাঁৱৰ ওচৰত অৱস্থিত।[1]

ইতিহাস

১৯৮৬ চনত, গেজেট অধিসূচনা "XII/For-I/84/174"ৰ জৰিয়তে এই অভয়াৰণ্যখন স্থাপিত হৈছিল। প্ৰায় ৭৭৬৪ হেক্টৰ ভূমি সামৰি লোৱা এই অৰণ্যখন, প্ৰথমে গৰ্জন (Dipterocarpus turbinatus) বনাঞ্চল আছিল যদিও অবৈধভাৱে কাঠ সংগ্ৰহ কৰা আৰু খেতিৰ বাবে ভূমি বেদখল কৰাৰ ফলত ই খণ্ডিত তথা ক্ষয়প্ৰাপ্ত হয়। ২০০৩ চনলৈকে গৌণ জোপোহাবোৰে অভয়াৰণ্যখনৰ প্ৰায় ৪৪% অংশ সামৰি লৈছিল। যদিও বৰ্তমান দানকাৰীসকলৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পুনঃৰোপণ প্ৰকল্প গ্ৰহণ কৰা হৈছে।[2] এইখনেই আছিল বাংলাদেশৰ প্ৰথমখন বন্যপ্ৰাণী অভয়াৰণ্য। অভয়াৰণ্যখনৰ লগতে ইয়াৰ আশে-পাশে প্ৰায় ১৫খন গাঁও আছে।[3] অভয়াৰণ্যখন, কেইবাটাও বিলুপ্তপ্ৰায় উদ্ভিদ প্ৰজাতিৰ আবাসস্থল।[4]

বন্যপ্ৰাণী

চুনতি বন্যপ্ৰাণী অভয়াৰণ্য হৈছে বাংলাদেশ আৰু ম্যানমাৰৰ মাজত এছিয়াৰ হাতী চলাচলৰ এক প্ৰধান কৰিডৰ।[5] অভয়াৰণ্যখনত থকা স্তন্যপায়ী প্ৰাণীসমূহৰ ভিতৰত সুগৰী পহু, মেচেকা, বনৰীয়া গাহৰি আৰু মালয়ৰ কেঁটেলাপহু আদি উল্লেখযোগ্য। চৰাইবোৰৰ ভিতৰত সোণ বাঢ়ৈটোকা, বসন্ত চৰাই, মৌপিয়া, মৌখাটি, কুকুহা, ঘৰ বতাহী, তিল কপৌ, ফেঁচু, চুটীয়া শালিকা আৰু কাণকুৰিকা আদি উল্লেখযোগ্য।[6]

প্ৰশাসন আৰু সুৰক্ষা

এই উদ্যানখন পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ (MoEF) অন্তৰ্ভুক্ত বাংলাদেশ বন বিভাগৰ অধীনস্থ। সংস্থাটোৱে, স্থানীয় জনগোষ্ঠীৰ সহযোগত উদ্যানখন পৰিচালনা কৰে।[7] সেউজীয়া শাৰী পিন্ধা মহিলাসকলে সামূহিক টহলদাৰীৰ নেতৃত্ব দিয়ে। স্থানীয় মহিলাসকলক এনে কাৰ্যৰ বাবে আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা আৰু জাৰ্মানীৰ উন্নয়ন সংস্থা জিটিজেডৰ দ্বাৰা পুঁজি আগবঢ়োৱা হয়। তেওঁলোকে এই সেৱাৰ বাবে ৫০ ডলাৰৰ উপবৃত্তি লাভ কৰে।[8]

তথ্য উৎস

  1. "Chunati Wildlife Sanctuary". IUCN WDPA / UNEP-WCMCProtected Planet. http://www.protectedplanet.net/sites/Chunati_Wildlife_Sanctuary। আহৰণ কৰা হৈছে: 20 February 2015. 
  2. Sinha, P.B.; Alam, M.. "Secondary data collection for pilot protected area: Chunati Wildlife Sanctuary". USAID. Archived from the original on 20 February 2015. https://web.archive.org/web/20150220174052/http://pdf.usaid.gov/pdf_docs/pnaed163.pdf। আহৰণ কৰা হৈছে: 20 February 2015. 
  3. Al Mamun, Abdullah. "Protect Chunati Wildlife Sanctuary". The Daily Star. Archived from the original on 14 July 2015. https://web.archive.org/web/20150714122426/http://archive.thedailystar.net/newDesign/news-details.php?nid=268855। আহৰণ কৰা হৈছে: 14 July 2015. 
  4. McDermott, Mat. "Bangladesh Gets $19 Million from US & Germany for Reforestation Project". MNN HOLDING COMPANY, LLCtreehugger.com. http://www.treehugger.com/natural-sciences/bangladesh-gets-19-million-from-us-germany-for-reforestation-project.html। আহৰণ কৰা হৈছে: 14 July 2015. 
  5. "US, Germany join in climate change mitigation at Chunati Wildlife Sanctuary US, Germany join in climate change mitigation at Chunati Wildlife Sanctuary". bdnews24.com. http://bdnews24.com/bangladesh/2009/08/12/us-germany-join-in-climate-change-mitigation-at-chunati-wildlife-sanctuary। আহৰণ কৰা হৈছে: 14 July 2015. 
  6. Sinha, P.B.; Alam, M.. "Chunati interpretation plan". USAIDNishorgo Project. Archived from the original on 20 February 2015. https://web.archive.org/web/20150220164453/http://nishorgo.org/tbltd/upload/pdf/0.29615300%201357827296_165_Chunoti%20Interpretation%20plan.pdf। আহৰণ কৰা হৈছে: 20 February 2015. 
  7. "Restoring the forest and improving livelihoods in the Chunati Wildlife Sanctuary". German Embassy Dhaka. Archived from the original on 14 July 2015. https://web.archive.org/web/20150714120838/http://www.dhaka.diplo.de/Vertretung/dhaka/en/07/Other/Chunati.html। আহৰণ কৰা হৈছে: 14 July 2015. 
  8. Boykoff, Pamela. "'Sari squad' protects Bangladesh wildlife sanctuary". CNN. Archived from the original on 14 July 2015. https://web.archive.org/web/20150714144633/http://edition.cnn.com/2011/WORLD/asiapcf/03/04/bangladesh.wildlife.eco/। আহৰণ কৰা হৈছে: 14 July 2015. 

বাহ্যিক সংযোগ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya