ডিএনপি লিমিটেড
ডিএনপি লিমিটেড (ইংৰাজী: DNP Limited) অসম চৰকাৰৰ এক ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ।[1] অসম গেছ কোম্পানী লিমিটেড, নুমলীগড় তেল শোধনাগাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য অংশীদাৰীত্বৰে গঠিত ডিএনপি লিমিটেড ২০০৭ চনৰ ১৫ জুন তাৰিখে স্থাপন কৰা হৈছিল। যুটীয়া উদ্যোগ হিচাপে ডিএনপি লিমিটেড ১৯৫৬ চনৰ কোম্পানী আইনৰ অধীনত পঞ্জীভুক্ত।[2] দুলীয়াজান নুমলীগড় পাইপলাইনৰ ইংৰাজী নামৰ প্ৰতিটো শব্দৰ প্ৰথম বৰ্ণৰে কোম্পানীটোৰ নাম ডিএনপি লিমিটেড ৰখা হৈছে। ইতিহাসঅসম গেছ কোম্পানীয়ে ২০০৪ চনত নুমলীগড় তেল শোধনাগাৰৰ বাবে দুলিয়াজানৰ পৰা নুমলীগড়লৈ প্ৰাকৃতিক গেছ পৰিবহণৰ প্ৰকল্পৰ ধাৰণা কৰিছিল। সেই মৰ্মে অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় তেল শোধনাগাৰে ২০০৫ চনৰ ১৭ মাৰ্চত দুলীয়াজানৰ মধুবনৰ পৰা নুমলীগড়লৈ প্ৰাকৃতিক গেছ যোগানৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে।[1] ২০০৫ চনৰ ২৭ জুন তাৰিখে অসম গেছ কোম্পানী আৰু নুমলীগড় তেল শোধনাগাৰৰ মাজত গেছ পৰিবহণ চুক্তি স্বাক্ষৰিত হয়। পৰৱৰ্তী সময়ত নুমলীগড় তেল শোধনাগাৰে প্ৰকল্পটোত ৪০% ইকুইটি অংশীদাৰীত্বৰ প্ৰস্তাৱ আগবঢ়ায়। তাৰপিছত অসম গেছ কোম্পানীৰ ৬০% আৰু নুমলীগড় তেল শোধনাগাৰৰ ৪০% ইকুইটি অংশদাৰীত্বৰ সৈতে এক নতুন কোম্পানী ডিএনপি লিমিটেড গঠন কৰা হৈছিল।[1] ২০০৭ চনৰ ১৫ জুন তাৰিখে দুলীয়াজানৰ অসম গেছ কোম্পানীত ইয়াৰ কাৰ্যকৰী মুখ্য কাৰ্যালয়ৰ সৈতে পঞ্জীয়ন কৰা হৈছিল। পিছত অইল ইণ্ডিয়া লিমিটেডে প্ৰকল্পটোত ইকুইটি অংশগ্ৰহণৰ বাবে আগবাঢ়ি আহে। বৰ্তমান ডিএনপি লিমিটেডৰ অংশদাৰীত্ব ক্ৰমে অসম গেছ কোম্পানীৰ ৫১%, নুমলীগড় তেল শোধনাগাৰৰ ২৬% আৰু অইল ইণ্ডিয়া লিমিটেডৰ ২৩%।[3] কোম্পানীটোৱে ২০১১ চনৰ ২৮ ফেব্ৰুৱাৰীত দুলীয়াজানৰ পৰা নুমলীগড় শোধনাগাৰলৈ ১৯২ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্দিষ্ট পাইপলাইন স্থাপন কৰি প্ৰাকৃতিক গেছ যোগানৰ প্ৰথম প্ৰকল্প সম্পূৰ্ণ কৰে। এই পাইপলাইন অসমৰ ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ মাজেৰে পাৰ হৈ গৈছে। দুলীয়াজানৰ মধুবনৰ ডিচপেচ টাৰ্মিনেল আৰু এন আৰ এলত ৰিচিভিং টাৰ্মিনেলকে ধৰি ৫ নং ছেকচনেলাইজিং ভালভ (এছ ভি) ষ্টেচন আৰু ২ নং ইণ্টাৰমিডিয়েট পিগিং (আই পি) ষ্টেচনৰ সৈতে এই প্ৰকল্পটো সম্পূৰ্ণ হয়।[1] বৰ্তমান স্থিতিডিএনপি লিমিটেডে নুমলীগড় শোধনাগাৰত প্ৰাকৃতিক গেছ যোগান ধৰা এক সমৰ্পিত পাইপলাইন পৰিচালনা কৰে। কোম্পানীটোৱে বাৰ্ষিক ৩০০ মিলিয়ন মানক ঘনমিটাৰ পৰিমাণৰ সৈতে প্ৰতিদিনে ১.০ মিলিয়ন মেট্ৰিক মানক ঘনমিটাৰ প্ৰাকৃতিক গেছ নুমলীগড় শোধনাগাৰক যোগান ধৰাৰ চুক্তি সম্পাদন কৰিছে। বৰ্তমানে ই এটা নতুন পাইপলাইনৰ সৈতে প্ৰায় প্ৰতিদিনে ৫.৫ মিলিয়ন মেট্ৰিক মানক ঘনমিটাৰ চাহিদাৰ বৃহৎ ব্যৱসায়িক সুযোগ লক্ষ্য কৰি বোকাজান, ডিফু, লামডিং, হোজাই, লংকা, নগাঁও, মৰিগাঁও আৰু গুৱাহাটীৰ ওচৰৰ চন্দ্ৰপুৰ অঞ্চললৈ সামৰি প্ৰায় ৫০০ কিঃমিঃ নতুন পাইপলাইনৰ চিন্তা-চৰ্চা আৰম্ভ কৰিছে।[4] ইয়াৰ উপৰিও, নতুন পাইপলাইনটো ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ নেটৱৰ্কত গেছ যোগান ধৰিবলৈ বৰপথাৰৰ ওচৰৰ পথত আইজিজিএল ফেজ-১ পাইপলাইনৰ সৈতেও সংযোগ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।[4] ডিএনপিএল-এ নতুন এলেকাসমূহলৈ গেছ যোগান ধৰাৰ বাবে পিএনজিআৰবি নিয়মাৱলী, ২০০৮-ৰ নিয়ম ৪(১)ৰ অধীনত দুলীয়াজান (অসম)ৰ পৰা গুৱাহাটীলৈ প্ৰাকৃতিক গেছ পাইপলাইন স্থাপন, নিৰ্মাণ, পৰিচালনা বা সম্প্ৰসাৰণৰ বাবে আগ্ৰহৰ অভিব্যক্তি দাখিল কৰিছে।[4] ডিএনপিএলে গুৱাহাটী, নগাঁও, গোলাঘাট, কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ দুলীয়াজানৰ পৰা গুৱাহাটীলৈ নতুন পাইপলাইন বিকশিত কৰাৰ প্ৰকল্পটো তিনিটা পৰ্যায়ত সম্পাদন কৰা হ'ব:[4]
তথ্য উৎস
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia