নিপন গোস্বামী
নিপন গোস্বামী (ইংৰাজী: Nipon Goswami, ১৯৪২—২০২২) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু নাট্যভিনেতা আছিল। মঞ্চত অভিনয় জীৱন আৰম্ভ কৰি তেখেতে পাছলৈ চিনেমাত নায়কৰ অভিনয় কৰিবলৈ লয়। অসমীয়া চলচ্চিত্ৰৰ মুষ্টিমেয় তাৰকা অভিনেতাসকলৰ মাজত নিপন গোস্বামী অন্যতম। তেখেতে টেলি-ফিল্ম, ভিচিডি ছবি আদিতো অভিনয় কৰাৰ উপৰিও নাট পৰিচালনাও কৰিছে। গোস্বামীয়ে প্ৰায় ৫০খন অসমীয়া ছবিত কাম কৰিছে। তেখেতে ৭খন হিন্দী ছবিৰ লগতে দুখনমান বঙালী ছবিত অভিনয় কৰিছে। ২৭ অক্টোবৰ, ২০২২-ৰ দিনা হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত তেখেতৰ মৃত্যু হয় ৷[2][3] ২০২১ বৰ্ষত নিপন গোস্বামীক ‘ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা’ৰে সন্মানিত কৰা হয় ৷[4] তেখেত পুনে ফিল্ম ইনষ্টিটিউটৰ ষাঠিৰ দশকৰে স্নাতক আছিল। ব্যক্তিগত জীৱনতেজপুৰৰ কলিবাৰীত ১৯৪২ চনৰ ছেপ্টেম্বৰ মাহত নিপন গোস্বামীৰ জন্ম হৈছিল। পিতৃ চন্দ্ৰধৰ গোস্বামী আছিল বিখ্যাত অভিনেতা আৰু মাতৃ নিৰুপমা গোস্বামীয়ে সংগীত চৰ্চা কৰিছিল। নিপন গোস্বামীয়ে শিক্ষাৰম্ভ কলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত কৰিছিল। তাৰপাছত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। নিপন গোস্বামীয়ে ঘৰতেই সাংস্কৃতিক পৰিৱেশ এটা পাইছিল। পিতৃ চন্দ্ৰধৰ গোস্বামীকে ধৰি পাঁচো জন খুৰাকেই আছিল অভিনয়ৰ লগত জড়িত। তদুপৰি বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আছিল তেখেতৰ চুবুৰীয়া। বাণ ৰঙ্গমঞ্চত নিয়মিতভাৱে চলি থকা নাটক চাই তেখেত অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল। মৃত্যুৰ আগলৈকে তেখেতে চলচ্চিত্ৰ আৰু ভিচিডি ছবিত অভিনয় কৰি গৈছিল।[2] তেখেতে অসম চৰকাৰৰ জনসংযোগ বিভাগতো কিছু বছৰ চাকৰি কৰিছিল। অভিনয় জীৱনস্কুলত পঢ়ি থকা দিনতেই নিপন গোস্বামীয়ে প্ৰথম অভিনয় কৰিছিল। আঠ নে ন বছৰ বয়সত তেখেতে প্ৰথমে 'লাচিত বৰফুকন' নাটকত স্কুলীয়া লগৰীয়া কেইজনমানৰ লগত অভিনয় কৰিছিল। হাইস্কুলত পঢ়া কালতো নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। অভিনয়ৰ শিক্ষাবি এ ফাইনেল পৰীক্ষা দিয়াৰ পাছত তেখেতে কলিকতালৈ গৈ পুনেৰ পুনা ফিল্ম ইনষ্টিটিউটত (FTII) নামভৰ্তিৰ বাবে ইণ্টাৰভিউ দিয়ে। ১৯৬৫ চন মানত তেওঁ পুনেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায়। সুভাষ ঘাই, শত্ৰুঘ্ন সিন্হা, নবীন নিশ্চল, জালাল আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি তেখেতৰ সহপাঠী আছিল। বলিউদৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু বলিউদৰ ডেনী আৰু জয়া ভাদুৰী তেখেতৰ কনিষ্ঠ আছিল। ২ বছৰীয়া শিক্ষা সাং কৰি তেওঁ প্ৰথম ছবিত অভিনয় কৰে। বোলছবিত অভিনয়পুনা ফিল্ম ইনষ্টিটিউটৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতেই নিপন গোস্বামীয়ে অমৰ পাঠকৰ সংগ্ৰাম বোলছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পায়। সেই আমন্ত্ৰণমৰ্মেই নিপন গোস্বামীয়ে সংগ্ৰাম বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে। কালানুক্ৰমিকভাৱে নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত পিয়লি ফুকন। পিতৃ চন্দ্ৰধৰ গোস্বামীয়ে নাম-ভূমিকাত অভিনয় কৰা এই ছবিখনৰ কেইটামান সৰু-সুৰা দৃশ্যত তেখেতে ভূমুকি মাৰিছিল।[5] সংগ্ৰামৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ডক্তৰ বেজবৰুৱাত অভিনয় কৰে। তাৰ পাছৰে পৰা তেখেতে ১০০-ৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৮১ চনৰ আজলী নবৌৰ পাছৰেপৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়।[5] ডক্তৰ বেজবৰুৱা ২ তেখেতৰ শেষ অভিনীত ছবি।[2] নাটকত অভিনয়নিপন গোস্বামীয়ে নিজেই কোৱামতে মঞ্চহে তেখেতৰ বেছি ভাল লাগে। সেয়ে তেখেতে চলচ্চিত্ৰৰ লগতে মঞ্চাভিনয়ো অব্যাহত ৰাখিছিল। তেখেতে ‘ভ্ৰাম্যমাণ থিয়েটাৰ’তো অভিনয় কৰিছে। নিপন গোস্বামীয়ে বিভিন্ন সময়ত কহিনুৰ, আৱাহন, হেঙুল আৰু শকুন্তলা থিয়েটাৰত অভিনয় কৰিছে।[6] ভ্ৰাম্যমাণৰ সুখ্যাত নাটক, নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ নাট্যৰূপ 'অসীমত যাৰ হেৰাল সীমা'-ৰ ‘চন্দন’ৰ চৰিত্ৰত তেখেতে অভিনয় কৰিছিল। বৰুৱাৰ সংসাৰ আৰু সময় তেখেতৰ উল্লেখযোগ্য নাট্যাভিনয়। দুয়োখন নাটকৰ ৰচনা আৰু পৰিচালনা আছিল প্ৰফুল্ল বৰাৰ।[7] পৰিচালনানিপন গোস্বামীয়ে অভিনয়ৰ লগতে নাটক পৰিচালনাও কৰিছে। এমেচাৰ আৰু ভ্ৰাম্যমাণ দুয়োবিধ নাটকেই গোস্বামীয়ে পৰিচালনা কৰিছে। টেলিফিল্মো পৰিচালনা কৰিছে। মুনিন বৰুৱাৰ লগত যৌথভাৱে তেখেতে প্ৰতিমা নামৰ বোলছবিখন পৰিচালনা কৰিছিল।[7] অভিনীত ছবি
বঁটা-সন্মানঅসমৰ আগশাৰীৰ নাট্যগোষ্ঠী আৱাহন থিয়েটাৰে ২০২১ বৰ্ষত নিপন গোস্বামীক ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা[4] ৰে সন্মানিত কৰে ৷ এই বঁটাত গামোচা, ট্ৰফী, চেলেং, সম্বৰ্ধনা পত্ৰ, আৰু নগদ দহ হাজাৰ টকা আছিল৷ তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia