বম্বে ষ্টক বিনিময় কেন্দ্ৰ

মুম্বাই স্থিত বম্বে ষ্টক বিনিময় কেন্দ্ৰৰ ভৱন

বম্বে ষ্টক বিনিময় কেন্দ্ৰ বা বম্বে ষ্টক এক্সেঞ্জ (ইংৰাজী: Bombay Stock Exchange, BSE) ভাৰতৰ এক ষ্টক বিনিময় কেন্দ্ৰ। ১৮৭৫ চনত মুম্বাইৰ দালাল ষ্ট্ৰীটত ইয়াক স্থাপিত কৰা হৈছিল[1] এই বিনিময় কেন্দ্ৰ এছিয়াৰ প্ৰথম[1] আৰু পৃথিৱীৰ দ্ৰুততম এক্সেঞ্জ (৬ মাইক্ৰ' ছেকেণ্ড দ্ৰুতিৰ সৈতে) বুলি পৰিগণিত।[2] গুজৰাটৰ আহমেদাবাদত অৱস্থিত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় এক্সেঞ্জ India International Exchange বম্বে ষ্টক বিনিময় কেন্দ্ৰৰ পূৰ্ণ সহযোগী সংস্থান। বম্বে ষ্টক এক্সেঞ্জত বিনিয়োগকাৰীসকলক ইকুইটি (equity), মুদ্ৰা (currency), পণ্যদ্ৰব্য (commodity), মিউচুৱেল ফাণ্ড (mutual fund) আদিত বিনিয়োগৰ সুবিধা উপলব্ধ কৰিব পাৰে।

তথ্য সংগ্ৰহ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya