বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান
বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান (ইংৰাজী: Augmented Satellite Launch Vehicle) বা অগ্ৰগামী উপগ্ৰহ উৎক্ষেপণ যান (ইংৰাজী: Advanced Satellite Launch Vehicle) (সংক্ষেপে ASLV) নিম্ন ভূ-কক্ষপথত ১৫০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহ স্থাপন কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা বিকশিত পাঁচটা পৰ্যায় বিশিষ্ট এখন গোটা ইন্ধনযুক্ত ৰকেট।[1] এটা ভূ-স্থিৰ কক্ষপথত পেলোড স্থাপন কৰিবলৈ প্ৰয়োজনীয় প্ৰযুক্তিৰ বিকাশ সাধন কৰাৰ উদ্দেশ্যে ১৯৮০ দশকৰ সময়ছোৱাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এই প্ৰকল্পটো আৰম্ভ কৰে।[2][3] এ এছ এল ভিৰ আৰ্হি এছ এল ভিৰ আধাৰত প্ৰস্তুত কৰা হৈছিল।[4]একে সময়তে পি এছ এল ভি আৰু এ এছ এল ভি দুয়োটা কাৰ্যসূচীৰ বাবে ইছৰোৰ পৰ্যাপ্ত পুঁজি নাছিল আৰু সেয়েহে প্ৰাৰম্ভিক উন্নয়নশীল উৰণৰ পাছতেই এ এছ এল ভি কাৰ্যসূচীৰ অৱসান ঘটোৱা হয়।[2] সম্প্ৰসাৰিত ৰোহিণী উপগ্ৰহ শৃংখলা আছিল এ এছ এল ভিৰ পেলোড।[4] যানএ এছ এল ভি আছিল পাঁচটা পৰ্যায় বিশিষ্ট এখন গোটা ইন্ধনযুক্ত ৰকেট। ৪৭° নতি সহ ৪০০ কিলোমিটাৰৰ এটা কক্ষপথত প্ৰায় ১৫০ কিলোগ্ৰাম ওজনৰ পেলোড স্থাপন কৰিব পৰাকৈ এ এছ এল ভিৰ ধাৰণ ক্ষমতা আছিল। উৎক্ষেপণৰ সময়ত এ এছ এল ভিয়ে ৯২, ৭৮০ kgf থ্ৰাষ্ট্ উৎপাদন কৰিছিল। ২৩.৫ মিটাৰ দৈৰ্ঘ্যৰ আৰু ১ মিটাৰ আন্তঃব্যাসৰ এই ৰকেটখনৰ ওজন আছিল ৪১,০০০ কিলোগ্ৰাম।[4] ইতিহাসএ এছ এল ভিয়ে চাৰিটাকৈ উৎক্ষেপণ সম্পন্ন কৰিছিল। ইয়াৰে দুবাৰ বিফল, এবাৰ আংশিকভাৱে বিফল আৰু এবাৰ সফল হৈছিল। ১৯৮৭ চনৰ ২৪ মাৰ্চত এ এছ এল ভিয়ে প্ৰথম উৰণ সম্পন্ন কৰিছিল আৰু ১৯৯৪ চনৰ ৫ মে'ত কৰা উৎক্ষেপণ আছিল এ এছ এল ভিৰ অন্তিম উৰণ। উৎক্ষেপণ পৰিসংখ্যা0.1
0.2
0.3
0.4
0.5
0.6
0.7
0.8
0.9
1
১৯৮৭
১৯৯০
১৯৯৪
উৎক্ষেপণ ইতিহাসএ এছ এল ভিৰ চাৰিওটা উৎক্ষেপণ সতীশ ধৱন মহাকাশ কেন্দ্ৰত থকা এ এছ এল ভি নিক্ষেপণ মঞ্চৰ পৰা কৰা হৈছিল।
লগতে চাওকতথ্য সূত্ৰ
|
Portal di Ensiklopedia Dunia