অসম লোকসেৱা আয়োগ
অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচি অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক লোকসেৱা আয়োগ। অসম চৰকাৰৰ অধীনৰ বিভিন্ন পদসমূহৰ বাছনি পৰীক্ষা অসম লোকসেৱা আয়োগে আয়োজন কৰে। অসম অসামৰিক সেৱাৰ বিষয়াৰ নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে। ইয়াৰ মুখ্য কাৰ্য্যালয় অসমৰ গুৱাহাটী মহানগৰৰ খানাপাৰাৰ জৱাহৰ নগৰৰ অসম লোকসেৱা আয়োগ ভৱনত অৱস্থিত। বৰ্তমান ইয়াৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দীপক কুমাৰ শৰ্মা।[1] ১৯৩৭ চনৰ ১ এপ্ৰিল তাৰিখে ভাৰত চৰকাৰ বিধেয়ক, ১৯৩৫ৰ অনুসৰি অসম লোকসেৱা আয়োগৰ স্থাপন কৰা হৈছিল। ইতিহাস১৯৩৭ চনৰ ১ এপ্ৰিল তাৰিখে ভাৰত চৰকাৰ বিধেয়ক, ১৯৩৫ৰ অনুসৰি অসম লোকসেৱা আয়োগৰ স্থাপন কৰা হৈছিল। তেতিয়া ইংলেণ্ডৰ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া জেম্ছ হেজলেটক ইয়াৰ প্ৰথম অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫১ চনত অসম লোকসেৱা আয়োগৰ নীতি-নিয়ম কিছু সাল-সলনি কৰা হয়। এই সময়ছোৱাত জেমছ হেজলেটৰ পিছত আৰু পাঁচ গৰাকী ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰ প্ৰাপ্ত বিষয়া ভিন ভিন কাৰ্যকালৰ বাবে অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদ অলংকৃত কৰিছিল। ১৯৫১ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ভাৰতৰ সংবিধানৰ ৩১৮ অনুচ্ছেদ মতে অসম লোকসেৱা আয়োগৰ গঠন অসমৰ ৰাজ্যপালে লাভ কৰা ক্ষমতাৰ অধীনত পৰে। একেবছৰে অসম লোকসেৱা আয়োগ (কাৰ্য্য সীমিতকৰণ) বিধেয়ক সংবিধানৰ অনুচ্ছেদ ৩২০ৰ দ্বিতীয় দফা অনুসৰি গৃহীত কৰা হয়। শিক্ষাবিদ কামেশ্বৰ দাসক অসম লোকসেৱা আয়োগৰ প্ৰথম অকাৰ্যকৰী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ ১৯৫২ চনৰ জুলাই মাহলৈ এই পদত অধিষ্ঠিত আছিল। সাংবিধানিক নীতিঅসম লোকসেৱা আয়োগ ভাৰতৰ সংবিধান অনুসৰি গঠন কৰা এক সাংবিধানিক সংস্থা। সংবিধানৰ চতুৰ্দশ অনুসূচীৰ দ্বিতীয় অধ্যায়মতে ইয়াৰ গঠন কৰা হৈছে। ইয়াৰ লগতে ৰাজ্যিক লোকসেৱা আয়োগ যিকোনো প্ৰভাৱৰ পৰা মুক্ত আৰু নিজৰ দায়িত্ব নিৰপেক্ষভাৱে পালন কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে। আয়োগৰ অধ্যক্ষ আৰু সদস্যসকল ৰাজ্যৰ ৰাজ্যপালে নিযুক্ত কৰে। অধ্যক্ষ আৰু সদস্যসকলৰ কাৰ্য্যালয় ছয় বছৰ বা ৬২ বছৰলৈকে যি আগত হয়।[উদ্ধৃতিৰ প্ৰয়োজন] কাৰ্যভাৰতীয় সংবিধানৰ ৩২০ অনুচ্ছেদত উল্লেখ কৰামতে অসম লোকসেৱা আয়োগে অসমৰ লোকসেৱাৰ বিষয়াসকলৰ বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰে। ইয়াৰ মুখ্য কাৰ্যসমূহ হ'ল :
আয়োগৰ সংগঠনঅসম লোকসেৱা আয়োগৰ সংগঠন সময়ে সময়ে সলনি হৈ আহিছে। ১৯৩৭ চনৰ পৰা ১৯৫১ চনলৈ ইয়াৰ এগৰাকী অধ্যক্ষ আৰু ২-৩ গৰাকী সদস্য আছিল। ১৯৫১ চনৰ পৰা ১৯৮৬ চনলৈ এগৰাকী অধ্যক্ষ আৰু ছয় গৰাকী সদস্য আছিল। আকৌ ১৯৯১ চনত সদস্যৰ সংখ্যা ১০জনলৈ বৃদ্ধি কৰা হয়। ২০০৫ চনৰ এক সংশোধনমতে আয়োগৰ এগৰাকী অধ্যক্ষ আৰু সাতগৰাকী সদস্য কৰা হৈছে।[2] আয়োগৰ অধীনত সেৱাৰ তালিকা
২০২৩ চনৰ পৰা সহকাৰী একাউণ্ট বিষয়াৰ পদটো সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আওতালৈ অনা হয়। [3] তথ্য উৎস
|
Portal di Ensiklopedia Dunia