আই এম (২০১০ চলচ্চিত্ৰ)

আই এম

পোষ্টাৰ
পৰিচালক অ’নিৰ
চিত্ৰনাট্য অ’নিৰ
উৰ্মি জাভেৰকাৰ
Merle Kroeger
কাহিনী অ’নিৰ
Urmi Juvekar
Merle Kroeger
প্ৰযোজক সঞ্জয় সুৰী
অ’নিৰ
ৰাজেশ কুমাৰ জৈন (সহ-প্ৰযোজক)[1]
অভিনয়ত জুহী চাৱলা
মনিষা কৈৰালা
ৰাহুল বসু
নন্দিতা দাস
অৰ্জুন মাথুৰ
পূজা গান্ধী
সঞ্জয় সুৰী
অনুৰাগ কাশ্যপ
সম্পাদনা অ’নিৰ
আইৰিন ধৰ মালিক
মুক্তি
১৮ ছেপ্টেম্বৰ ২০১০ (2010-09-18) (I View Film Festival)
২৯ এপ্ৰিল ২০১১ (2011-04-29) (India)
দৈৰ্ঘ্য
১১০ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
বাজেট 1.75 crore[2]
সৰ্বমুঠ আয় 67 lakh[2]

আই এম (ইংৰাজী: I Am ) ২০১০ চনৰ অ’নিৰৰ পৰিচালনাত ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ সংকলন। এইখন চাৰিখন চুটি ছবিৰ সংকলন: "ওমৰ", "আফিয়া", "অভিমন্যু", আৰু "মেঘা"। প্ৰতিখন ছবিৰ কাহিনীত এক ধৰণৰ সংশয়ে ক্ৰিয়া কৰি আছে আৰু আটাইকেইখনে বাস্তৱ জীৱনৰ কাহিনীৰ ওপৰত আধাৰিত। আই এম বিশ্বৰ ৪০০ৰো অধিক ভিন্ন ব্যক্তিৰ অনুদানৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল,[3] ইয়াৰে বহুতেই ফেচবুকৰ দৰে ছ'চিয়েল নেটৱৰ্কিং চাইটৰ জৰিয়তে অনুদান আগবঢ়াইছিল।[3] চাৰিটা গল্প যদিও প্ৰতিটো কাহিনীৰ লগত চৰিত্ৰবোৰ অংগাংগীভাবে জড়িত হৈ আছে। "অভিমন্যু" শিশু নিৰ্যাতনৰ ওপৰত আধাৰিত, "ওমৰ" সমকামী অধিকাৰৰ ওপৰত, "মেঘা" কাশ্মীৰী পণ্ডিত আৰু "আফিয়া"ত শুক্ৰাণু দানৰ বিষয়ে। ছবিখনত ছটা ভিন্ন ভাষা কোৱা হয়: হিন্দী, ইংৰাজী, কানাড়া, মাৰাঠী, বাংলা আৰু কাশ্মীৰী। সেয়েহ সকলো অঞ্চলতে চাব-টাইলেটৰ সৈতে আই এম মুক্তি পাইছিল।[4][5]

মুক্তি

নিউয়ৰ্ক চহৰৰ আই ভিউ ফিল্ম ফেষ্টিভেলত আই এমৰ বৈশ্বিক প্ৰিমিয়াৰ হৈছিল। ছবিখন কেৰালাৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰু ভেংকুৱাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দৰে আন কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।[6][7] আই এম প্ৰথমে ভাৰত আৰু অষ্ট্ৰেলিয়াত ২০১১ চনৰ ২২ এপ্ৰিলত ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল যদিও অ’নিৰে ইয়াক ২৯ এপ্ৰিললৈ সলনি কৰে।

তথ্য সংগ্ৰহ

  1. "EPCH elects leading exporter and film producer Rajesh Kumar Jain as its Vice-Chairman". India Infoline. 10 November 2014. http://www.indiainfoline.com/article/print/news-sector-textile/epch-elects-leading-exporter-and-film-producer-rajesh-kumar-jain-as-its-vice-chairman-114111000102_1.html। আহৰণ কৰা হৈছে: 4 June 2016. 
  2. 2.0 2.1 "I Am – Movie". Box Office India. https://boxofficeindia.com/movie.php?movieid=962। আহৰণ কৰা হৈছে: 24 June 2022. 
  3. 3.0 3.1 Manali Shah (5 August 2010). "Onir raises funds through Facebook". Hindustan Times. Archived from the original on 19 January 2011. https://web.archive.org/web/20110119020347/http://www.hindustantimes.com/Onir-raises-funds-through-Facebook/Article1-540900.aspx। আহৰণ কৰা হৈছে: 23 March 2025. 
  4. "Independent filmmakers are wiped out in India: Onir". Press Trust of India. NDTV. 27 November 2010. Archived from the original on 28 November 2010. https://web.archive.org/web/20101128163933/http://movies.ndtv.com/movie_story.aspx?ID=ENTEN20100161394&keyword=bollywood&subcatg=MOVIESINDIA. 
  5. "Onir in search of a fertility clinic". The Times of India. 2 June 2010. Archived from the original on 2011-08-11. https://web.archive.org/web/20110811051308/http://articles.timesofindia.indiatimes.com/2010-02-06/news-interviews/28140384_1_sperm-donor-short-film-kolkata. 
  6. "FB Status: Need money, making my film". The Economic Times. 12 December 2010. Archived from the original on 3 April 2012. https://web.archive.org/web/20120403025217/http://articles.economictimes.indiatimes.com/2010-12-12/news/27620300_1_film-festivals-independent-filmmakers-onir. 
  7. "Onir postpones 'I AM' release to April 29". The Times of India. 8 April 2011. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Onir-postpones-I-AM-release-to-April-29/articleshow/7884100.cms. 

বাহ্যিক সংযোগ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya