আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস
আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস (ইংৰাজী: International Day of Women and Girls in Science) প্ৰতি বছৰে ১১ ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। ২০১৫ চনৰ ২২ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে গৃহীত কৰা প্ৰস্তাৱ অনুসৰি এই দিৱস উদযাপন কৰা হয়।[1] এই দিৱসৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত মহিলা আৰু ছোৱালীসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰা হয়।[2] আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস ইউনেস্কো আৰু ৰাষ্ট্ৰসংঘ মহিলাৰ দ্বাৰা আন্তঃচৰকাৰী সংস্থা আৰু প্ৰতিষ্ঠানৰ লগতে অসামৰিক সমাজৰ অংশীদাৰসকলৰ সহযোগত ৰূপায়ণ কৰা হয়। এই দিৱসৰ লক্ষ্য হৈছে বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু ছোৱালীসকলক প্ৰচাৰ কৰা।[3][4] ইয়াৰ উদ্দেশ্য হৈছে মহিলা আৰু ছোৱালীৰ বাবে বিজ্ঞানত অংশগ্ৰহণৰ সম্পূৰ্ণ আৰু সমান প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা।[5][6][7] ইতিহাসচৈধ্যখন দেশত চলোৱা ক্ষেত্ৰভিত্তিক সমীক্ষা অনুসৰি বিজ্ঞানত স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰা কন্যাৰ সম্ভাৱিতাৰ হাৰ ক্ৰমান্বয়ে ১৮%, ৮%,আৰু ২% (ল’ৰাৰ ক্ষেত্ৰত এই হাৰ ক্ৰমে ৩৭%, ১৮%, আৰু ৬%)। এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি, অধিক সংখ্যক কন্যাক বিজ্ঞান তথা আনুসঙ্গিক বিষয়সমূহৰ লগত জড়িত হৈ আগুৱাই আহিবলৈ উৎসাহ দিয়াৰ মানসেৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত এক সংকল্প গ্ৰহণ কৰি ১১ ফেব্ৰুৱাৰী তাৰিখটো আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস হিচাপে ঘোষণা কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ইয়াৰ বাবে ২০১৫ চনৰ ২২ ডিচেম্বৰ তাৰিখে এ/আৰইএছ/৭০/২১২ নামৰ এক প্ৰস্তাৱ গৃহীত কৰিছিল। পিছত অসামৰিক সমাজৰ অংশীদাৰ, ইউনেস্কো আৰু অন্যান্য প্ৰতিষ্ঠানৰ সহযোগত ৰাষ্ট্ৰসংঘৰ মহিলাসকলে স্বীকৃতি প্ৰদান কৰে। তেতিয়াৰে পৰা প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে।[8][9] তাৎপৰ্যৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০১৫ চনৰ ২২ ডিচেম্বৰ তাৰিখে সিদ্ধান্ত লৈছিল যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত মহিলা আৰু ছোৱালীসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক চিনাক্ত কৰিবলৈ বাৰ্ষিক পালনৰ প্ৰয়োজন। তেতিয়াৰ পৰা, এই দিনটো "মহিলা আৰু ছোৱালীৰ বাবে বিজ্ঞানত সম্পূৰ্ণ আৰু সমান প্ৰৱেশ আৰু অংশগ্ৰহণ" প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।[10] উদযাপনআন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰয়ে উদযাপন কৰে। এই দিৱসৰ উপলক্ষে স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰ্যায়ত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিশেষকৈ সভা-সমিতি, আলোচনা চক্ৰ আদি মহিলা আৰু কন্যা সকলৰ বিজ্ঞানৰ ক্ষেত্ৰত অৱদানক মূল বিষয় হিচাপে অনুষ্ঠিত কৰা হয়। বিদ্যালয়সমূহত সজাগতা সভা আৰু কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰসংঘয়ে প্ৰতি বছৰে ইয়াৰ বাবে থিম নিৰ্ণয় কৰে। তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia