এছীয় দীঘল-নেজীয়া নিগনি
এছীয় দীঘল-নেজীয়া নিগনি বা Asiatic long-tailed climbing mouse (Vandeleuria oleracea) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত পোৱা কৃন্তক প্ৰাণীৰ এক প্ৰজাতি।[1] ই Ixodes চিকৰাই কৰা ভাইৰেল ৰোগ ক্যাচানুৰ ফৰেষ্ট ডিজিজ (Kyasanur Forest disease) বিয়পায়।[3] শেহতীয়াকৈ ভাৰতৰ প্ৰকৃতি সংগঠন 'আৰণ্যক'ৰ গৱেষক সৌৰভ গুপ্তা আৰু জয়ন্ত ৰয়ৰ নেতৃত্বত ক্ষেত্ৰ অধ্যয়ন কৰা এটা দলে কাৰ্বি আংলং জিলাৰ ৰংতাৰা গাঁৱত এই নিগনিবিধৰ উপস্থিতি প্ৰত্যক্ষ কৰে আৰু এই ঠাই এনে নিগনি অসমত পোৱা দ্বিতীয় আৱাসিক অঞ্চলৰূপে পৰিগণিত হয়।[4] ইয়াৰ আগতে । কাৰ্বি ভাষাত নিগনিবিধক জুকিক্চ' (Jukikso) বোলে। ইয়াৰ আগতে ১৯৬১ চনতে কামৰূপ জিলাৰ অংগৰখাতা গাঁৱত প্ৰথমবাৰৰ বাবে অসমত এই এছীয় দীঘল-নেজীয়া নিগনি দেখিবলৈ পোৱা গৈছিল। বিৱৰণইয়াৰ মূৰ আৰু গাৰ দৈৰ্ঘ্য ৭–৯ ছেণ্টিমিটাৰ। নেজডাল ১০–১২ ছে:মি: দীঘল। শৰীৰৰ ওপৰৰ অংশ ৰঙচুৱা মুগা আৰু কাষলৈ পাতল হালধীয়া বৰণৰ। শৰীৰৰ তলৰ অংশ পাতল মুগা বগা। নেজডাল দীঘল, মিহি আৰু শীৰ্ষত নোম নোহোৱা। পাছৰ ভৰি দুখন আপেক্ষিকভাৱে ডাঙৰ; বাহিৰলৈ ওলোৱা আঙুলিত হাতোৰাৰ সলনি নখ আছে। তথ্যসূত্ৰ
অতিৰিক্ত পঠন
|
Portal di Ensiklopedia Dunia