কে চি ৰুনৰেমছাংগী
জীৱন১৯৬৩ চনৰ ১ মাৰ্চত ভাৰতৰ চাৰছিপ জিলাৰ কেইটুম গাঁৱত ৰুনৰেমছাংগীৰ জন্ম হৈছিল [1] তিনি বছৰ বয়সৰ পৰা তেওঁ গান গাবলৈ আৰম্ভ কৰে। [2] তেওঁ গান গাই ভাল পাইছিল, সেই সূত্ৰে তেওঁক বিয়া আৰু গীৰ্জাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ কোৱা হৈছিল। [3] ইনষ্টিটিউট অৱ মিউজিক এণ্ড ফাইন আৰ্টছ (আই এম এফ এ) মিজোৰাম এল মংগলিয়ানাত নামভৰ্তি কৰি তেওঁ সংগীত শিকিবলৈ আৰম্ভ কৰে। [ উদ্ধৃতিৰ প্ৰয়োজন ] ১৯৮৬ চনত যেতিয়া তেওঁৰ পৰিয়ালটো আইজললৈ গুচি যায় তেতিয়া তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ যোগে তেওঁৰ গায়িকা হিচাপে কেৰিয়াৰ আৰম্ভ হয়। [4] অল ইণ্ডিয়া ৰেডিঅ’ই তেওঁক লোক আৰু গছপেল ধাৰাত পঞ্চাশটাৰো অধিক মিজো গীত গোৱাৰ দায়িত্ব দিছিল। ছবছৰৰ পাছত তেওঁ মিজোৰামৰ কলা আৰু সংস্কৃতি বিভাগত কাম কৰিবলৈ আৰম্ভ কৰে। [4] মিজোৰামৰ চাপচাৰ কুট মিজো উৎসৱতো তেওঁ কণ্ঠদান কৰিছে। [5] এই উৎসৱ কেইবা শ বছৰ পুৰণি এক উৎসৱ। [6] তেখেতে বৰ্তমানলৈ ৫০ টাতকৈও অধিক ৰেকৰ্ডিং কৰিছে। তেওঁক ২০২৩ চনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। [5] শিল্প আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক আইচিএফএআই মিজোৰাম বিশ্ববিদ্যালয়তৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। [7] ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল [5] তথ্যসূত্ৰসমূহ
|
Portal di Ensiklopedia Dunia