গগনচন্দ্ৰ অধিকাৰী
গগনচন্দ্ৰ অধিকাৰী (ইংৰাজী: Gagan Chandra Adhikari জন্ম: ১ জুন ১৯৪১ – মৃত্যু: ৩০ ছেপ্টেম্বৰ ২০২০) এগৰাকী ভাৰতীয় সাহিত্যিক। তেওঁ অসমীয়া ভাষাৰ শিশু সাহিত্যিক হিচাপে বিখ্যাত। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা১৯৪১ চনৰ ১ জুন তাৰিখে ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত গগনচন্দ্ৰ অধিকাৰীৰ জন্ম হয়। তেওঁৰ পিতৃ পূৰ্ণচন্দ্ৰ অধিকাৰী আৰু মাতৃ উদামিনী অধিকাৰী। ছাত্ৰ হিচাপে গগণচন্দ্ৰ অধিকাৰী সৰুৰেপৰাই মেধাৱী আছিল। ১৯৪৬ চনত ছয়গাঁও চৰকাৰী মজলীয়া স্কুলৰ নিম্ন প্ৰাথমিকত নাম ভৰ্তি কৰে। হেডপণ্ডিত প্ৰকাশচন্দ্ৰ বৰুৱাই তেওঁৰ মেধাৰ প্ৰমাণ পাই ‘ক’ মানৰ সলনি খ’ মানত নাম লগাই দিছিল। ১৯৫৭ চনত ছয়গাঁও হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কটন কলেজত কলেজীয়া জীৱনৰ পাতনি মেলে। আই এছ চি পাছ কৰি ১৯৬২ চনত বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা তেওঁ অৰ্থনীতিত অনাৰ্চসহ বি. এ. পৰীক্ষাত উত্তীৰ্ণ হয়। চাকৰি জীৱনৰ মাজতে প্ৰাইভেটকৈ তেওঁ ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কৰ্মজীৱনতেওঁ প্ৰথমে জীৱন বীমা নিগমত চাকৰি জীৱন আৰম্ভ কৰিছিল। ১৯৬৭ চনত তেওঁ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ সহকাৰী নিয়োগ বিষয়া ৰূপে অসম চৰকাৰৰ চাকৰিত যোগদান কৰে। শেষত অসম চৰকাৰৰ নিয়োগ বিভাগৰ যুটীয়া সঞ্চালকৰ পদৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে ১৯৯৯ চনৰ মে' মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰে। সাহিত্য চৰ্চা আৰু সাহিত্যৰাজিচতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে সাপ্তাহিক কাকত ‘সাদিনীয়া অসমীয়া'ত প্ৰকাশিত হৈছিল তেওঁৰ প্ৰথমটো পদ্য ‘মিনতি'। 'পখিলী বাইদেউলৈ চিঠি’ দ্বিতীয় পদ্য। গৌৰীকান্ত তালুকদাৰ সম্পাদিত শিশু আলোচনী 'দীপক'ত আৰু 'অসম বাণী'ৰ মইনা পাৰিজাত চৰাৰ পাছত প্ৰায় সকলো আলোচনীতে তেওঁ শিশু সাহিত্যৰ নিয়মীয়া লেখক হৈ অসমীয়া শিশু সাহিত্যৰ জগতলৈ অৱদান আগবঢ়ায়। অদ্যাপি শিশু সাহিত্য জগতলৈ মূল্যৱন বৰঙনিৰ আগবঢ়াই থকা অধিকাৰীৰ সৰহসংখ্যক ৰচনাই বিভিন্ন কাকত-আলোচনীৰ পাতত সিঁচৰতি হৈ আছে। কিতাপ আকাৰে প্ৰকাশিত তেখেতৰ গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য শিশু সাহিত্যসমূহ হ’ল:
তদুপৰি তেওঁ 'মাখন মামাৰ সাধু' (নৱেম্বৰ ২০০২) শীৰ্ষক সাধু কথাৰ পুথি আৰু 'মনোৰম খবৰৰ পেৰা' (ডিচেম্বৰ ১৯৯৫) শীৰ্ষক শিশু উপযোগী প্ৰবন্ধ সংকলন ৰচনা কৰিছে। তদুপৰি ২০০৩ চনত 'নৱকান্ত বৰুৱাৰ শিশু সাহিত্য সমগ্ৰ' (প্ৰথম খণ্ড) তেওঁ সম্পাদনা কৰি উলিয়ায়। ৰাজহুৱা জীৱনঅধিকাৰী ৰাজহুৱা আৰু সামাজিক কাম-কাজৰ লগতো জড়িত। তেওঁ অসম সাহিত্য সভাৰ সহকাৰী সাধাৰণ সম্পাদক (১৯৮৪-৮৬), ‘গুৱাহাটী নাইট জুনিয়ৰ কলেজ’ৰ প্ৰতিষ্ঠাপক সভাপতি, ‘উত্তৰণ সাহিত্য আলোচনা চক্ৰ'ৰ সভাপতি, শিশু আৰু কিশোৰ আলোচনী 'মুকুতা' (অসম চৰকাৰ, অসম প্ৰকাশন পৰিষদ দ্বাৰা প্ৰকাশিত) –ৰ উপদেষ্টা সম্পাদক[1], ছয়গাঁৱৰ 'শ্ৰীশ্ৰীঈশ্বৰ কৈমাৰী সত্ৰৰ সত্ৰাধিকাৰ, নতুন দৈনিক’ (সম্পা. চন্দ্ৰপ্ৰসাদ শইকীয়া) আৰু ‘অভিমত’ (সম্পা. লক্ষ্মীনন্দন বৰা) কাকতৰ শিশুপৃষ্ঠাৰ সম্পাদক, 'জোনাক'ৰ সম্পাদক, অসম সাহিত্য সভাৰ আজীৱন সভ্য, গুৱাহাটী সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।[2] বঁটা সন্মান
মৃত্যুঅসমীয়া ভাষাৰ শিশু সাহিত্যিক গগনচন্দ্ৰ অধিকাৰীৰ মৃত্যু ২০২০ চনৰ ৩০ ছেপ্টেম্বৰত হয়।[2] মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।[3] তথ্যসূত্ৰ
সহায়ক গ্ৰন্থ
|
Portal di Ensiklopedia Dunia