চেক গণৰাজ্যত হিন্দু ধৰ্মহিন্দু ধৰ্ম হʼল চেক গণৰাজ্যৰ এটি সংখ্যালঘু ধৰ্মীয় বিশ্বাস আৰু ২০২১ চনৰ এক তথ্য অনুসৰি দেশখনৰ মুঠ জনসংখ্যাৰ ০.০২% (২,০২৪ জন) লোকে হিন্দুধৰ্ম অনুসৰণ কৰে।[1] চেক গণৰাজ্যত মুঠ তিনিটা সম্প্ৰদায়ে হিন্দুধৰ্মৰ প্ৰতিনিধিত্ব কৰে। সেইবোৰ হʼল: চেক হিন্দু ধৰ্মীয় সমাজ, হৰে কৃষ্ণ আন্দোলন আৰু বিশ্ব নিৰ্মল ধৰ্ম।[2] সম্প্ৰদায়সমূহচেক হিন্দু ধৰ্মীয় সমাজČeská Hinduistická Náboženská Společnost (চেক হিন্দু ধৰ্মীয় সমাজ) ২০০২ চনত দেশখনৰ এটি ধৰ্মীয় সম্প্ৰদায় হিচাপে পঞ্জীয়নভুক্ত হৈছিল।[2] আন্তঃৰাষ্ট্ৰীয় কৃষ্ণভাৱনামৃত সংঘ![]() আন্তঃৰাষ্ট্ৰীয় কৃষ্ণভাৱনামৃত সংঘ বা হৰে কৃষ্ণ হৈছে হিন্দু ধৰ্ম বা সনাতন ধৰ্মৰ এটি অংশ।[3] দেশখনত এই সংঘৰ চাৰিটা মন্দিৰ আছে। ইয়াত হৰে কৃষ্ণৰ ২০০ গৰাকী ভক্ত বা অনুগামী আছে।[4] কাল্টৰ দৰে আচৰণৰ বাবে হৰে কৃষ্ণ আন্দোলনৰ সদস্যসকল প্ৰায়েই অভিযুক্ত হয়।[5] ইস্কন কোন ভিন্ন ধৰ্ম নহয়। বৰঞ্চ এই সংগঠনটোৱে হিন্দুধৰ্ম বা সনাতন ধৰ্মক অনুসৰণ কৰে যি এক সম্পূৰ্ণ জীৱনশৈলী। বিশ্ব নিৰ্মল ধৰ্ম২০০৭ চনত, বিশ্ব নিৰ্মল ধৰ্ম দেশৰ এক পঞ্জীয়নভুক্ত ধৰ্মীয় সম্প্ৰদায়লৈ পৰিণত হয়।[2] জনসংখ্যাচেক গণৰাজ্যত হিন্দু ধৰ্ম অনুসৰণকাৰীসকলৰ জনসংখ্যা:[1]
লগতে চাওকতথ্য উৎস
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia