দ্য শ্বোলে গাৰ্লদ্য শ্বোলে গাৰ্ল (ইংৰাজী: The Sholay Girl ) আদিত্য সৰ্পোতদাৰ পৰিচালিত আৰু শ্ৰাৱণী দেওধৰ, সাই দেওধৰ আৰু শক্তি আনন্দ প্ৰযোজিত ২০১৯ চনৰ হিন্দী ভাষাৰ এখন জীৱনীমূলক নাট্যধৰ্মী ছবি।[1] ফৈজল আখতাৰ আৰু শ্ৰবাণী দেওধৰৰ দ্বাৰা ৰচিত এই ছবিখন ভাৰতৰ প্ৰথম ষ্টাণ্ট অ’মেন ৰেশমা পাঠানৰ জীৱনৰ ওপৰত আধাৰিত।[2] বিদিতা বেগে পাঠানৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে চন্দন ৰায় সন্যাল, ৰাজকুমাৰ ৰোডে আৰু আদিত্য লখিয়াই সহযোগী চৰিত্ৰত অভিনয় কৰিছে।[3] এই শিৰোনামটোৱে শ্বোলেক বুজায়, যিখন ছবিত পাঠানে হেমা মালিনীৰ বাবে ষ্টাণ্ট ডাবল হিচাপে কাম কৰিছিল।[4] এই ভূমিকাত প্ৰস্তুতি চলাবলৈ বেগে যুদ্ধকলাৰ প্ৰশিক্ষণ লৈছিল।[5] তেওঁ লগতে কয় যে তেওঁ শ্বোলে ছবিখনৰ টংগা দৃশ্যটো "অন্ততঃ ১০০ বাৰ চাইছিল, যাতে এই চৰিত্ৰটো আয়ত্ত কৰিব পাৰে।"[6] ২০১৯ চনৰ ৩ মাৰ্চত অফিচিয়েল ট্ৰেইলাৰ মুক্তি পায় আৰু ছবিখন আন্তৰ্জাতিক মহিলা দিৱসৰ দিনা ৮ মাৰ্চত অনলাইন ষ্ট্ৰীমিং প্লেটফৰ্ম ZEE5 ত মুক্তি পায়। তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia