দ্য ৱে'ল্থ অৱ নেশ্বন্স
এন এনকুৱাইৰি ইণ্টু দ্য নেচাৰ এণ্ড কজেচ অৱ দ্য ৱে'ল্থ অৱ নেশ্বন্স (ইংৰাজী: An Inquiry into the Nature and Causes of the Wealth of Nations), বা চমুকৈ দ্য ৱে'ল্থ অৱ নেশ্বন্স (ইংৰাজী: The Wealth of Nations), হৈছে স্কটলেণ্ডৰ অৰ্থনীতিবিদ আৰু মানৱ দাৰ্শনিক এডাম স্মিথৰ আটাইতকৈ অধিক চৰ্চিত গ্ৰন্থ। ১৭৭৬ত প্ৰকাশিত এই গ্ৰন্থ বিশ্বৰ প্ৰথম এনে গ্ৰন্থসমূহৰ অন্যতম যিয়ে কোনো ৰাষ্ট্ৰৰ সম্পদ বৃদ্ধিৰ প্ৰক্ৰিয়াৰ ব্যাখ্যা কৰে। এই গ্ৰন্থ ধ্ৰুপদী অৰ্থনীতিৰ এক মূল কৰ্ম। ঔদ্যোগিক বিপ্লৱৰ আৰম্ভণিতে প্ৰকাশিত এই গ্ৰন্থত শ্ৰমৰ বিভজন, উৎপাদনক্ষমতা আৰু মুক্ত বজাৰৰ দৰে বিভিন্ন বিষয় সন্নিৱিষ্ট।[1] লিখনদ্য ৱে'ল্থ অৱ নেশ্বন্স প্ৰকাশিত হৈছিল ১৭৭৬ চনৰ ৯ মাৰ্চত,[2] স্কটিছ পুনৰ্জাগৰণ আৰু স্কটিছ কৃষি বিপ্লৱৰ মাজত।[3] ই কাৰ্ল মাৰ্ক্স, ডেভিড ৰিকাৰ্ড'ৰ দৰে অনেক লেখকক প্ৰভাৱিত কৰাৰ লগতে কেইবাখনো চৰকাৰ আৰু কেইবাটাও সংগঠনক প্ৰভাৱিত কৰিবলৈও সক্ষম হ'ল। এই গ্ৰন্থই অনাগত ডেৰ শতিকাৰ বাবে অৰ্থনৈতিক বিচাৰ আৰু বিশ্লেষণত বিশেষ ভূমিক গ্ৰহণ কৰিলে॥[4] দ্য ৱে'ল্থ অৱ নেশ্বন্স ১৭ বছৰৰ টোকা আৰু পূৰ্বৰ কৰ্মৰ ওপৰত আধাৰিত, যি সেই সময়ৰ বিভিন্ন অৰ্থনীতিবিদৰ সৈতে বাৰ্তালাপেৰে প্ৰভাৱিত। স্মিথে গ্ৰন্থখন তৈয়াৰ কৰিবলৈ প্ৰায় ১০ বছৰ সময় ল'লে।[5] ফল আছিল এনে এক গ্ৰন্থ যাৰ উদ্দেশ্য আছিল পুৰণিৰ ঠাইত নতুন অৰ্থনৈতিক চিন্তাৰ আধাৰত প্ৰয়োগাত্মক দিগ্দৰ্শন প্ৰদান কৰা।[6] এই গ্ৰন্থই অৰ্থনীতিবিদ, ৰাজনীতি বিজ্ঞানী, গণিতজ্ঞ, জীৱবিজ্ঞান আদি অনেক বিষয়ৰ পণ্ডিতক প্ৰভাৱিত কৰিছিল। অৰ্থনীতিৰ বাবে বিশেষকৈ, এই গ্ৰন্থই চিহ্নিত কৰিছিল এনে এক দৃশ্যপট পৰিৱৰ্তন, যি পদাৰ্থ বিজ্ঞানৰ প্ৰিনকিপিয়া মেথেমেটিকা, ৰসায়ন বিজ্ঞানৰ ট্ৰেইটে এলিমেণ্টইৰে দ্যে কাইমে' আৰু জীৱবিজ্ঞানৰ অৰিজিন অৱ স্পিচিজৰ প্ৰভাৱৰ সৈতে তুলনীয়। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia