ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই.) হ'ল ১৯৫৯ চনৰ সংসদীয় আইনৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে স্বীকৃতিপ্ৰাপ্ত এটি উচ্চশিক্ষা প্ৰতিষ্ঠান।[1]কলকাতাৰ প্ৰেচিডেন্সি বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা গৱেষণাগৰত প্ৰশান্ত চন্দ্ৰ মহালানবিছৰ তত্ত্বাৱধানত এই প্ৰতিষ্ঠানৰ জন্ম হৈছিল। ১৯৩১ চনত স্থাপিত ভাৰতৰ অন্যতম ঐতিয্যপূৰ্ণ এই চৰকাৰী বিশ্ববিদ্যালয়খন]] পৰিসংখ্যীয় গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম মৰ্যাদাপূৰ্ণ প্ৰতিষ্ঠানবোৰৰ ভিতৰত লেখত ল'বলগীয়া। এই প্ৰতিষ্ঠানৰ প্ৰাৰম্ভিক খ্যাতিৰ বাবে ইয়াক মডেল হিচাপে লৈ নৰ্থ কেৰ'লিনাত প্ৰথমখন US institute of Statistics স্থাপন কৰা হৈছিল।[2] ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় কলকাতাৰ বৰানগৰত আছে। দিল্লী, বেংগালুৰু, চেন্নাই আৰু তেজপুৰত এই প্ৰতিষ্ঠানৰ চাৰিটা শাখা আছে। ইয়াৰ লগতে মুম্বাই, হায়দৰাবাদ, পুণে, গিৰিড, বদোদৰা আৰু কইম্বটুৰত ইয়াৰ কাৰ্যালয় আছে।[3] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia