ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান
ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (ইংৰাজী: Indian Institute of Science,IISc) বাংগালোৰত অৱস্থিত এটি উচ্চ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। উদ্যোগপতি জামচেদজী টাটা, স্বামী বিবেকানন্দ, মাইচোৰৰ ৰজা শ্ৰী কৃষ্ণৰাজা উদিয়াৰ আৰু তেখেতৰ মাতৃ, ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জন আদিৰ সহযোগ আৰু পৃষ্ঠপোষকতাত প্ৰতিষ্ঠানটি ১৯০৯ চনৰ ২৭ মে'ত প্ৰতিষ্ঠাপিত হৈছিল। ৰসায়ন বিজ্ঞান আৰু ইলেক্ট্ৰ-টেকনলজী - এই দুটা বিভাগেৰ আৰম্ভ হোৱা এই প্ৰতিষ্ঠানটোৰ প্ৰথম সঞ্চালক আছিল মৰীচ w. ট্ৰাভাৰ। প্ৰতিষ্ঠানটোত জীববিজ্ঞান, ৰসায়ন বিজ্ঞান, বিদ্যুৎ বিজ্ঞান আদি ৭টা বিভাজনত (ইংৰাজী: division) বৰ্তমান (ডিচে. ২০১১) মুঠ ৪৫টা বিভাগ (ইংৰাজী: department) আছে। ইয়াত বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিষয়ত স্নাতকোত্তৰ আৰু ডক্টৰেট পৰ্য্যায়ৰ পাঠ্যক্ৰম আছে। তথোপযুক্ত পুথিভৰাল আৰু কম্পিউটাৰৰ সুবিধাৰে সম্বৃদ্ধ প্ৰতিষ্ঠানটোত ২০০৬ চনৰপৰা ভাৰত চৰকাৰৰ সাহায্যত ইয়াৰ গৱেষণাগাৰসমূহৰ নবীকৰণৰ কাৰ্য্য চলি আছে। ইতিহাস১৮৮৩ চনত এক জাহাজ যাত্ৰাত জামচেদজী এন টাটা আৰু স্বামী বিবেকানন্দৰ মাজত এক আকস্মিক সাক্ষাত হৈছিল। এই যাত্ৰাতে তেওঁলোকৰ মাজত হোৱা বৈঠকত টাটাই ভাৰতবৰ্ষলৈ তীখা উদ্যোগ অনাৰ পৰিকল্পনাৰ বিষয়ে আলোচনা হৈছিল। ইয়াৰ প্ৰায় ৫ বছৰৰ পিছত টাটাই বিবেকানন্দলৈ চিঠি লিখিলে এইদৰেঃ[1][2]
বিবেকানন্দৰ বিজ্ঞানৰ প্ৰতি থকা দৃষ্টিভংগী আৰু নেতৃত্বসূলভ গুণত মুগ্ধ হৈ টাটাই বিবেকানন্দক তেওঁৰ অভিযানৰ পথ প্ৰদৰ্শক হিচাপে বিচাৰিছিল। বিবেকানন্দই টাটাৰ এই প্ৰকল্পক উৎসাহেৰে সমৰ্থন জনালে আৰু টাটাই দেশৰ বৈজ্ঞানিক সামৰ্থ্যক আগবঢ়াই নিয়াৰ উদ্দেশ্য আগত ৰাখি উচ্চ শিক্ষা আৰু উন্নত গৱেষণাৰ এক প্ৰতিষ্ঠান স্থাপনৰ বাবে সুচিন্তিত আঁচনি প্ৰস্তুত কৰিবলৈ এখন অস্থায়ী সমিতি গঠন কৰিলে। এই সমিতিয়ে ১৮৯৮ চনৰ ৩১ ডিচেম্বৰ তাৰিখে ভাইচৰয় লৰ্ড কাৰ্জনক এখন খচৰা প্ৰস্তাৱ দাখিল কৰিলে। নোবেল বটাঁপ্ৰাপক প্ৰসিদ্ধ বিজ্ঞানী ছাৰ ৱিলিয়াম ৰামছে' (Sir William Ramsay)ক এই প্ৰতিষ্ঠানটি স্থাপনৰ বাবে এখন উপযুক্ত ঠাই নিৰ্বাচন কৰি দিবলৈ আমন্ত্ৰণ জনোৱা হ'ল আৰু তেওঁ ইয়াৰ বাবে বাংগালোৰক সৰ্বশ্ৰেষ্ঠ স্থান হিচাপে পৰামৰ্শ আগবঢ়ালে। এই শৈক্ষিক প্ৰতিষ্ঠানটিৰ বাবে ভূমি আৰু অন্যান্য সুবিধাসমূহ মহীশূৰ(বৰ্তমানৰ কৰ্ণাটক)(Mysore)ৰ মহাৰাজ Krishnaraja Wodeyar IV আৰু টাটাই নিজে দান কৰিছিল। মহাৰাজই প্ৰায় ৪০০ একৰ (১.৬ বৰ্গ কিঃমিঃ) ভূমি (বৰ্তমানৰ বজাৰ মূল্য প্ৰায় ২ বিলিয়ন আমেৰিকান ডলাৰ) দান কৰিছিল। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এছ চি)ৰ স্থাপনৰ বাবে কেইবাটাও ভৱন টাটাই দান কৰিছিল। চৌহদ
ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ চৌহদ বাংগালোৰ মহানগৰীৰ উত্তৰ দিশত অৱস্থিত। প্ৰতিষ্ঠানটি বাংগালোৰ মহানগৰ ৰে'ল ষ্টেছন আৰু মূল বাছ আস্থানৰ পৰা প্ৰায় ৪ কিঃমিঃ নিলগত য়শোৱন্তপুৰৰ দিশে যোৱা ঘাই পথৰ দাঁতিত অৱস্থিত। কেম্পেগৌড়া(মেজেষ্টিক নামেৰে জনপ্ৰিয়) বাছ আস্থানৰ পৰা ২৫০ৰ পৰা ২৭৬ শৃংখলৰ বাছসমূহে প্ৰতিষ্ঠানটিৰ কাষৰ ঘাই পথেৰে সেৱা আগবঢ়ায়। মহানগৰৰ যিকোনো স্থানৰ পৰা অট'ৰিস্কাৰে প্ৰতিষ্ঠানটিলৈ সুবিধাজনক ভাৱে যাতায়ত কৰিব পাৰি। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান চৌহদত ৪০ টাতকৈও অধিক শৈক্ষিক বিভাগ, ৬খন কেণ্টিন(cafeterias), এটা জিমখানা (জিমনাছিয়াম আৰু ক্ৰীড়া প্ৰকল্প), এখনকৈ ফুটবল আৰু ক্ৰিকেট খেলৰ পথাৰ, চাৰিটা ডাইনিং হল, এখন বহুৰন্ধনশৈলীযুক্ত পৰিয়াল ৰেষ্টোৰাঁ, ১০টা ছাত্ৰাৱাস, ৬টা ছাত্ৰীনিৱাস, এখন এয়াৰ ফিল্ড, এটা পুথিভৰাঁল, দুটা বজাৰ-সমাৰ প্ৰকল্প, এখন মালিচ পৰিচৰ্যা কেন্দ্ৰ, এটা স্বাস্থ্য কেন্দ্ৰ, এখনকৈ পুৰুষ আৰু মহিলাৰ বাবে সৌন্দৰ্য চৰ্চা কেন্দ্ৰ, অধ্যাপক,শৈক্ষিক কৰ্মচাৰী আৰু অন্যান্য কৰ্মচাৰীসকলৰ বাবে আৱাসিক স্থানৰ সুবিধা আছে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
স্থানাংক: 13°01′11″N 77°33′58″E / 13.01978°N 77.56605°E
|
Portal di Ensiklopedia Dunia