মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল
মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত ১৯ শতিকাৰ ভিক্টৰীয়ান নিঅ' গথিক স্থাপত্য কলাৰ ৰাজহুৱা ভৱন আৰু ২০ শতিকাৰ মুম্বাই ফৰ্টৰ আশে-পাশে থকা আৰ্ট ডেক' এনচেম্বেলৰ সংগ্ৰহ।[1] এই ভিক্টৰীয়ান গথিক স্থাপত্যকলাৰ ভৱন আৰু আৰ্ট ডেক' এনচেম্বেলৰ সংগ্ৰহ মুম্বাইৰ অভেল ময়দানত অৱস্থিত। এসময়ত অভেল ময়দানক স্প্লেনডে বুলি জনা গৈছিল।[1] ইয়াৰ পূবফালে নৱ ভিক্টৰীয়ান গথিক স্থাপত্যকলাৰ ৰাজহুৱা ভৱন সমূহ আৰু পশ্চিমফালে ফৰাচী স্থাপত্যৰ আৰ্ট ডেক' এনচেম্বেলৰ সংগ্ৰহসমূহ মুম্বাইৰ ব্লেকবে আৰু মেৰাইন ড্ৰাইভৰ মাজত অৱস্থিত।[1] ইয়াত মুঠতে ৯৪টা ভৱন আছে।[2][3] ১৯ শতিকাৰ ভিক্টৰীয়ান গথিক স্থাপত্যৰ ৰাজহুৱা ভৱন সমূহ হ'ল বোম্বে উচ্চ ন্যায়ালয়, মুম্বাই বিশ্ববিদ্যালয় আৰু নগৰ সত্ৰ ন্যায়ালয়ৰ পুৰণি সচিবালয় ভৱন আৰু ৰাজাবাঈ ক্ল'ক টাৱাৰ।[4][1] ২০ শতিকাৰ আৰ্ট ডেক' সমূহ মূলতঃ ব্যক্তিগত আৱাসিক ভৱন আৰু ইৰছ চিনেমাৰ ভৱন।[1] ২০১৮ চনৰ ৩০ জুন তাৰিখে বাহৰেইনৰ মানামাত অনুষ্ঠিত হোৱা ইউনেস্কোৰ ৪২তম অধিবেশনত মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেলক বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হয়।[5] ইয়াৰ ফলত ভাৰতৰ বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত স্থানৰ সংখ্যা ৩৭টালৈ বৃদ্ধি হয়। ঐতিহ্য গাঁথনিসমূহ বা স্থানসমূহভিক্টোৰিয়াননিঅ' গথিক
বিশ্ববিদ্যালয় পুথিভঁৰাল, সমাৱৰ্তন প্ৰেক্ষাগৃহ
নিঅ'ক্লাছিকেল
ইণ্ডো-চেৰাচেনিক
আৰ্ট ডেক'
চিত্ৰ মালা
তথ্য উৎস
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia