লিংগ অনুপাত অনুসৰি দেশৰ তালিকা
![]() নীলা= বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা। ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ। (বিশ্বৰ গড় লিংগ অনুপাত= ১.০১) ![]() নীলা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা। ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ। (বিশ্বৰ ১৫ বছৰৰ অনূৰ্ধ্ব জনসংখ্যাৰ গড় লিংগ অনুপাত=১.০৬) ![]() নীলা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা। ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ। (বিশ্বৰ ৬৫ বছৰৰ উৰ্দ্ধ জনসংখ্যাৰ গড় লিংগ অনুপাত=০.৭৯) জনসংখ্যা অনুসৰি প্ৰতিগৰাকী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যাই হ'ল মানুহৰ লিংগ অনুপাত। বিভিন্ন দেশৰ লিংগ অনুপাতৰ তালিকা এখন তলত দিয়া হৈছে। লিংগ অনুপাততালিকাখনৰ কিছুমান তথ্য The World Factbook (২০১২)[1]ৰপৰা সংগ্ৰহ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ CIA নামৰ সংস্থাটোৱে এই পুৰুষ-মহিলাৰ লিংগ অনুপাতৰ তথ্যখিনি যুগুত কৰিছে। The World Factbook-ৰ তথ্যসমূহ আৰু নিজ নিজ দেশসমূহৰ লোকপিয়লৰ তথ্যসমূহৰ মাজত পাৰ্থক্য থাকিব পাৰে। উদাহৰণস্বৰূপে ২০০১ চনত The World Factbook-ৰ তথ্য অনুসৰি ছুইজাৰলেণ্ডৰ শিশুৰ জন্মৰ লিংগ অনুপাত আছিল ১.০৫[2], কিন্তু ছুইজাৰলেণ্ডৰ চৰকাৰী পৰিসংখ্যা মতে এই অনুপাত আছিল ১.০৭[3]। ছুইডেন, নৰৱে, আয়াৰলেণ্ড, ভাৰত আৰু জাপানৰ লিংগ অনুপাতৰ ক্ষেত্ৰতো এনে বিসংগতি দেখা গৈছিল। অনুপাত ১-তকৈ বেছি হ'লে মহিলাতকৈ পুৰুষৰ সংখ্যা অধিক, আৰু অনুপাত ১-তকৈ কম হ'লে পুৰুষতকৈ মহিলাৰ সংখ্যা অধিক। অনুপাত ১ হ'লে পুৰুষ আৰু মহিলাৰ সংখ্যা সমান।
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia