শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান
শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Sikhna Jwhwlao National Park) অসমৰ বডোলেণ্ড ক্ষেত্ৰীয় অঞ্চলৰ অন্তৰ্গত চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ৩১৬.২৯ বৰ্গ কিলোমিটাৰত বিস্তৃত এই উদ্যানখন বৃহত্তৰ মানস জৈৱমণ্ডলৰ অংশ আৰু ই আন চাৰিখন আঞ্চলিক উদ্যানক সংযোগ কৰে।[1] অসম চৰকাৰে ২০২৫ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত কেবিনেট বৈঠকৰ সময়ত আনুষ্ঠানিকভাৱে এই ৰাষ্ট্ৰীয় উদ্যান স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে।[2] শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান বড়োলেণ্ডৰ তৃতীয়খন আৰু অসম ৰাজ্যৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখন ৪৬০ টাতকৈও অধিক প্ৰজাতিৰ পখিলা আৰু সোণালী বান্দৰ, এশিঙীয়া গঁড় আৰু ঢেঁকীয়াপতীয়া বাঘৰ দৰে বিৰল প্ৰাণীৰ বাসস্থান।[3] নামকৰণএই উদ্যানখনৰ নামকৰণ জৌলীয়া দেৱান নামেৰে পৰিচিত কিংবদন্তি বড়ো নায়ক শিখনা জৌলাওৰ নামেৰে কৰা হৈছে। তেওঁ এই অঞ্চলত শাসন কৰিছিল আৰু ১৮৬৪-৬৬ চনৰ আশে-পাশে ভূটান আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা দুৱাৰ যুদ্ধৰ সময়ত ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে যুঁজিছিল।[4] তেওঁৰ ৰাজধানী শিখনাঝাৰ বা চিকনাঝাৰ নৌ নৌগৰ ভাৰত-ভূটান সীমান্তৱৰ্তী চহৰ সৰভোগৰ ওচৰৰ উল্টাপানী সংৰক্ষিত বনাঞ্চলত অৱস্থিত আছিল। এই অঞ্চল বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত অৱস্থিত। এই স্থানৰ ধ্বংসাৱশেষ থকা অঞ্চলটোক দেৱতা আৰু আত্মাৰ পবিত্ৰ বাসস্থান বুলি গণ্য কৰা হয় আৰু তাত প্ৰতি বছৰে বড়ো লোকসকলে পৰম্পৰাগত বাথৌ পূজা আৰু খেৰাই পূজা কৰে।[5] ইতিহাস২০০৩ চনৰ ৬ মাৰ্চ তাৰিখে চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলখনক চিৰাং-ৰিপু হস্তী সংৰক্ষিত বনাঞ্চল হিচাপে অধিসূচনা কৰি হাতীৰ স্বাভাৱিক বাসস্থানৰ বাবে MIKE Site অৰ্থাৎ হাতী অবৈধ হত্যাৰ ওপৰত নিৰীক্ষণ স্থান হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। অসমৰ পৰিৱেশ আৰু বন বিভাগৰ অধিসূচনাখনত ভাৰত চৰকাৰৰ প্ৰকল্প হাতী সংমণ্ডল অধীনত স্থাপিত এই বনাঞ্চল ভাৰত-ভূটান সীমান্তৰ ২,৬০০ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি গঠন কৰা হৈছিল। এক সংলগ্ন বাসস্থান হিচাপে এই বনাঞ্চলৰ পশ্চিমে বক্সা বাঘ্ৰ সংৰক্ষিত অঞ্চল (পশ্চিম বংগৰ পূব দুৱাৰ হস্তী সংৰক্ষিত অঞ্চল অংশ) আৰু উত্তৰে ভূটানৰ ফিপছু বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত।[5] চিৰাং-ৰিপু হস্তী সংৰক্ষিত বনাঞ্চলত কোকৰাঝাৰ জিলাৰ কচুগাঁও বন সংমণ্ডল আৰু হাল্টুগাঁও বনাঞ্চল, চিৰাং জিলাৰ আই উপত্যকা বন সংমণ্ডলৰ লগতে মানস ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দৰং বন সংমণ্ডল, মঙলদৈ বন্যপ্ৰাণী বন সংমণ্ডল, আৰু উত্তৰ কামৰূপ বন সংমণ্ডল অন্তৰ্ভুক্ত।[5] ক্ৰমাৎ বনাঞ্চল ধ্বংসৰ পৰা ইয়াক ৰক্ষা কৰাৰস্বাৰ্থত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ নেতৃত্বত বিটিচি প্ৰশাসনৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বত ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰি প্ৰায় ধ্বংসপ্ৰাপ্ত সংৰক্ষিত বনাঞ্চলখন সুৰক্ষিত কৰাৰ পৰিকল্পনা হাতত লোৱা হয়। ইয়াৰ ফলশ্ৰুতিত এক জৰীপ কৰা হয় আৰু ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অসম চৰকাৰলৈ ৩২১.৯০ বৰ্গ কিলোমিটাৰ এলেকাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৪ চনৰ ১৫ আগষ্টত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত ৩২১.৯০ বৰ্গ কিলোমিটাৰ মাটিকালিৰ এই ৰাষ্ট্ৰীয় উদ্যানখনৰ স্বীকৃতিৰ কথা উল্লেখ কৰে। ২০২৫ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে অসম কেবিনেটে এই ৰাষ্ট্ৰীয় উদ্যান স্থাপনৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰে আৰু ৫ মাৰ্চ তাৰিখে অসমৰ ৰাজ্যপালে এক অধিসূচনাৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখন হিচাপে ঘোষণা কৰে। ভূগোলশিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানখন হিমালয়ৰ পাদদেশৰ ভাবৰ অঞ্চল অৱস্থিত। অসংখ্য জলপ্ৰবাহে এই অঞ্চলটোক ছেদ কৰিছে। ইয়াৰ উত্তৰ উত্তৰৰ পৰা দক্ষিণলৈ মাটিৰ ঢাল সুস্পষ্ট। ইয়াৰ গড় উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৮৫ৰ পৰা ২৪০ মিটাৰ। উদ্যানখনৰ মাজেৰে বৈ যোৱা প্ৰধান নদীসমূহ হ’ল সৰলভাঙা, সমুখ, চম্পাৱতী, ভূৰ, লাওপানী আৰু ধলপানী। এই সকলোবোৰ নদী ভূটানৰ পাহাৰৰ পৰা উৎপত্তি হৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছে। ভূৰ, লাওপানী, আৰু ধলপানী নদী চম্পাৱতী নদীৰ তিনিটা উপ-উপনৈ।[5] উল্টাপানী বন সংমণ্ডলৰ ভিতৰত অৱস্থিত একমাত্ৰ বিল হৈছে মাছভাণ্ডাৰ। ইয়াত অসংখ্য নদী আৰু নৈ আছে যদিও ইয়াৰে বেছিভাগেই খৰালি কালত শুকান হৈ থাকে। ভাবৰ অঞ্চলৰ বহু অংশৰ মাটি শুকান বালিচহীয়া পলসুৱা, শিলগুটিৰে আবৃত, মাত্ৰ অতি পাতল হিউমাছ স্তৰ দেখা যায়। পৃষ্ঠীয় শিল মোটামুটি সাধাৰণ। ফলকীয় বৈশিষ্ট্যশিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ উল্টাপানী, লালভেটি, আৰু সৰলভাঙা সংমণ্ডলৰ প্ৰত্যেকেই উল্লেখযোগ্য ফলকীয় কাৰ্যকলাপ প্ৰকাশ কৰে। উল্টাপানী সংমণ্ডলত অণ্ডাকাৰ উত্থান আৰু ১০ৰ পৰা ২৫ মিটাৰ উচ্চতাৰ উত্তৰ ঢালৰ বৈশিষ্ট্য আছে। ই নদীৰ অৱৰোধ আৰু ১৬,০০০ বছৰ পুৰণি মাটিৰ নিক্ষেপৰ সৈতে অতীতৰ ভূমিকম্পীয় পৰিঘটনাৰ সাক্ষ্য বহন কৰে। লালভেটি মণ্ডলত ৩৫ৰ পৰা ৫০ মিটাৰ উচ্চতাৰ আকৰ্ষণীয় ঢাল আৰু খাদ আছে। ই শেহতীয়াকৈ একাধিক ভূমিকম্পৰ ফলত সৃষ্টি হৈছে। সৰলভাঙা সংমণ্ডলত ৬ৰ পৰা ১০ মিটাৰ উচ্চতাৰ থিয় ঢাল আৰু অনুৰূপ মাটিৰ নিক্ষেপ দেখা গৈছে। এই মণ্ডলসমূহে একেলগে ৰাষ্ট্ৰীয় উদ্যানখনৰ ফলকীয় ইতিহাস আৰু ভূমিকম্পীয় কাৰ্যকলাপৰ উদাহৰণ ইয়াৰ উচ্চ ভূখণ্ড, থিয় ঢাল আৰু খাদ, আৰু পলসুৱা নিক্ষেপৰ জৰিয়তে দেখুৱাইছে।[5] জলবায়ুশিখনা জ্ৱালাও ৰাষ্ট্ৰীয় উদ্যানৰ জলবায়ু আৰ্দ্ৰ গ্ৰীষ্মমণ্ডলীয় মৌচুমী হিচাপে শ্ৰেণীভুক্ত কৰা হয়। ইয়াৰ গড় উষ্ণতা ৭ ডিগ্ৰী চেলছিয়াছৰ পৰা ৩৪ ডিগ্ৰী চেলছিয়াছ লৈকে হয়। শীতকালত বৰষুণৰ পৰিমাণ ১৫ মিলিমিটাৰৰ পৰা বাৰিষাত ১১৬২ মিলিমিটাৰলৈকে হয়। জৈৱ বৈচিত্ৰ্য২০১৪ চনত কৰা এক সমীক্ষা অনুসৰি মুঠ ৩০টা গছৰ প্ৰজাতি (২৩টা গণ, ১২টা পৰিয়াল), ৭টা বিৰল, বিলুপ্তপ্ৰায়, আৰু ভাবুকিৰ সন্মুখীন হোৱা প্ৰজাতি (৭টা গণ, ৭টা পৰিয়াল), ৮টা অৰ্কিড প্ৰজাতি (৮টা গণ, অৰ্কিডেচিয়াছ পৰিয়াল), ৬টা বন্যপ্ৰাণী, ১০টা চৰাই, আৰু ৩০টা পখিলাৰ প্ৰজাতি বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনৰ অংশ উল্টাপানী সংৰক্ষিত বনাঞ্চলত নথিভুক্ত কৰা হৈছিল।[5] উদ্ভিদইয়াৰ অনন্য ভৌগোলিক অৱস্থান আৰু ভূতাত্ত্বিকতাৰ বাবে উদ্যানখনে অতি আৰ্দ্ৰ শাল বনাঞ্চল, উপ-হিমালয়ৰ উচ্চ অৰ্ধচিৰসেউজ অৰণ্য, আৰ্দ্ৰ মিশ্ৰিত পৰ্ণপাতী অৰণ্য, নদীৰ পাৰৰ অৰণ্য, তৃণভূমি বা ছাভানা অৰণ্য, অৰ্কিড, আৰু খাইৰ-চিচু বনাঞ্চলৰ অৱস্থিতি দেখা যায়। প্ৰাণীজৈৱ বৈচিত্ৰ্য সমৃদ্ধ হিমালয়ৰ পাদদেশত অৱস্থিত এই বনাঞ্চলসমূহে বৰ্তমান পূব হিমালয় জৈৱ বৈচিত্ৰ্য হটস্পটৰ অন্তৰ্গত। শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানোৰ এই হটস্পটৰ অংশ হিচাপে গঢ় লৈ উঠিছে। এই উদ্যান হাতী, সোণালী বান্দৰ, বাঘ, নাহৰফুটুকী, ফুটুকী হৰিণ, খটীয়া পহু, বনৰীয়া গাহৰি, গুঁই, কাছ, কেটেলাপহু, বনৰীয়া ম’হ, মেথোন, নাগ, অজগৰ, বিভিন্ন প্ৰজাতিৰ পোক-পতংগ, চৰাই-চিৰিকটি, মাছ, পখিলা ইত্যাদিৰ বাসস্থান।[6] এই প্ৰজাতিবোৰে ভূটানৰ উত্তৰ ফিবছু বন্যপ্ৰাণী অভয়াৰণ্য, পশ্চিম বংগ আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে গৈ সৰলভাঙা নদীৰ মাজেৰে শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে। তথ্য উৎস
|
Portal di Ensiklopedia Dunia