হোমি জাহাঙ্গীৰ ভাবা
হোমি জেহাঙ্গীৰ ভাবা (ইংৰাজী: Homi Jehangir Bhabha) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ নিউক্লীয় পদাৰ্থবিজ্ঞানী। তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত পদাৰ্থবিজ্ঞানৰ অধ্যাপক আছিল।[2][3] [4] তদুপৰি ভাবা ভাৰতৰ প্ৰসিদ্ধ শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠান টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান (TIFR) আৰু Atomic Energy Establishment, Trombay (AEET)ৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল।[2][4] ভাবাৰ মৃত্যুৰ পাছত Atomic Energy Establishment, Trombay (AEET)ক ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ (BARC) বুলি নামকৰণ কৰা হয়।[5] প্ৰাৰম্ভিক জীৱন১৯০৯ চনত ভাবাৰ জন্ম হৈছিল বোম্বাই (এতিয়া মুম্বাই) ৰ এটা পাৰ্চি পৰিয়ালত। তেওঁৰ দেউতাক এজন উকীল আছিল আৰু মাক বিখ্যাত টাটা পৰিয়ালৰ লগত ওত:প্ৰোতভাৱে জড়িত আছিল।[6] কৰ্মজীৱনতেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল বোম্বাইৰ কেথেদ্ৰাছ স্কুলত। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত তেওঁ ১২ বছৰ কটাইছিল আৰু তাত তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং,অঙ্কশাস্ত্ৰ,থিয়ৰিটিকেল ফিজিক্স অধ্যয়ন কৰাৰ উপৰিও, পিছৰফালে বিস্তৃতভাৱে "কছমিক ৰে" আৰু "পাৰ্টিকেল ফিজিক্স" সম্পৰ্কে গৱেষণা চলাইছিল। ১৯৩৯ চন পযৰ্ন্ত তেওঁ এই গৱেষণাৰ কামত ব্যস্ত আছিল। ১৯৩৪ চনৰ কালছোৱাত ভাবাই কিছুদিনৰ বাবে কোপেনহেগেনৰ বহৰাত, জুৰিকৰ পাওলিত আৰু ৰোমৰ ফাৰ্মিত কাম কৰিছিল। ভাৰতলৈ ঘূৰি আহি তেওঁ বাংগালোৰৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত বেলুন ব্যৱহাৰ কৰি 'কছমিক ৰে' সম্পৰ্কে পুনৰ ৫ বছৰ ধৰি অধ্যয়ন কৰে। ১৯৫৫ চনত জেনেভাত অনুষ্ঠিত শান্তিৰ কাৰণে আণৱিক শক্তি শীৰ্ষক এক সভাত ভাবা সৰ্বসন্মতিক্ৰমে ইউ এন (UN)ৰ অধ্যক্ষ নিৰ্বাচিত হয়। তেওঁ ডিয়েনাৰ আন্তৰ্জাতিক আণৱিক শক্তি এজেন্সিৰ গৱৰ্নৰো নিৰ্বাচিত হয়।[6] মৃত্যু১৯৬৬ চনৰ ২৪ জানুৱাৰীত ভাবাই এইএ (Atomic Energy Agency) ৰ এখন সভাত যোগদান কৰিবলৈ যাওঁতে মণ্টব্লেনত তেওঁ উৰাজাহাজ দুৰ্ঘটনাত পতিত হয় আৰু এই বিশ্ববিশ্ৰুত বিজ্ঞানীজনৰ শোকাবহভাৱে মৃত্যু হয়। এই বিশ্ববৰেণ্য বিজ্ঞানীজনৰ সোঁৱৰণত ট্ৰম্বেত স্থাপিত এটমিক এনাৰ্জি এষ্টাব্লিছমেণ্ট (Atomic Energy Establishment) নামৰ "ভাবা এটমিক ৰিচাৰ্ছ চেণ্টাৰ" (Bhabha Atomic Research Center) মুকলি কৰা হয়।[6] বঁটা আৰু সন্মান
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia