অসম বিধানসভা নিৰ্বাচন, ১৯৫১

|
অপ্ৰযোজ্য ←
|
২৭-৩-১৯৫২
|
→ ১৯৫৭
|
|
|
|
|
দল
|
কংগ্ৰেছ
|
জনপ্ৰিয় ভোট
|
১০,৬৪,৮৫০
|
শতাংশ
|
৪৩.৪৮%
|
|
|
অসম বিধানসভা নিৰ্বাচন, ১৯৫১ স্বাধীনোত্তৰ অসমৰ প্ৰথম বিধানসভাখন গঠন কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল। আধিকাৰিকভাবে এই নিৰ্বাচনটোক ১৯৫১ চনৰ বিধানসভা নিৰ্বাচন বুলি জনা যায় যদিও দৰাচলতে নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনৰ ২৭ মাৰ্চ তাৰিখে। ৪৩.৪৮ শতাংশ ভোটেৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৭৬জন বিধায়ক নিৰ্বাচিত হৈ আহে আৰু একক সংখ্যা গৰিষ্ঠতা লাভ কৰি বিষ্ণু ৰাম মেধিৰ নেতৃত্বত চৰকাৰ গঠন কৰে। ৪জন বিধায়েকেৰে ২য় স্থানত থাকে ছোচিয়েলিষ্ট পাৰ্টি।[1]
সমষ্টি
প্ৰথম বিধানসভাত মুঠ ৯৪টা সমষ্টি আছিল। ইয়াৰে ১৩টা সমষ্টিত দুজনকৈ বিধায়ক নিৰ্বাচিত হোৱাৰ ব্যৱস্থা আছিল। সেয়েহে প্ৰথম অসম বিধানসভাত মুঠ সদস্য আছিল ১০৭জন। সেইসময়ত মিজোৰাম, নাগালেণ্ড আৰু মেঘালয় পৃথক ৰাজ্য হিচাপে গঠিত হোৱা নাছিল আৰু অসমৰ সৈতেই সংলগ্ন হৈ আছিল।[1]
ৰাজনৈতিক দল
এই নিৰ্বাচনত ৯টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলে আৰু ১০টা অস্বীকৃতিপ্ৰাপ্ত পঞ্জীভূক্ত দলে অংশগ্ৰহণ কৰিছিল। ৪৩.৪৮ শতাংশ ভোট আৰু ৭৪জন বিধায়কেৰে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথম স্থানত আছিল আৰু ৪জন বিধায়েকেৰে ছোচিয়েলিষ্ট পাৰ্টি ২য় স্থানত আছিল। বহুকেইটা সমষ্টিত ছোচিয়েলিষ্ট পাৰ্টিয়ে কংগ্ৰেছৰ সৈতে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। লক্ষণীয় যে ১৫জন বিধায়কে নিৰ্দলীয়ভাবে জয়ী হৈ আহিছিল। সংখ্যাৰ ফালৰ পৰা নিৰ্দলীয়সকলহে ২য় স্থানত আছিল। মিজোপাহাৰ জিলাৰ ৩টা সমষ্টিৰ পৰাই আঞ্চলিক দল মিজো ইউনিয়ন জয়ী হৈ আহিছিল। খাচী-জয়ন্তীয়া পাহাৰ আৰু গাৰোপাহাৰ জিলা দুখনৰ (বৰ্তমান মেঘালয়) পৰা ৫খন আসন আঞ্চলিক দল 'খাচী দৰবাৰ', 'খাচী জয়ন্তীয়া নেচনেল ফেডাৰেচন ষ্টেট কনফাৰেঞ্চ' আৰু 'গাৰো নেচনেল কাউঞ্চিলে' লাভ কৰিছিল। নগাপাহাৰ জিলাৰ তিনিখন আসনৰ সদস্য তিনিজনে বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছিল।[1]
ক্ৰমিক নং |
দলৰ নাম |
লাভ কৰা আসন |
লাভ কৰা ভোটৰ অংশ
|
১ |
ভাৰতীয় জনসংঘ |
০ |
|
২ |
ভাৰতৰ বলচেভিক পাৰ্টি |
০ |
|
৩ |
ভাৰতৰ কমিউনিষ্ট পাৰ্টি |
১ |
|
৪ |
ফৰৱাৰ্ড ব্লক (ৰুইকাৰ গ্ৰুপ) |
০ |
|
৫ |
অখিল ভাৰতীয় হিন্দু মহাসভা |
০ |
|
৬ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭৬ |
|
৭ |
কিষাণ মজদুৰ প্ৰজা পাৰ্টি |
১ |
|
৮ |
ৰিভ’লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টি |
০ |
|
৯ |
ছোচিয়েলিষ্ট পাৰ্টি |
৪ |
|
১০ |
অল পিপ'লচ্ পাৰ্টি |
১ |
|
১১ |
গাৰো নেচনেল কাউঞ্চিল |
৩ |
|
১২ |
খাচী জয়ন্তীয়া দৰবাৰ |
১ |
|
১৩ |
খাচী জয়ন্তীয়া নেচনেল ফেডাৰেচন ষ্টেট কনফাৰেঞ্চ |
১ |
|
১৪ |
খাচী জয়ন্তীয়া ৰুৰেল অৰ্গেনাইজেচন |
০ |
|
১৫ |
মিজো ইউনিয়ন |
৩ |
|
১৬ |
SCTS |
০ |
|
১৭ |
ট্ৰাইবেল লিগ |
০ |
|
১৮ |
ট্ৰাইবেল সংঘ |
০ |
|
১৯ |
ইউনাইটেড মিজো ফ্ৰণ্ট অৰ্গেনাইজেচন |
০ |
|
১৯ |
নিৰ্দলীয় |
১৪ |
|
তথ্য উৎস
অসমত অনুষ্ঠিত হোৱা নিৰ্বাচন |
---|
| ভাৰতৰ সাধাৰণ নিৰ্বাচন | |
---|
| অসম বিধানসভা নিৰ্বাচন | |
---|
| স্থানীয় নিকায় |
|
---|
| স্বায়ত্বশাসিত অঞ্চল | |
---|
|