অসম বিধানসভা নিৰ্বাচন, ১৯৬৭

|
|
|
|
অসম বিধানসভাৰ নিৰ্বাচন, ১৯৬৭ স্বাধীনোত্তৰ অসমৰ চতুৰ্থ বিধানসভা নিৰ্বাচন। মুঠ ১২৬থন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ পূৰ্বে সমষ্টিবোৰৰ পুনৰ গঠন কৰা হৈছিল আৰু পূৰ্বৰ ১০৫টা সমষ্টিৰ পৰা ১২৬টা সমষ্টিলৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰে ৯৩টা সাধাৰণ, ৯টা অনুসূচীত জাতিৰ বাবে আৰু ২৪টা জনজাতীয়সকলৰ বাবে সংৰক্ষিত আছিল। নিৰ্বাচনত ৭টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু এটা ৰাজ্যিক পৰ্যায়ৰ দল- অল পাৰ্টি হিল লিডাৰ্চ্ কনফাৰেঞ্চে অংশগ্ৰহণ কৰিছিল।মুঠ ৭৩খন আসন পাই ভাৰতীয় জাতীয় কংগ্ৰেছে বিমলা প্ৰসাদ চলিহাৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল। মুখ্যমন্ত্ৰী হিচাপে চলিহাৰ এয়া আছিল দ্বিতীয় কাৰ্যকাল। নিৰ্বাচনত অংশগ্ৰহণ কৰা ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি আৰু জনসংঘই এখনো আসনত জয়লাভ কৰা নাছিল। লুংলেই, আইজল পূব, আইজল পশ্চিম, নংপো আৰু চেৰাপুঞ্জী বিধানসভা সমষ্টিৰ নিৰ্বাচিত সদস্য কেইগৰাকীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈ আহিছিল। ১৯৬৭ৰ বিধানসভা নিৰ্বাচনৰ এক উল্লেখযোগ্য ঘটনা এয়ে যে অসমীয়া সাংস্কৃতিক জগতৰ মহীৰূহ স্বৰুপ বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাই ক্ৰমে তেজপুৰ আৰু নাওবৈচা সমষ্টিৰ পৰা বিজয়ী হৈ বিধানসভাত প্ৰবেশ কৰিছিল।[1]
অংশগ্ৰহণ কৰা ৰাজনৈতিক দল[1]
তথ্য উৎস
অসমত অনুষ্ঠিত হোৱা নিৰ্বাচন |
---|
| ভাৰতৰ সাধাৰণ নিৰ্বাচন | |
---|
| অসম বিধানসভা নিৰ্বাচন | |
---|
| স্থানীয় নিকায় |
|
---|
| স্বায়ত্বশাসিত অঞ্চল | |
---|
|