১৯৭২ৰ অসম বিধানসভা নিৰ্বাচন
অসম বিধানসভাৰ নিৰ্বাচন, ১৯৭২ স্বাধীনোত্তৰ অসমৰ পঞ্চম বিধানসভা নিৰ্বাচন।[1] মিজো হিলচ্ জিলাত বিচ্ছিন্নতাবাদী আন্দোলন প্ৰবল হোৱাত কেন্দ্ৰীয় চৰকাৰে জিলাখনক অসমৰ পৰা আঁতৰাই নি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰে।[2] আনহাতে ১৯৭০ চনৰ ২ এপ্ৰিলত ‘খাচী আৰু জয়ন্তীয়া হিলচ’ আৰু ‘গাৰো হিলচ’ এই দুখন জিলা লগ লগাই মেঘালয় স্বায়ত্বশাসিত ৰাজ্য ঘোষণা কৰা হয়। ১৯৭২ চনৰ ২১ জানুৱাৰীত মেঘালয়ক পূৰ্ণাঙ্গ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা হয়।[3] ৰাজ্যখনৰ পৰিসীমা হ্ৰাস হোৱাৰ ফলস্বৰূপে ১৯৭২ৰ বিধানসভা নিৰ্বাচনত বিধানসভাৰ সমষ্টিও পূৰ্বৰ ১২৬টাৰ পৰা ১১৪টা লৈ হ্ৰাস হৈছিল। হ্ৰাস পোৱা ১২টা সমষ্টি আছিল- ১-লুংলেই, ২-আইজল পূব, ৩-আইজল পশ্চিম, ২২-জোৱাই, ২৩-শ্বিলং, ২৪-নংপো, ২৫-নংষ্টইন, ২৬-চেৰাপুঞ্জী, ২৭-বাঘমৰা, ২৮-ডাইনাডুবি, ২৯-তুৰা আৰু ৩০-ফুলবাৰী।[1] নিৰ্বাচনত ৯৩খন আসনেৰে ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰঙ্কুশ সংখ্যা-গৰিষ্ঠতা লাভ কৰে। সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টীয়ে ৪খন, ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে ৩খন, স্বতন্ত্ৰ পাৰ্টী আৰু অসম ভৈয়াম জনজাতি পৰিষদে এখনকৈ আসন লাভ কৰে। ৫ম বিধানসভালৈ ১১জন নিৰ্দলীয় বিধায়কৰো আগমণ হয়। মহিলা বিধায়কৰ সংখ্যা আছিল ৮গৰাকী। তেওঁলোক আছিল- আনন্দিবালা ৰাভা, প্ৰণিতা তালুকদাৰ, সত্যৱতী গোস্বামী, ৰেৱতী দাস, ৰেণুকা দেৱী বৰকটকী, চৈয়দা আনোৱাৰা টাইমূৰ, স্বৰ্ণপ্ৰভা মহন্ত আৰু তৰুলতা বৰা।[1] ১৯৬৯ত কংগ্ৰেছৰ ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেন) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (ৰিকুইজিচনিষ্ট) নামেৰে বিভাজন হয়। ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ দলটোক মূল কংগ্ৰেছ বুলি নিৰ্বাচনী আয়োগে স্বীকৃতি দিয়ে। [4] ১৯৭২ৰ বিধানসভা নিৰ্বাচনত কামৰাজ নেতৃত্বাধীন অৰ্গেনাইজেচন কংগ্ৰেছেও অসমৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল যদিও তেওঁলোকে এখনো আসন নাপালে।[1] অংশগ্ৰহণকাৰী দলসমূহ![]() ১৯৭২ চনৰ নিৰ্বাচনত নিৰ্দলীয় সদস্যৰ উপৰিও ৭টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ, ১টা ৰাজ্যিক পৰ্যায়ৰ আৰু ১টা পঞ্জীভূক্ত ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল।[1] ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল
ৰাজ্যিক পৰ্যায়ৰ দলপঞ্জীভূক্ত দলবিজয়ী প্ৰাৰ্থীসকল[1]
তথ্য উৎস
|
Portal di Ensiklopedia Dunia