১৯৭৮ৰ অসম বিধানসভা নিৰ্বাচন
১৯৭৮ৰ অসম বিধানসভা নিৰ্বাচন স্বাধীনোত্তৰ অসমৰ ৭ম বিধানসভা নিৰ্বাচন। বিধানসভাৰ ১২৬খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। জনতা পাৰ্টিয়ে ৫৩খন আসন পাই গোলাপ বৰবৰাৰ নেতৃত্বত প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন কৰে। কিন্তু সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্খন হেৰুওৱাত তেওঁ ১৯৭৯ৰ ৪ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। ৯ ছেপ্তেম্বৰত যোগেন্দ্ৰ নাথ হাজৰিকাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে যদিও কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতি শাসন জাপি দিয়া বাবে তেওঁ মাথো ৯৪ দিনৰ বাবেহে মুখ্যমন্ত্ৰীৰ চকীত বহিবলৈ পায়।[1][2] প্ৰেক্ষাপট১৯৭৩ৰ ডিচেম্বৰত গুজৰাটৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মাচুল বঢ়োৱাক কেন্দ্ৰ কৰি সূত্ৰপাত ঘটা নৱনিৰ্মাণ আন্দোলন, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে জয়প্ৰকাশ নাৰায়ণৰ আন্দোলন, সমাজবাদী নেতা জৰ্জ ফাৰ্ণাণ্ডেজৰ নেতৃত্বত তিনি সপ্তাহ জুৰি হোৱা বিহাৰৰ ৰেল ধৰ্মঘট আদিয়ে ভাৰতৰ ৰাজনৈতিক পৰিমণ্ডল অস্থিৰ কৰি ৰাখিছিল।[3] ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ বলপূৰ্বকভাবে প্ৰয়োগ কৰিবলৈ প্ৰচেষ্টা চলোৱা পাঁচসূত্ৰীয় কাৰ্যক্ৰমৰ অন্তৰ্গত বন্ধ্যাকৰণ কাৰ্যসূচীয়েও ব্যপক জনৰোষৰ সৃষ্টি কৰিছিল।[4] ইফালে ১৯৭১ৰ সাধাৰণ নিৰ্বাচনত ৰায়বেৰেলী লোকসভা সমষ্টিৰ পৰা অনৈতিক উপায়ে জিকি অহা বুলি তদানিন্তন প্ৰধানমন্ত্ৰী গান্ধীৰ বিৰুদ্ধে এজন পৰাজিত প্ৰাৰ্থী ৰাজ নাৰায়ণে এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল। ৰাজ নাৰায়ণে অভিযোগ কৰিছিল নিৰ্বাচনত আয়োগে বান্ধি দিয়া খৰচৰ সীমাতকৈ অধিক ধন খৰচ কৰাৰ উপৰিও গান্ধীয়ে প্ৰশাসন যন্ত্ৰটোকো তেওঁৰ নিৰ্বাচনী কাৰ্যত ব্যৱহাৰ কৰিছিল। ১৯৭৫ৰ ১২ জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ে গান্ধীৰ নিৰ্বাচন অবৈধ বুলি ৰায় দিয়ে। গান্ধীয়ে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰে। কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায় প্ৰকাশ পোৱাৰ এদিন আগতে ১৯৭৫ চনৰ ২৫ জুনত গান্ধীয়ে দেশত আভ্যন্তৰিণ জৰুৰীকালিন অৱস্থা ঘোষণা কৰে। জৰুৰীকালীন অৱস্থাৰ সময়চোৱাত চৰকাৰে বাতৰি কাকতৰ ওপৰত চেঞ্চৰশ্বিপ লগালে। নাগৰিকৰ মত প্ৰকাশৰ অধিকাৰ সাময়িকভাবে বৰ্খা্স্ত কৰিলে। বিৰোধী নেতাসকলক কাৰাগাৰত ভৰাই থলে। সংসদ আৰু বিধানসভাবোৰত বিৰোধী পক্ষ দুৰ্বল হোৱাৰ সুযোগত গান্ধীয়ে নিজৰ সুবিধামতে সংবিধান সংশোধন কৰি ললে। ১৯৭৭ৰ ১৮ জানুৱাৰীত হঠাৎ গান্ধীয়ে নিৰ্বাচন ঘোষণা কৰিলে আৰু ৰাজনৈতিক বন্দীসকলক মুকলি কৰি দিলে। দুমাহ পাছত, ২১ মাৰ্চত জৰুৰীকালিন অৱস্থাও উঠাই ললে।[3] ইন্দিৰা গান্ধীৰ স্বেচ্চাচাৰিতাৰ বিৰুদ্ধে প্ৰায়ভাগ বিৰোধী দল একলগ হ'ল। লোকদল, ক্ৰান্তিদল, স্বতন্ত্ৰ পাৰ্টি, সমাজবাদী পাৰ্টি, জনসংঘ আদি দলবোৰ একত্ৰিত হৈ জনতা পাৰ্টি গঠন কৰিলে। ১৯৭৭ৰ সাধাৰণৰ নিৰ্বাচনত জনতা পাৰ্টিয়ে ২৯৮খন আসন পালে। কংগ্ৰেছ শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ল। ইন্দিৰা গান্ধীয়ে পূৰ্বৰ ৩৫২খন আসনৰ বিপৰীতে মাত্ৰ ১৫৩খন আসনহে পালে। গান্ধীৰ বিৰুদ্ধে দলৰ ভিতৰত বিক্ষোভৰ সৃষ্টি হোৱাত দলটো দুভাগত বিভক্ত হ’ল। গান্ধী নেতৃত্বাধীন ঠালটোক ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা) বুলি নামাঙ্কণ কৰা হ’ল।[5][6] ১৯৭৮ত অসমত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা নাপালে যদিও সৰ্বাধিক আসন লাভ কৰা দল হিচাপে জনতা পাৰ্টিয়ে গোলাপ বৰবৰাৰ নেতৃত্বত চৰকাৰ গঠন কৰিলে। ইন্দিৰা কংগ্ৰেছে মাত্ৰ ৮খন আসন পালে। শৰৎ চন্দ্ৰ সিংহ নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছে ২৬খনত জয়লাভ কৰিবলৈ সক্ষম হ'ল।[1] নিৰ্বাচনত অংশগ্ৰহণকাৰী দল[1]
বিজয়ী প্ৰাৰ্থীসকল[1]
তথ্য উৎস
|
Portal di Ensiklopedia Dunia