১৯৯৬ৰ অসম বিধানসভা নিৰ্বাচন
১৯৯৬ৰ অসম বিধানসভা নিৰ্বাচন অসমৰ ১০ম বিধানসভা গঠন কৰিবলৈ অনুষ্ঠিত হয়। ভোটদানৰ হাৰ আছিল ৭৮.৯২%। এইটো নিৰ্বাচনত মুঠ ১৭ গৰাকী মহিলা প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে আৰু ইয়াৰে ৬ গৰাকীয়ে বিজয়ী হয়। প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ সংখ্যা ওদালগুৰি সমষ্টিত আটাইতকৈ কম আছিল, ২জন আৰু আটাইতকৈ বেছি আছিল বৰপেটা সমষ্টিত, মুঠ ২৮জন। অসম গণ পৰিষদে ৫৯খন আসনত জয় লাভ কৰি প্ৰথম স্থানত থাকে। ভাৰতীয় জাতীয় কংগ্ৰেছে ৩৪টা সমষ্টিৰ পৰা বিজয়ী হৈ প্ৰধান বিৰোধী দলৰ আসনত বহে। প্ৰফুল্ল কুমাৰ মহন্তই নগাওঁ আৰু বৰহমপুৰ দুটা বিধানসভা সমষ্টিৰ পৰা বিজয়ী হৈ আহিছিল।[1] পিছত তেওঁ নগাঁও আসনখন এৰি দিয়ে আৰু তাৰপৰা উপ-নিৰ্বাচনত অসম গণ পৰিষদ দলৰ গিৰিন্দ্ৰ চন্দ্ৰ বৰুৱা জিকি আহে।[2][3] চি.পি.আই. আৰু চি.পি.আই.(এম)ৰ সমৰ্থনত প্ৰফুল্ল কুমাৰ মহন্তৰ মুখ্যমন্ত্ৰিত্বত অগপই চৰকাৰ গঠন কৰে। চি.পি.আয়ে মন্ত্ৰীসভাত অংশ লয় যদিও চি.পি.আই.(এম)-এ বাহিৰৰ পৰা চৰকাৰক সমৰ্থন দিয়ে। প্ৰেক্ষাপট১৯৯৬ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাজনৈতিক দৃশ্যপটত বহুতো লক্ষণীয় পৰিবৰ্তন দেখা গৈছিল। শাসক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে দুৰ্নীতি, ৰাজ্যখনৰ বিদ্ৰোহী কাৰ্যকলাপ ৰোধ কৰিবলৈ চৰকাৰী যন্ত্ৰটোৰ, বিশেষকৈ আৰক্ষী সশস্ত্ৰ বাহিনীৰ নিৰ্বিচাৰ ব্যৱহাৰ আদিৰ বাবে জন-ৰোষে গা কৰি উঠিছিল। ইফালে নতুন অসম গণ পৰিষদ দলে অসম গণ পৰিষদৰ সৈতে চামিল হয় আৰু স্বাভাৱিকতে এইটোৱে আঞ্চলিক ৰাজনীতিক শক্তিশালী কৰি তুলিছিল। কংগ্ৰেছক প্ৰতিহত কৰাৰ উদ্দেশ্যে অগপই চি.পি.আই, চি.পি.আই (এম) আদি কংগ্ৰেছ বিৰোধী দলৰ সৈতে জোটবন্ধন কৰে আৰু ইয়াৰ সু-ফল নিৰ্বাচনৰ ফলাফলত দেখা যায়।[3] নিৰ্বাচনত অংশগ্ৰহণকাৰী দল১৯৯৬ৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৭টা, ৰাজ্যিক পৰ্যায়ৰ ৫টা আৰু ৬টা পঞ্জীভূক্ত, কিন্তু অস্বীকৃত ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে। ইয়াৰে ১০টা ৰাজনৈতিক দলে এখনো আসনত বিজয়ী নহ’ল। নিৰ্বাচনটোত ১১জন নিৰ্দলীয় সদস্য বিধানসভালৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহে।[1]
বিজয়ী প্ৰাৰ্থীসকল[1]
উপনিৰ্বাচনপ্ৰফুল্ল কুমাৰ মহন্তই নগাঁও আৰু বৰহমপুৰ, দুখন আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু দুয়োখন আসনৰ পৰাই জিকি আহে। সেয়েহে তেওঁ নগাঁওৰ আসনখন এৰি দিয়াত তাত উপনিৰ্বাচন অনুষ্ঠিত হয়। উপনিৰ্বাচনত নগাঁও বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ গিৰিন্দ্ৰ চন্দ্ৰ বৰুৱাই জয়লাভ কৰে। ১৯৯৮ৰ লোকসভা নিৰ্বাচন তৰুণ গগৈয়ে কলিয়াবৰ আসনৰ পৰা বিজয়ী হোৱাত মাৰ্ঘেৰিটা বিধানসভা আসনখন এৰি দিয়ে আৰু তাতো উপনিৰ্বাচন অনুষ্ঠিত হয়। উপনিৰ্বাচনত জয়লাভ কৰে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ।[4] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia