কানু গান্ধী

কানু গান্ধী
জন্ম ১৯২৮
মৃত্যু ৭ নৱেম্বৰ ২০১৬
চুৰত, গুজৰাট, ভাৰত
শিক্ষানুষ্ঠান MIT
আত্মীয়-স্বজন মহাত্মা গান্ধী, গান্ধী পৰিয়াল

কানু গান্ধী (১৯২৮[1] – ৭ নৱেম্বৰ ২০১৬) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ মহাত্মা গান্ধীৰ তৃতীয় সন্তান ৰামদাস গান্ধীৰ পুতেক আছিল, অৰ্থাৎ মহাত্মা গান্ধীৰ পো নাতি।

জীৱন পৰিক্ৰমা

তেওঁ 'মেছেচ্যুছেট্ছ ইনষ্টিটিউট অফ টেকন'লজী'ত অধ্যয়ন কৰি ১৯৬৩ চনত চিভিল ইঞ্জিনিয়াৰিং ত স্নাতক ডিগ্ৰী লাভ কৰে।[2] পিছত তেওঁ বিমান ডিজাইনৰ ওপৰত নাছা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ বাবে কাম কৰিছিল। তেওঁৰ পত্নী শিৱলক্ষ্মী বষ্টন 'বায়'মেডিকেল ৰিচাৰ্ছ ইনষ্টিটিউট'ৰ অধ্যাপিকা আৰু গৱেষক আছিল। তেওঁলোকৰ কোনো সন্তান নাছিল। ২০১৪ চনত তেওঁলোক ভাৰতলৈ ঘূৰি আহে। ২০১৬ চনৰ ৮ নৱেম্বৰ তাৰিখে চূৰটৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।[3][4]

তথ্য সংগ্ৰহ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya