নৱজীৱন ট্ৰাষ্ট
নৱজীৱন ট্ৰাষ্ট ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ চহৰত অৱস্থিত প্ৰকাশনগোষ্টী। ১৯২৯ চনত মহাত্মা গান্ধীয়ে ইয়াক স্থাপন কৰিছিল।[1] বৰ্তমানলৈকে নৱজীৱন ট্ৰাষ্টে ইংৰাজী, গুজৰাটী, হিন্দী আৰু অন্যান্য ভাষাত ৮০০তকৈও অধিক গ্ৰন্থ প্ৰকাশিত কৰিছে। ইয়াৰে ভিতৰত গান্ধীজীয়ে লিখা আৰু গান্ধী আদৰ্শৰ ওপৰত ভিত্তি কৰি লিখা গ্ৰন্থৰ সংখ্যা সৰহ। প্ৰথমে নৱজীৱন বুলিলে মহাত্মা গান্ধীয়ে ১৯১৯ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ১৯৩১ চনলৈ গুজৰাটী ভাষাত আহমেদাবাদৰ পৰা প্ৰকাশ কৰা সাপ্তাহিক বাতৰিকাকতক বুজাইছিল। উদ্দেশ্য![]() হিন্দী, গুজৰাটী আৰু অন্যান্য ভাৰত-আৰ্য ভাষা পৰিয়ালৰ ভাষাত "নৱজীৱন"ৰ অৰ্থ হৈছে নতুন জীৱন। আৰম্ভণিতে নৱজীৱন ট্ৰাষ্টৰ মুখ্য উদ্দেশ্য আছিল সাধাৰণত জনতাক শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে 'হিন্দ স্বৰাজ'ৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু বিশুদ্ধ উপায়েৰে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা। নৱজীৱন ট্ৰাষ্টে ইয়াৰ উদ্দেশ্য সমূহ সফলভাবে ৰূপায়ণ কৰিবলৈ কিছুমান কাৰ্যপন্থাত বিশেষ ভাৱে মনোনিবেশ কৰিছিল। সেইসমূহ হ'ল:
নৱজীৱন ট্ৰাষ্টে গান্ধীজীৰ কাৰ্যকলাপ, লেখনি আদিৰ লগতে অন্যান্য ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক উত্তৰোত্তৰ সাধনৰ উদ্দেশ্যে বিভিন্ন গৱেষণা পত্ৰ, গ্ৰন্থ আদি প্ৰকাশ কৰে। ইয়াৰ সকলো কাম-কাজ নিজ ক্ষমতাৰ সামৰ্থত কৰা হয়। নৱজীৱন ট্ৰাষ্টৰ ন্যাসৰক্ষী সকলে আত্মনিৰ্ভৰশীলতাৰ ওপৰত কঠোৰ দৃষ্টি নিক্ষেপ কৰি আহিছে। ইয়াৰ লগতে তেওঁলোকে ট্ৰাষ্টৰ উদ্দেশ্যয়ো স্থিৰ ৰাখিবলৈ সক্ষম হৈছে। ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত সাপ্তাহিক কাকত, গ্ৰন্থ আৰু অন্যান্য প্ৰকাশিত সমলত কেতিয়াও বিজ্ঞাপন লোৱা নহয়। ইয়াৰ লগতে আত্মনিৰ্ভৰশীলতাৰ বাবে ই বৰ্তমানলৈকে কাৰোৰে পৰা দান অথবা অনুদান গ্ৰহণ কৰা নাই। তথ্য উৎস
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia