দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া
দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া (ইংৰাজী: The Truth According to Wikipedia, ওলন্দাজ: Wiki's Waarheid) এখন ৱিকিপিডিয়া বিষযক, ইজব্ৰেণ্ড ভেন ভীলেন পৰিচালিত ওলণ্ডাজ তথ্যচিত্ৰ। এইখন ৪ এপ্ৰিল ২০০৮ত আমষ্টাৰডামত অনুষ্ঠিত পৰৱৰ্তী ৱেব সন্মিলনত প্ৰদৰ্শিত তথা নেডাৰলেণ্ড-২ চেনেলত ৭ এপ্ৰিল ২০০৮ত টেলিভিচন তথ্যচিত্ৰ কাৰ্যসূচী- বেকলাইটৰ দ্বাৰা সম্প্ৰচাৰিত হৈছিল। পৰৱৰ্তী সময়ত ই আমেৰিকান পাব্লিক টেলিভিচনতো উপলব্ধ হৈছিল। তথ্যচিত্ৰখনে ৱিকিপিডিয়াৰ নিৰ্ভৰযোগ্যতা আৰু বিশেষজ্ঞ আৰু অপেচাদাৰী সম্পাদকৰ অৱদানৰ বৈপৰীত্য সম্পৰ্কে পৰ্যালোচনা কৰিছে। তথ্যচিত্ৰখনে ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক জিম্মী ৱেলছ আৰু লেৰী ছেংগাৰ, দ্য কাল্ট অফ এমেচাৰৰ লেখক এণ্ড্ৰিউ কীন, ও’ৰেয়িলী মেডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া টিম ও’ৰেয়েলী আৰু এনচাক্লোপিডিয়া ব্ৰিটেনিকাৰ প্ৰাক্তন মুখ্য সম্পাদক ৰবাৰ্ট মেকহেনৰীৰ ভাষ্য গ্ৰহণ কৰিছে। কীনে কৈছে যে এই ৱেব-২ পৰিঘটনাৰ সময়চোৱাত বিশেষজ্ঞসকলে তথ্যৰ অভিভাৱক হিচাপে ভূমিকা লোৱা উচিত। কীনৰ এই দৃষ্টিভঙ্গীক ছেংগাৰৰ বিশ্লেষণেও সমৰ্থন কৰিছে। দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়াই সাধাৰণভাবে এক ধনাত্মক সঁহাৰি লাভ কৰিছিল। চলচ্চিত্ৰ বিষয়ক আলোচনী ফিল্ম কোৱাৰ্টাৰ্লীয়ে ইয়াক “wikipistemology-ৰ তীক্ষ্ণ আৰু ব্যপক অৱলোকন” ৰূপে বৰ্ণনা কৰিছে।[1] চেণ্টাৰ ফৰ ষ্টেটেজিক এণ্ড ইণ্টাৰনেচনেল ষ্টাডীজে তথ্যচিত্ৰখনক “ভাল” বুলি ৰেটিং কৰিছে আৰু সঠিক তথ্যউৎসৰ বিষয়ে শিক্ষাৰ্থীসকলক শিকোৱাৰ এক উপযোগী সমল বুলি বৰ্ণনা কৰিছে।[2] মিডিয়া বিশেষজ্ঞ মিৰ্কো টবিয়াচ শ্বেফাৰৰ মতে ই ৱেবচাইটত উপস্থাপন কৰা সত্য সম্পৰ্কে এক উপযুক্ত বিতৰ্ক। নতুন মেডিয়া বিষয়ক লেখক ষ্টিফেন ডাউনচে কৈছে, তথ্যচিত্ৰখনে ৱেব ৩.০ পৰিঘটনাৰ ব্যাপক সন্দৰ্ভত ৱিকিপিডিয়াৰ স্থান নিৰূপনত ই যি সক্ষমতা দেখুৱাইছে, তাৰবাবেই ই আকৰ্ষণীয় আছিল। তথ্য উৎস
|
Portal di Ensiklopedia Dunia