পদাৰ্থ বিজ্ঞানৰ ইতিহাস
![]()
দৰ্শনৰ পৰা ক্ৰমাৎ বিজ্ঞানৰ বিভিন্ন ভাগ সমূহ উৎপত্তি হোৱাৰ সময়ত পদাৰ্থ বিজ্ঞান (ফিজিক্স) শব্দটোৱে প্ৰাকৃতিক দৰ্শন বুজাইছিল, অৰ্থাৎ এই বিষয়ত প্ৰকৃতিয়ে কেনেদৰে কাম কৰে তাৰ বিষয়ে অধ্যয়ন কৰা হৈছিল। প্ৰাচীন ইতিহাসজ্যোতিৰ্বিজ্ঞান, আলোক বিজ্ঞান আৰু বলবিজ্ঞানেই হৈছে পদাৰ্থ বিজ্ঞানৰ প্ৰাচীনতম ভাগ, জ্যামিতিৰ অধ্যয়নৰ সময়ত গাণিতিকভাবে এই তিনি ভাগক একত্ৰীকৰণ কৰা হয়, বেবীলনীয় আৰু গ্ৰীচ লিখকসমূহ যেনে, আৰ্কিমিডিছ আৰু টলেমিৰ দিনৰ পৰা গণিতৰ বিকাশ আৰম্ভ হয়। সেই সময়তে ফিজিক্স বোলা দৰ্শনৰ ভাগটোত বিভিন্ন পৰিঘটনাৰ ব্যাখ্যা দিয়া আৰম্ভ হয় আৰু এৰিষ্টটলৰ দিনত এই ভাগটোৰ যুগান্তকাৰী বিকাশ হয়। গ্ৰীচৰ সভ্যতাৰ প্ৰাচীন যুগত (৬৫০খৃ:পূ: – ৪৮০খৃ:পূ:) ছক্ৰেটিছৰ পূৰ্বৰ দাৰ্শনিক সকলে প্ৰকৃতিৰ বিভিন্ন সত্যসমূহক আৱিষ্কাৰ কৰা আৰম্ভ কৰে, খৃষ্ট পূৰ্ব ৬ - ৭ শতিকাত প্ৰকৃতি সম্পৰ্কে প্ৰচলিত অতিপ্ৰাকৃতিক, অলৌকিক বা ধৰ্মীয় ধাৰণাসমূহক দাৰ্শনিক "থেলাচে" বিজ্ঞানৰ যুক্তিৰে প্ৰত্যাহবান জনাই আৰু গ্ৰহণ কৰিবৰ বাবে অস্বীকাৰ কৰে, ইয়াৰ বাবে পৰৱৰ্তী কালত "থেলাচ"ক "বিজ্ঞানৰ পিতৃ" বোলা হয়, থেলাচে যুক্তি দিয়ে যে প্ৰতিটো পৰিঘটনাৰ অন্তৰালত এক প্ৰাকৃতিক কাৰক লুকাই থাকে।[2] খৃষ্ট পূৰ্ব ৫ম শতিকাত লুচিপাচে পৰমাণুবাদৰ ধাৰণা আগবঢ়াই, পৰমাণুবাদৰ মতে সকলোবোৰ বস্তু কিছুমান অবিভাজ্য আৰু অক্ষয় কণাৰে গঠিত, এই কণাবোৰক পৰমাণু বোলা হয়, পাছত এই মতবাদৰ ডেমক্ৰিটাচে ব্যাখ্যা আগবঢ়াই। ![]() প্লেটোৰ শিষ্য এৰিষ্টটল (৩৮৪ -৩২২ খৃ:পূ:) এ প্ৰথমে মতপোষণ কৰে যে প্ৰাকৃতিক পৰিঘটনাবোৰৰ সূক্ষ্ম পৰ্যবেক্ষণেই এনে পৰিঘটনাৰ বাবে দায়ী প্ৰাকৃতিৰ সূত্ৰসমূহৰ আৱিষ্কাৰত প্ৰধান ভূমিকা ল’ব পাৰে, গ্ৰীচৰ প্ৰাচীন হেলেনীষ্টিয় সভ্যতা (Hellenistic civilization)ৰ সময়ত (খৃ: পূ: ৬ষ্ঠ, ৫ম, ৪ৰ্থ শতাব্দী) প্ৰাকৃতিক দৰ্শনৰ বিকাশ আৰম্ভ হয়, আৰু ই এক ৰোমাঞ্চকৰ আৰু ধাৰাবাহিক অধ্যয়নৰ বিষয় হৈ পৰে। প্ৰাচীন গ্ৰীচ সভ্যতাৰ আদিভাগতে পৃথিৱী যে গোলাকাৰ সেয়া সকলোৰে মাজত জনাজাত হৈ পৰিছিল। আৰু প্ৰায় ২৪০ খৃ:পূ: মানত এৰাট’চথেন্সে (খৃ:পূ: ২৭৬-১৯৪) সঠিকভাবে পৃথিৱীৰ পৰিসীমা নিৰ্ণয় কৰাত সফল হয়। এৰিষ্টটলৰ জ্যামিতিক দৃষ্টিভংগীৰ বিপৰীতে এৰিষ্টাৰকাচ (খৃ:পূ: ৩১০-১৯৪)এ পৃথিৱীৰ পৰিৱৰ্তে সূৰ্যক কেন্দ্ৰত ৰাখি সৌৰজগতৰ এক সহজ সৌৰকেন্দ্ৰিক বৰ্ণনা আগবঢ়ালে, এৰিষ্টাৰকাচৰ সৌৰকেন্দ্ৰিক ধাৰণাৰ আন এক বিশ্বাসী চেলেকাচে পৃথিৱীয়ে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰে বুলি যুক্তি আগবঢ়াই, যদিও কালৰ সোঁতত তেওঁ আগবঢ়োৱা যুক্তিসমূহ হেৰাই যায়, অৱশ্যে প্লুটাৰ্কৰ মতে চেলেকাচেই প্ৰথম সৌৰকেন্দ্ৰিক ধাৰণাৰ প্ৰৱৰ্তক। খৃ:পূ: ৩য় শতিকাত গ্ৰীক গণিতজ্ঞ আৰ্কিমিডিছে পদাৰ্থ বিদ্যাৰ হাইড্ৰ’ষ্টেটিকচ আৰু ষ্টেটিকচ (স্থিৰ হৈ থকা বস্তুৰ বিজ্ঞান) শাখা দূটাৰ সূত্ৰপাত কৰে, পানীত ওপঙা বস্তুৰ ওপৰত তেওঁ অধ্যয়ন কৰি খৃ:পূ: ২৫০ মানত বিখ্যাত প্লাবিতাৰ সূত্ৰ আৱিষ্কাৰ কৰে, ইয়াক আৰ্কিমিডিছৰ সূত্ৰও বোলা হয়। সেই সময়ৰ জ্যোতিৰ্বিদ টলেমিয়ে লিখা আলগামেষ্ট নামৰ জ্যোতিৰ্বিদ্যাৰ পুথি তাৰ বহু পাছৰ বিজ্ঞানৰ বাবে আধাৰস্বৰূপ হোৱা দেখা যায়। কালৰ গতিত প্ৰাচীন কালত একত্ৰিত হোৱা জ্ঞানপুঞ্জ ক্ৰমাৎ হেৰাই যায়। জনপ্ৰিয় চিন্তাবিদসকলৰো সৰহ সংখ্যক কামেই এতিয়া পোৱা নায়ায়। হিপাৰকাচে লিখি যোৱা ১৪খন কিতাপৰ এখনো মূল কিতাপ এতিয়া পোৱা নাযায়, এৰিষ্টটলৰ ১৫০ খনৰো অধিক বিখ্যাত কৰ্মৰাজীৰ প্ৰায় ৩০খনহে পোৱা যায়, তদুপৰি এৰিষ্টটলৰ শ্ৰেণীত দিয়া টোকাৰ দৰে আন কিছুমান নথি পোৱা যায়। ইছলামীয় খালিফা সকলে এই সময়ৰ বহুবোৰ কৰ্মৰাজী গোটাই লৈ আৰবীয় ভাষালৈ অনুবাদ কৰে। অল-কিণ্ডি, অল-ফৰাবী, অভিচিনা, এভেৰুচ আদিৰ দৰে ইছলামীয় দাৰ্শনিক সকলে গ্ৰীক কৰ্মৰাজীক নিজৰ ধৰণেৰে পুনঃব্যাখ্যা কৰে। ইবন অল-হাথিম আৰু আবু ৰিহান বিৰুণিৰ[3][4] অৱদানো মন কৰিবলগীয়া, তেওঁলোকে পশ্চিম ইউৰোপত ৰ’জাৰ বেকেন আৰু ৱিটেল’ৰ দৰে শিক্ষাবিদৰ অধীনত গ্ৰহণ কৰিছিল। ১২শ শতাব্দীত আৰবীয় ভাষাৰ পৰা লেটিনলৈ পুৰণি কৰ্মৰাজী সমূহ অনুবাদ হোৱাৰ লগে লগে এইবোৰৰ সম্পৰ্কে পশ্চিমীয়া দেশসমূহত সজাগতা বৃদ্ধি পায়। তেওঁলোকে ইছলামীয় আৰু ইহুদী ধৰ্মবিশ্বাসক সামৰি লৈ নকৈ কৰা ব্যাখ্যাই, মধ্যযুগৰ দাৰ্শনিকসকলৰ (যেনে থ’মাচ একুইনাচ আদি) ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰা দেখা গ’ল। সময়ৰেখা
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia