Wikimedia Movement Strategic Planডিচেম্বৰ ২০০৮ চনত ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক জিম্মী ৱেলছBeyond the Encyclopedia: The Frontiers of Free Knowledge - presentation by Erik Möller about the state of the Wikimedia Foundation's projects in 2010
২০ জুন, ২০০৩ চনত ৱিকিপিডিয়া আৰু ন্যুপিডিয়াৰ পৰা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ সৃষ্টি হয়।[13] ই ১৭ চেপ্তেম্বৰ, ২০০৪ চনত United States Patent and Trademark Officeত ৱিকিপিডিয়া ট্ৰেডমাৰ্ক হিছাপে ব্যৱহাৰ কৰিবলৈ আবেদন জনায়। ১০ জানুৱাৰী, ২০০৬ চনত এই চিহ্নটোৰ পঞ্জীয়ন অনুমোদিত হয়। ১৬ ডিচেম্বৰ ২০০৪ত জাপানত আৰু ২০ জানুৱাৰী ২০০৫ত ইউৰোপীয়ান ইউনিয়নত ট্ৰেডমাৰ্ক সুৰক্ষা প্ৰদান কৰা হয়। কাৰিকৰীগতভাৱে চাৰ্ভিছ মাৰ্কটোৰ পৰিসীমাৰ ভিতৰত আছে: "ইণ্টাৰনেটৰ জৰিয়তে সাধাৰণ বিশ্বকোষীয় জ্ঞানৰ ক্ষেত্ৰত তথ্যৰ ব্যৱস্থা" (Provision of information in the field of general encyclopedic knowledge via the Internet। [উদ্ধৃতিৰ প্ৰয়োজন] গ্ৰন্থ আৰু ডি.ভি.ডি.ৰ দৰে আন কিছু সামগ্ৰীৰ বাবেও ৱিকিপিডিয়া ট্ৰেডমাৰ্ক ব্যৱহাৰৰ পৰিকল্পনা আছে।[14]
"ৱিকিমিডিয়া" নামটো আমেৰিকান লেখক শ্বেলডন ৰেম্পটনে ২০০৩ চনৰ মাৰ্চত ইংৰাজী মেইলিং তালিকালৈ লিখোঁতে উদ্ভাৱন কৰে।[15]
ফাউণ্ডেশ্যনৰ ঘোষণাৰ লগে লগে ৱিকিপিডিয়া, ৱিক্স্যনেৰী আৰু ন্যুপিডিয়াৰ সকলো ড'মেইন নামৰ লগতে ব'মিছ বা ৱেলছে নিজেই তৈয়াৰ কৰা এই প্ৰকল্পবোৰত জড়িত সকলো সামগ্ৰীৰ অনুজ্ঞাপত্ৰ ৱিকিমিডিয়ালৈ স্থানান্তৰ কৰা হয়। ৱিকিমিডিয়া প্ৰকল্পৰ বাবে ব্যৱহৃত কম্পিউটাৰ সঁজুলিসমূহো ৱেল্ছে ফাউণ্ডেশ্যনলৈ দান কৰে। ফাউণ্ডেশ্যনে "wikimedia.org" আৰু "wikimediafoundation.org" ড'মেইন নাম লাভ কৰে।
২০০৫ চনৰ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ Internal Revenue Serviceএ "প্ৰাপ্তবয়স্ক শিক্ষা, শিক্ষাৰ প্ৰসাৰ" শ্ৰেণীত শৈক্ষিক ফাউণ্ডেশ্যন হিছাপে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অনুমোদন জনায়, আৰু ইয়ালৈ প্ৰদান কৰা সাহায্য আমেৰিকাত উপাৰ্জন কৰ-মুক্ত হোৱাৰ পথ সূচল হয়।
২০০৬ চনৰ ১১ ডিচেম্বৰত ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ডে লক্ষ্য কৰে যে ফ্ল'ৰিডাৰ আইন পঞ্জীয়নৰ নীতি পালন কৰিব নোৱাৰাৰ ফলত প্ৰতিষ্ঠানটো পূৰ্বে পৰিকল্পনা কৰাৰ দৰে সহযোগিতামূলক প্ৰতিষ্ঠান হ'ব নোৱাৰিলে। তাৰপিছত ব'ৰ্ডে সদস্যতাৰ সকলো অধিকাৰ আৰু কাৰ্যৰ প্ৰসংগ আঁতৰাবলৈ নিয়মৰ সালসলনি কৰে।[16]
২০০৭ চনৰ ২৫ চেপ্তেম্বৰত প্ৰতিষ্ঠানৰ সকলো কাৰ্যকলাপ চান ফ্ৰান্সিচ্ক' উপকূল অঞ্চললৈ স্থানান্তৰ কৰাৰ অৰ্থে ব'ৰ্ডে জাননী জাৰি কৰে। ইয়াৰ কাৰণ আছিল একে ভাৱসম্পন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সম্ভাব্য সহযোগীৰ নিকট অৱস্থিতি, আৰু ছেইণ্ট পিটাৰ্ছবাৰ্গতকৈ অধিক সুলভ বা সূচল আন্তঃৰাষ্ট্ৰীয় যাতায়তৰ ব্যৱস্থা।[17][18][19]
২০১০ চনৰ ১৬ এপ্ৰিলত কোনো ৱিকিমিডিয়াৰ প্ৰকল্পত এশকোটিতম সম্পাদনা কৰা হয়।[20]