অতুলানন্দ গোস্বামী |
---|
 | জন্ম |
১৯৩৫ চন অসম |
---|
মৃত্যু |
২৭ জুলাই ২০২২ গুৱাহাটী, অসম |
---|
পেচা |
সাহিত্যিক, গল্পকাৰ |
---|
ভাষা |
অসমীয়া |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
নাগৰিকত্ব |
ভাৰতীয় |
---|
উল্লেখনীয় কৰ্মৰাজি |
চেনেহ জৰীৰ গাঁথি |
---|
উল্লেখযোগ্য বঁটা |
সাহিত্য অকাডেমি বঁটা, ২০০৬[1] |
অতুলানন্দ গোস্বামী (ইংৰাজী: Atulananda Goswami) (জন্ম: ১৯৩৫; মৃত্যু: ২৭ জুলাই, ২০২২) অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক। 'চেনেহ জৰীৰ গাঁথি' শীৰ্ষক গল্প-সংকলনখনৰ বাবে ২০০৬ বৰ্ষত তেওঁক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। তেখেতে ৰচনা কৰা 'নামঘৰীয়া' নামৰ এখন উপন্যাস গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিক ৰূপে প্ৰচাৰ কৰিছিল।[2] অনুবাদক হিচাপে প্ৰধানকৈ অসমীয়া ভাষাৰ পৰা ইংৰাজী, বঙালী, ওড়িয়া আৰু সেই ভাষাসমূহৰ পৰা অসমীয়ালৈ ভাঙনি কৰিছিল। ইয়াৰ উপৰিও তেখেত কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদকৰ পদত অধিষ্ঠিত আছিল।[2]
সাহিত্যিক অৱদান
- হামদৈ পুলৰ জোন (১৯৬৬)
- গল্প (১৯৬৭)
- চেনেহ জৰীৰ গাঁথি (২০০৫)
- ৰাজপাট (১৯৭৬)
- পলাতক (১৯৮৩)
- আশ্ৰয় (১৯৯৩)
- নামঘৰীয়া (১৯৮৯)
- নিগ্ৰো কাপল ইন ছাৰ্চ অৱ শিৱ (১৯৯৪, ইংৰাজী গল্প-সংকলন)
অনূদিত গ্ৰন্থ
- গুডবাই মিঃ ছিপছ (মূল: জেমছ হিল্ম)
- পিতা-পুত্ৰ (মূল: টি. এছ. পিল্লাই)
- শ্বেতপদ্মা আৰু বনহংসী (মূল: প্ৰাণবন্ধু কৰ আৰু মনোজ কুমাৰ)
- একৈছটা বঙালী গল্প
- বংকিমচন্দ্ৰৰ নিৰ্বাচিত প্ৰবন্ধ
সম্পাদিত গ্ৰন্থ
বঁটা আৰু সন্মান
‘নামঘৰীয়া’ উপন্যাসখনৰ বাবে অসম সাহিত্য সভাৰ ‘অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা’ আৰু ‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’ লাভ কৰে। ‘বলিয়া হাতী’ নামৰ গল্পৰ বাবে তেখেতে ১৯৯২ চনত ‘কথা’ বঁটা লাভ কৰে।[3] 'চেনেহ জৰীৰ গাঁথি' ৰ বাবে ২০০৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতক ২০১৩ চনৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হয়।[4]
তেখেতৰ নামঘৰীয়া নামৰ উপন্যাসখন ’নেচনেল বুক ট্ৰাষ্ট’ৰ উদ্যোগত ১২টাতকৈ অধিক ভাষালৈ অনূদিত হৈছে৷ ইয়াৰে নেপালী ভাষাত অনূদিত কিতাপখনে সাহিত্য একাডেমীৰ অনুবাদ বঁটা লাভ কৰে৷[5]
দেহাৱসান
২০২২ চনৰ ২৭ জুলাই তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অতুলানন্দ গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ।[6]
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|
|
---|
| ১৯৯০-২০০০ | | |
---|
| ২০০১-২০১০ | |
---|
| ২০১১-বৰ্তমানলৈ | |
---|
|
|