বীৰেন্দ্ৰনাথ দত্ত
বীৰেন্দ্ৰনাথ দত্ত (ইংৰাজী: Birendranath Datta; ৪ নৱেম্বৰ ১৯৩৫ - ২৩ অক্টোবৰ ২০২৩) অসমৰ এজন শিক্ষাবিদ, লেখক, লোক কলাৰ গৱেষক আৰু সংগীত শিল্পী আছিল।[2] তেওঁ অসমৰ কেইবাখনো মহাবিদ্যালয়ত অধ্যাপকৰূপে কাম কৰিছিল।[3][4] ২০০৯ চনত, তেওঁক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল[5] আৰু ২০১০ চনত তেওঁক জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। বীৰেন্দ্ৰনাথ দত্তই অসম সাহিত্য সভাৰ ২০০৩ চনৰ উত্তৰ লখিমপুৰ আৰু ২০০৪ চনৰ হোজাই অধিৱেশনৰ সভাপতিত্ব কৰিছিল।[6] জন্ম১৯৩৫ চনৰ চাৰি নৱেম্বৰ তাৰিখে নগাঁৱত বীৰেন্দ্ৰনাথ দত্তৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল কল্পনাথ দত্ত আৰু মাকৰ নাম আছিল মন্দাকিনী দত্ত। দেউতাক এজন বিদ্যালয়ৰ শিক্ষক আছিল আৰু চাকৰিসূত্ৰে নগাঁৱত বাস কৰিছিল। তেওঁলোকৰ প্ৰকৃত ঘৰ আছিল বাইহাটা চাৰিআলিৰ ওচৰৰ পানাৰা গাঁৱত।[7] শিক্ষাগুৱাহাটীৰ চেনিকুঠী প্ৰাথমিক বিদ্যালয়ত তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰিছিল । পঞ্চম স্থান লাভ কৰি গোৱালপাৰাৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।আই.এছ.চি পৰীক্ষাতো প্ৰথম দহোটা স্থানৰ মাজত নিজৰ স্থান ৰাখিবলৈ সক্ষম হৈছিল। শান্তিনিকেতনৰ বিশ্বভাৰতীৰ পৰা তেওঁ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[3] তেওঁ 'গোৱালপাৰা জিলাৰ লোক সংস্কৃতি' (A Study of the folk culture of the Goalpara District of Assam.) বিষয়ত গৱেষণা কৰি পি.এইচ.ডি ডিগ্ৰী লাভ কৰিছিল।[8] তেখেতৰ গৱেষণা গুৰু আছিল প্ৰফুল্লদত্ত গোস্বামী৷ সংগীত শিক্ষাঘৰত সংগীতৰ পৰিৱেশ পোৱা নাছিল যদিও সৰুৰেপৰা সংগীতৰ প্ৰতি এক তীব্ৰ আকৰ্ষণ আছিল। চেনিকুঠী প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ত, প্ৰায় ১৯৪০ চন মানতে সহপাঠী সত্যেন তালুকদাৰৰ সৈতে এটি দ্বৈত সংগীত গাবলৈ বুলি প্ৰথমবাৰৰ বাবে মঞ্চত উঠে। গীতটি আছিল; ‘কিনো মায়াৰে জাল পাতিলা গোপাল এৰাইতে নোৱাৰি ফন্দি।’ ১৯৪৩ চনত গোৱালপাৰাৰ পৃথ্বিৰাম চৰকাৰী হাইস্কুলত পঢ়ি থকা সময়ত ৰেডিঅ’ৰ অনুষ্ঠান শুনাবলৈ দেউতাকে ওচৰ-চুবুৰীয়াৰ ঘৰলৈ লৈ গৈছিল। ৰেডিঅ’ত পংকজ মল্লিকৰ ‘ভজন শিক্ষা’ শুনাৰ মাজতে এদিন মৃগেন ৰয়চৌধুৰীৰ অসমীয়া গীত এটি শুনি গীত শিকিবলৈ মন কৰে আৰু সেই সময়ৰ জনপ্ৰিয় গায়ক ৰামেশ্বৰ দাসৰপৰা কেইটিমান গীত শিকে। নৱম শ্ৰেণীত পঢ়ি থাকোঁতে কটন কলেজত পঢ়ি থকা ককায়েকক দেখা কৰিবলৈ হোষ্টেললৈ আহি থাকোঁতে ককায়েকৰ বন্ধুবৰ্গৰ অনুৰোধত গীত গাব লগাত পৰিছিল। এদিন চতুৰ্থ বাৰ্ষিকৰ ছাত্ৰ মহাদেৱ দাসে দত্তৰ গীত শুনে আৰু তেওঁক ৰেডিঅ’ত গীত গোৱাৰ ব্যৱস্থা কৰি দিয়ে। দাসে নিজেও ৰেডিঅ’ত গীত গাইছিল। ১৯৪৮ চনৰ ২৭ নৱেম্বৰ তাৰিখে নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে বীৰেন্দ্ৰনাথ দত্তই অঁনাতাৰ শিল্পীৰ মৰ্যাদা লাভ কৰে। [9] ১৯৫০ চনত মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান লাভ কৰি কটন কলেজত ভৰ্তি হয় আৰু গীতিকাৰ তফজ্জুল আলী তথা গায়ক জ্যোতিৰ্ময় কাকতিৰ সৈতে লগ-লাগি সংগীত যাত্ৰা অব্যাহত ৰাখে। তেওঁলোক তিনিওজন ত্ৰিমূৰ্তি নামেৰে জনপ্ৰিয় আছিল। কটন কলেজৰপৰা আই এছ চি পৰীক্ষাত সপ্তম স্থান লভি বিশ্বভাৰতীত অৰ্থনীতি বিষয়ত পঢ়া-শুনা কৰি থাকোঁতে তাতে ৰবীন্দ্ৰ সংগীত শিকে। ১৯৫৪ চনত স্নাতক শিক্ষা সমাপ্ত কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে আৰু পুনৰ তফজ্জুল আলীক লগ পায়। এইবাৰ আলীয়ে তেওঁক গীত লিখিবলৈ উৎসাহিত কৰে। এইদৰে দত্তই গীতিকাৰ পৰিচিতি লাভ কৰে আৰু এদিন নৱকান্ত বৰুৱাৰ সান্নিধ্য লাভ কৰে। [9] কৰ্মজীৱন![]() গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছৰে পৰা দত্তৰ কৰ্মজীৱন আৰম্ভ হৈছিল। ১৯৫৭ চনত বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰূপে চাকৰি আৰম্ভ কৰি পিছত এই মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। বি বৰুৱাত অধ্যাপনা কৰি থকা সময়তে ১৯৬৪ চনৰপৰা ১৯৬৬ চনলৈ গৌৰীপুৰত প্ৰতিষ্ঠা কৰা প্ৰমথেশ বৰুৱা কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত গোৱালপাৰা কলেজ আৰু পাণ্ডু কলেজৰো অধ্যক্ষৰ পদ অলংকৃত কৰিছিল।[10] ১৯৭৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগত যোগদান কৰে। তেওঁৰ দিনতে এই বিভাগত এম.ফিল পাঠ্যক্ৰমৰ সূচনা হয়। কিছুদিন কলাগুৰু ৰূপে কাৰ্যভাৰ পালনৰ পিছত তেওঁ ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণত সেই বিশ্ববিদ্যালয়ৰ পৰম্পৰাগত সংস্কৃতি আৰু কলা-ৰীতি বিভাগৰ গুৰুদায়িত্ব লয়[10] আৰু ১৯৯৫ চনত তেজপুৰ বিশ্ববিদ্যালয়ত ফ’ৰ্ড ফাউণ্ডেচনৰ অৰ্থ সাহায্যত নৰ্থ-ইষ্টাৰ্ন আৰ্কাইভেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল আৰ্ট এণ্ড ফৌকল’ৰ (NEACTAF) প্ৰতিষ্ঠা কৰে। সাহিত্যিক কৰ্মাৱলীদত্তৰ প্ৰথমখন প্ৰবন্ধৰ কিতাপখন আছিল সংগীতৰ বিষয়ে। তেওঁৰ ‘অসমীয়া সংগীতৰ ঐতিহ্য’ নামৰ কিতাপখন অসম সাহিত্য সভাই ১৯৭৭ চনত প্ৰকাশ কৰে। বীৰেন্দ্ৰনাথ দত্তই সংস্কৃতি আৰু পৰিৱেশ্য কলাৰ সম্পৰ্কে বহু কেইখন গ্ৰন্থ অনুবাদ কৰিছে। তদুপৰি বঙালী ভাষাৰ শিশুৰ ছড়া বা দ্ৰুত ছন্দৰ কবিতাৰ দৰে কবিতা অসমীয়া ভাষাত ৰচনা কৰিছে[11]। তেওঁৰ আন এখন উল্লেখযোগ্য কিতাপ হৈছে ‘Folkloric Foragings’। ইয়াৰ উপৰিও ‘গোৱালপৰীয়া লোকগীত সংগ্ৰহ’, ‘ব্যক্তি সংস্কৃতি ইত্যাদি’(১৯৮৫), ‘ভাষা সাহিত্যৰ জলঙাইদি’ আদি প্ৰায় ২৩ খনৰো অধিক গ্ৰন্থ তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত ৰচনা আৰু সম্পাদনা কৰিছে।[10] অসম প্ৰকাশন পৰিষদে ২০১২ চনৰ মে’ মাহত বীৰেন্দ্ৰনাথ দত্ত ৰচিত নিৰ্বাচিত ৰচনা নামৰ কিতাপখন প্ৰকাশ কৰি উলিয়াইছে। তেখেতৰ গৱেষণা গ্ৰন্থখন গুৱাহাটী বিশ্ববিদ্যালয়ে A Study of the folk culture of the Goalpara Region শীৰ্ষকেৰে প্ৰকাশ কৰিছে৷ 'Cultural Contours of Northeast India' নামৰ এখন গ্ৰন্থ অক্সফৰ্ড ইউনিভাৰছিটি প্ৰেছে প্ৰকাশ কৰিছিল[4]। দত্তই ‘শংকৰ মাধৱৰ মণীষা আৰু অসমৰ সাংস্কৃতিক উত্তৰাধিকাৰ’ গ্ৰন্থৰ বাবে দ্বাদশ(১২শ) জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা লাভ কৰিছিল[12]। তেখেতৰ অন্যান্য গ্ৰন্থসমূহ হ’ল-[13] লোক-সংস্কৃতি বিষয়ক
সাহিত্য সংস্কৃতি বিষয়ক
অনুবাদমূলক গ্ৰন্থ
শিশু গ্ৰন্থ
তদুপৰি তেওঁ বিশ্বকোষৰ প্ৰথম খণ্ডৰ আৰু পঞ্চম খণ্ডৰ লোক সাহিত্যৰ মুখ্য সম্পাদক, শিশু জ্ঞানকোষ পঞ্চম খণ্ডৰ সম্পাদক আছিল৷ Assam Academy Reviewৰ কেইবাটাও খণ্ডৰ সম্পাদনা, Gauhati University journal of Arts, আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি প্ৰতিষ্ঠানৰ গৱেষণা আলোচনী ‘আনন্দম’ৰ তিনিটা সংখ্যাৰ সম্পাদনাৰ দায়িত্ব পালন কৰিছিল৷ তেওঁ প্ৰফুল্লদত্ত গোস্বামী ৰচনাৱলীখনো (২০১২) সম্পাদনা কৰিছিল৷ গীতিকাৰ আৰু সুৰকাৰ ৰূপে অসমৰ সংগীত জগতত তেওঁ বিশেষ খ্যাতি লাভ কৰিছিল। উল্লেখযোগ্য গীত
মৃত্যু২০২৩ চনৰ ২৩ অক্টোবৰত দীৰ্ঘদিনীয়া ৰোগত ভুগি দিছপুৰ হস্পিটেলত দত্তৰ দেহাৱসান ঘটে।[1] সন্মান আৰু পুৰস্কাৰ
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia