কনকসেন ডেকা
কনকসেন ডেকা (ইংৰাজী: Kanaksen Deka) অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ, চিন্তাবিদ আৰু সাংবাদিক। তেখেত অসম সাহিত্য সভাৰ ছিপাঝাৰ, চাপৰ অধিবেশন, বেলশৰ আৰু দক্ষিণপাট বিশেষ বাৰ্ষিক অধিবেশনৰ সভাপতি আছিল।[1] সামাজিক-সাংস্কৃতিক সংগঠন 'অসম ষ্টাৰ'-এ কনকসেন ডেকালৈ ২০২১ বৰ্ষত সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা ঘোষণা কৰে ৷[2] জন্মকামৰূপ জিলাৰ বেলশৰ গাঁৱৰ এক মধ্যবিত্ত পৰিয়ালত ১৯৩৩ চনৰ ১৬ জুলাইত কনকসেন ডেকাৰ জন্ম হয়।[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁৰ পিতৃৰ নাম গৌৰীসেন ডেকা আৰু মাতৃৰ নাম তাৰাসেন ডেকা।[3] শিক্ষাকনকসেন ডেকাই প্ৰাথমিক শিক্ষা বেলশৰ ১নং প্ৰাথমিক বিদ্যালয়ত গ্ৰহণ কৰে। ১৯৫৩ চনত বেলশৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হয় আৰু ১৯৫৫ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা আই এ পাছ কৰে। ১৯৫৭ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৫৮-৫৯ চনত এলাহাবাদ বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰিছিল যদিও অসমাপ্ত হৈ ৰয়। পাছত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3] কৰ্ম জীৱনকনকসেন ডেকা দেৱে, ককয়া, ছয়গাঁও, আজাৰা, সোণাপুৰ আদিৰ বহুকেইখন উচ্চ মাধ্যমিক বিদ্যালয়ত কিছুদিনৰ বাবে শিক্ষকতা কৰিছিল। ১৯৬৩ চনত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপেও কাম কৰিছিল যদিও তেওঁ ১৯৭৩ চনত শিক্ষকতাৰ চাকৰি ইস্তাফা দি ১৯৭১ চনৰ ৩১ জানুৱাৰীৰ পৰা প্ৰকাশ আৰম্ভ কৰা পষেকীয়া অগ্ৰদূত কাকত খনক আগুৱাই লৈ যোৱাত বিশেষ ভাবে চেষ্টা কৰিছিল। অত্যন্ত পৰিশ্ৰমৰ দ্বাৰা তেওঁ অগ্ৰদূত কাকত খনক ১৯৭৩ চনত সাপ্তাহিক আৰু ১৯৭৫ চনত তিনিদিনীয়া ৰূপত ৰাইজৰ হাতত তুলি দিবলৈ সমৰ্থ হৈছিল। এনেকৈ অগ্ৰদূত কাকত খনক প্ৰতিষ্ঠা কৰি ১৯৯০ চনত আধুনালুপ্ত দ্য একশ্যন নামৰ ইংৰাজী সাপ্তাহিক কাকতখন প্ৰকাশ কৰি কাকত খনৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পাছত ১৯৯৫ চনৰ ৬ অক্টোবৰৰ পৰা দৈনিক অগ্ৰদূতৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰে। কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো তেওঁ সময় উলিয়াই বহুকেইখন গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে। নতুন পুৰুষে যুক্তিৰ আধাৰত নতুন সমাজ গঢ়ক নামৰ গ্ৰন্থখনৰ ১৭টা সংস্কৰণ প্ৰকাশ হোৱাৰ নিচিনা ঘটনা অসমীয়া গ্ৰন্থৰ জগতত বিৰল হিচাপে পৰিগণিত হৈছে।[3] সাহিত্য কৰ্ম
প্ৰাপ্ত বঁটাসমূহ
কনকসেন ডেকা দেৱে ২০০৫ চনত ভাৰত চৰকাৰে আগবঢ়োৱা পদ্মশ্ৰী বঁটা প্ৰত্যাখ্যান কৰিছিল।[3] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia